Logo
Logo
image

লাডাখ আৰু ভাৰত-চীন বিবাদ

২০২০ চনৰ ২৯ আৰু ৩০ আগষ্টৰ ৰাতি ভাৰতীয়সৈন্যই পেংগংশ্ব’ হ্ৰদৰ দক্ষিণত অৱস্থিত ৰেকিন, হেলমেট আৰু ব্লেকটপ নামৰ পাহাৰ অধিকাৰ কৰাৰ পাছত, চীনা সৈন্য কিংকতৃৰ্ব্যবিমূঢ় অৱস্থাত পৰিছে, কাৰণ এই ওখ পাহাৰবোৰৰ পৰা মলডোত থকা চীনা সৈন্যৰ ঘাটীসমূহ সুন্দৰকৈ দেখা পোৱা যায়৷ ইয়াৰ ফলত ভাৰতৰ দ্বাৰা নিৰ্মীয়মাণ চুচুল ডেমচ’ক পথৰ চীনা পৰ্য্যবেক্ষণকাৰী ঘাটীসমূহ নিষ্ফল হ’ব৷ এই ঘটনাটোৱে চীনা সৈন্য আৰু গ্লোবেল টাইমছ নামৰ চীনা সংবাদ প্ৰতিষ্ঠানটোৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছে৷ 

ভাৰতৰ এই প্ৰত্যাক্ৰমণে চীনদেশৰ ‘১০ খোজ আগত দি, ২ খোজ পিছলৈ’ নীতি প্ৰায় অৰ্থহীন কৰি পেলাইছে৷ চীনৰ আগ্ৰাসী ৰণকৌশলৰ ই মূলমন্ত্ৰ আছিল৷ ইয়াৰ দ্বাৰা চীনদেশৰ ভয়-ভীতি দেখুৱাই ভূমি অধিকাৰ কৰাৰ মনোভাবতো প্ৰভাব পেলাইছে৷  পিপলছ্‌ লিবাৰেশ্বন আৰ্মীৰ ডাবি ধমকিয়ে, এতিয়া আৰু আগৰ দৰে ভাৰতীয় সৈন্যক হতাশ কৰিব নোৱাৰে৷ লাডাখত ভাৰতে সৈন্য সমাবেশ ঘটোৱাৰ পাছত, চীনা সৈন্যই এতিয়া ৰেকিন, হেলমেট, আৰু ব্লেকটপ পাহাৰ পুনৰ উদ্ধাৰৰ বাবে সাহস যুগুতাব পৰা নাই৷ গ্লোবেল টাইমছৰ হুঙ্কাৰ অকল চীনা জনসাধাৰণৰ বাবেহে বুলি প্ৰমাণিত হৈছে৷

গুণগত দিশৰ পৰাও চীনা সৈনিকসকল ভাৰতীয় সৈনিকৰ সমকক্ষ নহয়৷ ভাৰতীয় সেনাৰ যুদ্ধ কৌশল সাহসিকতাৰ লগত চীনা সৈন্যৰ তুলনা নহয়৷ কাৰণ ভাৰতীয় সেনা ১৯৪৭ চনৰ পৰা প্ৰায় ছখন যুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট৷ কিন্তু ভাৰতীয় সেনাৰ দুৰ্বলতা হ’ল, অত্যাধুনিক সমৰাস্ত্ৰ৷ কিন্তু এই দুৰ্বলতাক তেওঁলোকৰ গুণগত মানৰ দ্বাৰা অনায়াসে নস্যাৎ কৰিব পাৰি৷ চীনা সৈন্যসকলৰ মূল দুৰ্বলতা হ’ল যুদ্ধক্ষেত্ৰত প্ৰয়োজন হোৱা সাহস আৰু মানসিকতা৷

১৯৯৩ আৰু ১৯৯৬ চনত চীনদেশৰ সৈতে হোৱা চুক্তিৰ দ্বাৰা দুয়োখন দেশ এই সহমতত উপস্থিত হৈছিল যে, সাধাৰণ সীমা বিবাদত, কোনোপক্ষই প্ৰথমে বন্দুক, বাৰুদ বা সমৰাস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব৷ গালোৱান উপত্যকাত এই বছৰৰে ১৫ আৰু ১৬ জুনত হোৱা ঘটনাৱলী ইয়াৰ চাক্ষুষ প্ৰমাণ৷ ভাৰতৰ ২০ জন সৈনিক নিহত হোৱাৰ বিপৰীতে চীনদেশে ১০৬ জন সৈনিকক হেৰুৱাইছিল৷ ইমান বেছিসংখ্যক সৈন্য নিহত হোৱাৰ পাছতো চীনদেশ কিয় নিমাত হৈ আছে, সেইটোও এটা সামৰিক বিশ্লেষণৰ বিষয়৷

সমৃদ্ধি বা স্বাচ্ছন্দ্য, আড়ম্বৰপূৰ্ণ জীৱন, আৰু চহৰীয়া জীৱনশৈলীয়ে প্ৰকৃততে এজন দুৰ্বৰ্ল সৈনিকৰহে জন্ম দিয়ে৷ ইজৰাইলৰ কিম্বদন্তী সেনাপতি আৰু যোদ্ধা মশ্বে ডায়ানে ১৯৬৭ চনত আমেৰিকাৰ লগত হোৱা ভিয়েটনামৰ যুদ্ধখনৰ আলেখলেখ চাবলৈ আহোঁতে কৈছিল যে, আমেৰিকান সৈন্যসকলৰ হাতত তেওঁলোকৰ সপোনৰ অস্ত্ৰ-শস্ত্ৰৰ সকলো আছে, কিন্তু নাই যুদ্ধত অৱতীৰ্ণ হোৱাৰ সাহসিকতা আৰু মনোভাৱ৷ যুদ্ধত আমেৰিকাৰ আসন্ন পৰাজয়ৰ কথা ১৯৬৭ চনতে মশ্বে ডায়ানে কৈছিল৷ আমেৰিকাৰ সৈন্যবল যন্ত্ৰচালিত বাহন বা হেলিকপ্তাৰযোগে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ভিয়েটকংসকলে বহু কষ্টেৰে জীৱন কটাই যুঁজ দিছিল৷ অত্যাধুনিক সা-সুবিধা আৰু লাহবিলাসী জীৱন কটোৱা আমেৰিকান যোদ্ধাসকল প্ৰকৃততে ভয়াতুৰ আৰু দুৰ্বল সৈনিক আছিল৷ ইয়েই ভিয়েটকং যোদ্ধাসকলৰ সফলতাৰ মূল কাৰণ বুলি ক’ব পাৰি৷

১৯৭০ চনত চীনদেশত প্ৰবৰ্ত্তন হোৱা ‘মাত্ৰ এটা সন্তান’ নীতিৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ চীনা সৈনিকসকল প্ৰকৃতাৰ্থত পৰিয়ালৰ আলাসৰ লাড়ু৷ আলফুলকৈ লালন-পালন হোৱা এইসকল সেনাৰ মাজত যুদ্ধৰ বাবে প্ৰয়োজনীয় মানসিকতাৰ অভাৱ৷ এই কথা চীনদেশৰ পিপলছ লিবাৰেশ্বন আৰ্মী আৰু চীনা ৰাষ্ট্ৰ প্ৰধান শ্বি জিনপিঙে ভালদৰে জানে৷ 

চীনদেশৰ অধিকাংশই সেনাবাহিনীত বাধ্যতামূলক সেৱাৰ বাবে কৰ্মৰত৷ বাধ্যতামূলক সেৱাৰ অন্তত তেওঁলোকে সুখ আৰু স্বাচ্ছন্দ্যৰ জীৱন কটায়৷ গতিকে, সৰহসংখ্যক চীনা সৈন্যৰ যুদ্ধংদেহী মনোভাৱৰ অভাৱ৷ তাৰ তুলনাত ভাৰতীয় সেনাই স্বইচ্ছাই সেনাত যোগদান কৰি বৰফাবৃত পাহাৰৰ মাজত, বা উত্তৰ-পূবৰ  দুৰ্গম  ঘন হাবি-জংঘলৰ মাজত থাকি এক বিশেষ মানসিকতাৰ গঢ় দিয়ে, যিটো চীনা সৈনিকসকলৰ মাজত বিৰল৷

গতিকে, চীনা সৈন্যৰ হাতত এতিয়া দুটা  বিকল্প আছে৷ প্ৰথমটো ভাৰতৰ লগত কূটনৈতিক পৰ্য্যায়ত আলোচনা-বিলোচনা কৰি সসন্মানেৰে ২২ এপ্ৰিল ২০২০ৰ অৱস্থানলৈ ঘূৰি যোৱা আৰু দ্বিতীয়টো, দীৰ্ঘদূৰত্বভেদি ক্ষেপনাস্ত্ৰ প্ৰয়োগেৰে পেংগংশ্ব’ হ্ৰদৰ দক্ষিণত ভাৰতীয় সেনাৰ দ্বাৰা অধিকৃত পাহাৰসমূহত আক্ৰমণ কৰি জয় সাব্যস্ত কৰা৷ এনে পৰিস্থিতিত চীনদেশে বন্ধু ৰাষ্ট্ৰ পাকিস্তানক ভাৰতৰ পশ্চিম সীমান্তত আক্ৰমণ কৰি, আন এখন যুদ্ধক্ষেত্ৰ সৃষ্টি কৰাৰ বাবে, হয়তো অনুৰোধ কৰিব৷ কিন্তু প্ৰশ্ন হয়, ১৯৬৫ বা ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত চীনদেশে পাকিস্তানক সহায় কৰিছিলনে? পাকিস্তানে ভাৰত আক্ৰমণ কৰিলেও ভাৰতে তাৰ প্ৰতুৎত্তৰ দিবলৈ সক্ষম৷ কিন্তু, পাকিস্তানৰ মূল লক্ষ্য কাশ্মীৰ উপত্যকা অধিকাৰ কৰাটো, একপ্ৰকাৰ অসম্ভৱ৷ এনে পৰিস্থিতিত, ভাৰতে পেংগংশ্ব’ হ্ৰদৰ উত্তৰে থকা চাৰিওটা পাহাৰত [ফিঙ্গাৰ ৪১ পৰা ফিঙ্গাৰ ৮ লৈকে] আক্ৰমণ কৰাৰ সুযোগ দিব আৰু সেই অঞ্চলত ভাৰত আৰু চীনদেশৰ মাজত যন্ত্ৰচালিত বাহনত যোৱা পদাদিক সৈন্যবল আৰু বৰ্মাবৃত বাহনত যোৱা সৈন্যবলৰ মাজত সংঘৰ্ষ হোৱাৰ সম্ভাৱনা বেছি৷ বৰ্মাবৃত বাহনত যোৱা পদাদিক সৈন্যৰ মুখামুখি যুদ্ধত ভাৰতৰ সেনাবাহিনী যথেষ্ট অভিজ্ঞ৷ ভাৰতৰ দৰে চীনদেশৰ, তেনে কোনো অভিজ্ঞতা থকা বুলি জনা নাযায়৷ কাৰণ আজি পৰ্য্যন্ত, তেওঁলোক এনে কোনো যুদ্ধত অৱতীৰ্ণ হোৱাৰ উদাহৰণ নাই৷

এনে পৰিস্থিতিত ভাৰতে তিব্বত আৰু টুৰ্কমেনিস্তানত [চীনদেশৰ জিনজিয়াঙ প্ৰদেশ] স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দি আৰু টাইৱানৰ লগত বহু প্ৰত্যাশিত কূটনৈতিক সম্পৰ্ক স্থাপন কৰি, চীনদেশৰ ‘এক চীনদেশ’ ঘোষণাক কুঠাৰাঘাত কৰাৰো সুযোগ পাব৷

এতিয়া প্ৰশ্ন হৈছে, চীনদেশ এখন দীঘলীয়া যুদ্ধত অৱতীৰ্ণ হ’বৰ বাবে সাজুনে? চীনৰ অৰ্থনীতি, যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ আৰু সা-সৰঞ্জাম উৎপাদন ক্ষমতাৰ ওপৰত সন্দেহৰ কোনো অৱকাশ নাই৷ মাত্ৰ ৫৫-৬০ দিনৰ পে’ট্ৰলজাত সামগ্ৰীৰ ভাণ্ডাৰেৰে এনে এখন যুদ্ধ দীৰ্ঘদিনৰ বাবে সম্ভৱ হ’বনে? যুদ্ধৰ বাবে প্ৰয়োজন হোৱা পে’ট্ৰলজাত সামগ্ৰী সুদূৰ মধ্যপ্ৰাচ্যৰ পৰা ভাৰত মহাসাগৰ, শ্ৰীলঙ্কা আৰু  মালাক্‌কা প্ৰণালীৰ মাজেদি চীনদেশৰ হাইকু বন্দৰলৈ অহৰহ যোগান সম্ভৱ হ’বনে? পাকিস্তানৰ গোৱাদাৰবন্দৰটো এতিয়াও কাৰ্য্যক্ষম হৈ উঠা নাই৷ গতিকে এনে পৰিস্থিতিত, ভাৰতে যদি ভাৰত মহাসাগৰত চীনদেশৰ পে’ট্ৰলজাত সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত বাধা বা প্ৰতিৰোধ আৰোপ কৰে, তেনেহ’লে চীনদেশে যুদ্ধ দীঘলীয়া কৰাৰ পৰা বিৰত থাকিব লাগিব৷

এতিয়া ভাৰতে, চীনদেশৰ খাৰুৱা তেলৰ আমদানি কৰা জাহাজবোৰৰ চাল-চলনত বাধা আৰোপ কৰিবৰ কাৰণে এক শক্তিশালী নৌসেনা গঢ়ি তুলিব লাগিব৷ ইয়াৰ বাবে পৰমাণুশক্তিচালিত যথেষ্ট সংখ্যক ছাবমেৰিণৰ প্ৰয়োজন হ’ব৷ এই ছাবমেৰিণবোৰৰ দ্বাৰা ভাৰতে শ্ৰীলঙ্কাৰ হেমবেনতলা বন্দৰ, এডেন উপসাগৰৰ ডিজৌতি বন্দৰ আৰু পাকিস্তানৰ গোৱাদাৰ বন্দৰৰ ওপৰত অহৰ্নিশে দৃষ্টি নিক্ষেপ কৰিব লাগিব৷ গতিকে, ভাৰত মহাসাগৰ আৰু দক্ষিণ চীন সাগৰত চীনদেশৰ সকলো কাৰ্য্যকলাপত চোকা দৃষ্টি দিবৰ বাবে, এক শক্তিশালী নৌসেনা গঢ়ি চীনদেশৰ সমকক্ষ নহ’লেও এক মহাশক্তিৰূপে নিজৰ পৰিচয় দাঙি ধৰিব লাগিব৷

আজি কিছুদিনৰ আগতে ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই, চীনক ভাৰত মহাসাগৰ আৰু দক্ষিণ চীন সাগৰ অঞ্চলত বাধা দিবৰ বাবে ‘কোৱাদ’ নামৰ সংগঠনৰ জন্ম দিছে৷ কিন্তু এইসময়ত, ভাৰতে অধিক যুদ্ধবিমান কঢ়িওৱা ৰণতৰীৰ বাবে চেষ্টা নকৰি অধিক পৰমাণুশক্তিচালিত ছাবমেৰিণ ক্ৰয় বা আহৰণ কৰাত গুৰুত্ব দিব লাগে৷

চীনদেশক বাধা দিয়াৰ বাবে ভাৰতৰ স্থলসেনা আৰু বায়ুসেনা সংখ্যাৰে নহ’লেও গুণগত দিশৰ পৰা  যথেষ্ট শক্তিশালী আৰু এইক্ষেত্ৰত ভাৰত চীনদেশতকৈ আগবঢ়া৷ গতিকে, ওপৰৰ সম্যক বিশ্লেষণৰ দ্বাৰা শেষত এই সিদ্ধান্তলৈ আহিব পাৰি যে, চীনদেশে সসন্মানেৰে ২২ এপ্ৰিল, ২০২০ৰ অৱস্থানলৈ ঘূৰি যোৱাই সমীচীন হ’ব৷ এনে পৰিস্থিতিত, চীনদেশে লাডাখৰ পৰা বিশ্ববাসীৰ দৃষ্টি আঁতৰাবৰ বাবে হয়তো ভাৰতৰ উত্তৰ পূবৰ অৰুণাচল প্ৰদেশ বা ছিকিমত আক্ৰমণ কৰাৰো অৱকাশ আছে৷ কিন্তু এই আক্ৰমণ উদ্দেশ্যবিহীন, প্ৰতিশোধমূলক আৰু সাময়িকহে হোৱাৰ সম্ভাৱনা বেছি৷

[লেখক ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত ৱিঙ কামাণ্ডাৰ]

ফোনঃ ৯৯৫৪২৫৯৩৫৭