Logo
Logo
image

কৰ’না আৰু ৰাজনীতিক

কৰ’নাৰ বিভীষিকা বৰ্তমানো মাৰ যোৱা নাই৷ বিশ্বৰ বিভিন্ন ঠাইত কৰ’নাৰ পুনৰ ভয়াৱহ ৰূপত আত্মপ্ৰকাশ ঘটিছে৷ ভাৰতৰো বহুকেইখন ৰাজ্যত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কৰ’নাৰ ভেকচিনক লৈ বৰ্তমানো কোনেও এশ শতাংশ নিশ্চিত হ’ব পৰা নাই৷ কিন্তু ইয়াৰ পাছতো কৰ’নাক লৈ যে ৰাজনীতিৰ অন্ত নাই৷ দল আৰু চৰকাৰৰ কামে-কাজে এইটো স্পষ্ট কৰি দিছে যে কৰ’নাৰ বিভীষিকাক লৈ যেন হেতালি খেলি থকা হৈছে সাধাৰণ ৰাইজৰ জীৱনক পণবন্দী কৰি৷ চকুৰ সন্মুখতে বিটিচি আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল৷ অথচ এই দুয়োটা নিৰ্বাচনত কৰ’নাৰ গাইডলাইন ৰাজনৈতিক দল আৰু চৰকাৰে নিজেই উলংঘা কৰিলে৷ বিটিআৰৰ নিৰ্বাচনত শাসকীয় দলৰ হৈ মূল দায়িত্বত আছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ আনহাতে, তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দায়িত্বত আছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকা৷ এই দুয়োজন লোকৰ ওপৰত ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ গুৰুদায়িত্ব থকাৰ পাছতো তেওঁলোক দুজনে ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে৷ ইয়াৰ পাছত  বিশাল নিৰ্বাচনী ৰেলীৰ আয়োজন কৰিলে, য’ত হাজাৰ হাজাৰ লোক উপস্থিত আছিল৷ নাই কোনো সামাজিক দূৰত্ব, নাই কাৰো মুখত মাস্ক৷ অথচ সেই সময়তো অসমত বলৱৎ আছিল ক’ভিডৰ এছ অ’ পি৷ এফালে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানে সদায় ৰাইজক কঠোৰভাৱে ক’ভিড প্ৰট’কল মানিবলৈ সকীয়াই দি আছে, ৰাজপথত আৰক্ষীয়ে মাস্ক নিপিন্ধা লোকক জৰিমনা বিহিছে আৰু আনফালে আৰক্ষী প্ৰশাসনৰ সন্মুখতে মন্ত্ৰীয়ে হাজাৰ হাজাৰ লোকক লগত লৈ ৰোড শ্ব’ কৰিছে, নিৰ্বাচনী ৰেলী পাতিছে৷ আনকি যিজন মুখ্য সচিবৰ স্বাক্ষৰত সাধাৰণ ৰাইজৰ বাবে ক’ভিড প্ৰট’কল বা এছ অ’ পিসমূহ কঠোৰ কৰা হয়, সেইজন মুখ্য সচিবৰ উপস্থিতিতে হাজাৰ হাজাৰ লোকক সন্মুখত লৈ বিটিচিত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ গ’ল৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰট’কল শূন্য হৈ পৰিল৷ মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক নেতা, আমোলা-বিষয়াই মুকলিভাৱে ক’ভিড প্ৰট’কল উলংঘা কৰা কাৰ্যই সাধাৰণ লোকৰ মনতো প্ৰভাৱ বিস্তাৰ কৰে৷ এক ভয়াৱহ ভুল বাৰ্তা সাধাৰণ মানুহৰ মাজত বিয়পি পৰে– ক’ভিডৰ ভয়াৱহতাৰ অগ্ৰাহ্য কৰাক লৈ৷ যাৰ ফলত দুটাকৈ নিৰ্বাচন শেষ হোৱাৰ পাছতে পুনৰ নীতি-নিৰ্দেশনা জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় অসমত৷ নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰ, ভোটদান আদিৰ সময়ত বান্ধি দিয়া ক’ভিড প্ৰট’কল ৰাজনৈতিক নেতা-মন্ত্ৰীসকলে উলংঘা কৰাৰ পাছতো প্ৰশাসন মৌন আৰু নীৰৱ হৈ থাকিল৷ অথচ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে দায়বদ্ধ৷ নিৰ্বাচন আয়োগে সকলো দেখি-শুনিও নেদেখাৰ ভাও ধৰি থাকিল৷ নিজৰ প্ৰিয় মন্ত্ৰী-বিধায়ক আৰু ৰাজনৈতিক নেতাসকলে সাধাৰণ ৰাইজক ক’ভিড প্ৰট’কল উলংঘা কৰি নিজৰ নিজৰ জীৱন বিপন্ন কৰিবলৈ উৎসাহিত আৰু প্ৰৰোচিত কৰিলে৷ এফালে ক’ভিডৰ ক্ৰমবৰ্ধমান প্ৰকোপ আৰু আনহাতে¸ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ এই নিৰ্বাচনতো নিজৰ নিজৰ স্বাৰ্থত ৰাজনৈতিক দলসমূহে যে সাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিব, সেইটো নিশ্চিত৷