ব্যতিক্ৰমী ৰাজকন্যা প্ৰতিমা বৰুৱা
গৌৰীপুৰীয়া ৰাজকন্যা প্ৰতিমা বৰুৱাই কলিকতাৰ ১৪ নম্বৰ বালিগঞ্জ চাৰ্কুলাৰ ৰোডত ১৯৩৪ চনৰ ১৩ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল৷ পিতৃ লালজী ওৰফে প্ৰকৃতিশ চন্দ্ৰ বৰুৱা আৰু মাতৃ মালতীলতা বৰুৱাৰ তিনিগৰাকী কন্যা ক্ৰমে প্ৰতিমা, পূৰ্ণিমা আৰু প্ৰতিভাৰ ভিতৰত প্ৰতিমা আটাইকেইগৰাকীতকৈ ডাঙৰ আছিল৷ ১৯৬৯ চনত শ্ৰীগংগাশংকৰ পাণ্ডেৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ ১৯৫৫ চন৷ ভূপেনদাই ‘মাহুত বন্ধুৰে’ চলচ্ছিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈ প্ৰথমবাৰৰ বাবে গৌৰীপুৰলৈ আহে৷ ভূপেনদাক ৰাজবাৰীলৈ নিমন্ত্ৰণ জনালে প্ৰকৃতিশ চন্দ্ৰ বৰুৱাই এখন জলসাৰ আয়োজন কৰি৷ সেই জলসাত ভূপেনদাই কেইটামান গীত পৰিৱেশন কৰিলে৷ তাৰ পাছত পাল পৰিল প্ৰতিমা বৰুৱাৰ৷ প্ৰতিমা বৰুৱা তেতিয়া ২০ বছৰীয়া গাভৰু৷ ভূপেনদাৰ সন্মুখত গীত গাব লগা হোৱাত ভূপেনদাৰ ভাষাত ‘লাজতে ৰঙা-ছিঙা পৰি নখে মাটি লেখাৰ অৱস্থা৷’ পিতৃ লালজীয়ে প্ৰতিমাক নিজৰ গীত গাবলৈ কোৱাত লাজ লাজকৈ তিনিটি গীত ‘হস্তীৰ কন্যা হস্তীৰ কন্যা বামোনেৰো নাৰী’, ‘ও মোৰ ভাবেৰ দেওৰা’ আৰু ‘সোণাৰ বৰণ পাখী ৰে তোৰ’ পৰিৱেশন কৰিলে৷ প্ৰতিমা বৰুৱাই কণ্ঠ আৰু মাটিৰ সুৰৰ গীতেৰে ভূপেনদাৰ হৃদয় জয় কৰিলে৷ তাৰ পাছত ১৯৫৬ চনত ‘এৰাবাটৰ সুৰ’ বোলছবিৰ বাবে কলিকতাৰ এইচ এম ভিত প্ৰতিমা বৰুৱাৰ কণ্ঠৰে দুটি গীত ক্ৰমে ‘ডাং নৰি ডাং’ আৰু ‘ও বিৰিখ শিমিলাৰে’ বাণীবদ্ধ কৰোৱায়৷ কলিকতাৰ এইচ এম ভিতে পুনৰ প্ৰতিমা বৰুৱাৰ স’তে ভূপেনদাই দ্বৈতকণ্ঠত নিজৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ গোৱালপৰীয়া লোকগীতৰ ৰেকৰ্ড কৰে পৰৱৰ্তী সময়ত৷ গৌৰীপুৰীয়া ৰাজকন্যাক ভূপেনদাই এক নতুন চিনাকি ‘হস্তীৰ কন্যা’ নামেৰে অসম তথা পশ্চিমবংগৰ শ্ৰোতাৰ আগত পৰিচয় কৰাই দিলে আৰু লগে লগে গীতখিনি ‘গোৱালপৰীয়া লোকগীত’ হিচাপে প্ৰতিষ্ঠিত হ’ল৷ এই সম্পৰ্কত প্ৰতিমা বৰুৱাই নিজ মুখে ‘এই গীতগুলা গোৱালপৰীয়া লোকগীত বুলিয়া নামকৰণ কৰাৰ ক্ষেত্ৰত ভূপেনদাক অস্বীকাৰ কৰা যাবাৰ না হয়’ বুলি স্বীকাৰ কৰি থৈ গৈছে৷
২০০২ চন৷ জি এন আৰ চি হাস্পতালত জীৱনৰ শেষ মুহূৰ্তত প্ৰতিমা বাইদেউ অধীৰ আশাৰে অপেক্ষা কৰি ৰৈ আছিল ভূপেনদাক এবাৰ চাবলৈ৷ ২৬ ডিচেম্বৰৰ পুৱা ১১মান বজাত ভূপেনদাক মই লৈ গৈছিলোঁ জি এন আৰ চিলৈ প্ৰতিমা বৰুৱাক জীৱন যুঁজত সাহস দিবলৈ নিচেই কাষৰ পৰা৷ দুয়োৰে চাৰি চকুৰ যি মিলন ঘটিছিল, সেই মিলন আছিল যেন চিৰ-বিৰহ প্ৰতীক৷ তাৰ ঠিক এদিন পাছতেই ২৭ ডিচেম্বৰত বাইদেৱে ইহলীলা সম্বৰণ কৰিলে৷ ভূপেনদাই ড॰ বীৰেন্দ্ৰনাথ দত্তৰ স’তে একেলগে শেষ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰাতে ক্ষান্ত নাথাকি প্ৰতিমা বাইদেউৰ নশ্বৰদেহৰ লগত একেখন লৰীতে উঠি উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনলৈ যাত্ৰা কৰি নিজৰ প্ৰিয় শিল্পীগৰাকীক চিৰবিদায় দিলে৷ ভূপেনদাই কৈছিল– ‘তেওঁ কেৱল শিল্পী-গায়িকাই নহয়, প্ৰতিমা আছিল গোৱালপৰীয়া লোকগীতৰ গৱেষকো৷ ১৯৭০ চনৰ পৰাই প্ৰতিমাই বহু পৰীক্ষা-নিৰীক্ষাৰে এই বিশেষ ধাৰাটো জীপাল কৰিছে মূলত আঘাত নপৰাকৈ৷ প্ৰতিমাৰ মৃত্যু এক ডাঙৰ ক্ষতি৷ তেওঁ ৰজাৰ কন্যা হৈও সকলোধৰণৰ আনুষ্ঠানিকতা, আভিজাত্যৰ পোছাক দলিয়াই পেলাইছিল৷ সোমাই পৰিছিল গাঁৱে-ভূঞে মানুহৰ হৃদয়ত৷ এয়া একপ্ৰকাৰ বিপ্লৱ-আন্দোলন৷ ৰূপান্তৰৰ মাজেৰেই যুগান্তৰৰ শলিতা জ্বলাইছিল প্ৰতিমা বৰুৱা পাণ্ডেই৷’
মাটিয়াবাগৰ ৰাজকন্যা হৈও ৰাজমহল এৰি মাটিৰ জীৱন আঁকোৱালি লৈ সোঁতৰ বিপৰীতে এক ব্যতিক্ৰমী জীৱন পৰিক্ৰমা সামৰি প্ৰতিমা বাইদেউ গুচি গ’ল৷ এৰি থৈ গ’ল– ‘হস্তীৰ কন্যা’ হৈ মাহুতৰ স’তে একেলগে থাকি, খোৱা-বোৱা কৰি, গীত শিকি, এগৰাকী ৰাজকন্যাই নজীৰ সৃষ্টি কৰি ‘গোৱালপৰীয়া লোকগীত’ৰ এটি ঘৰাণা অসমবাসীলৈ– ‘দিনে দিনে খসিয়া পৰিবে/ৰংগিলা দালানেৰ মাটি/গোসাঁইজী কোন ৰংগে৷’


