Logo
Logo
image

জাতীয়তাবাদৰ নামত কেৱল সংগঠন

... চৰকাৰী পৃষ্ঠপোষকতাতেই হওক, কোনো জাতীয় দল-সংগঠনৰ তৎপৰতাতেই হওক নাইবা কোনো ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাতেই হওক, এনেবোৰ  ক্ষেত্ৰত আমাৰ যুৱপ্ৰজন্মক ধাৰণা বা উদ্‌গণি দিয়াৰ মানসিকতা বা কাৰ্যপন্থা সততে দেখিবলৈ পোৱা নাযায়৷ বৰ্তমান কিছু কিছু এনে পদক্ষেপ আৰম্ভ হৈছে যদিও সি একেবাৰেই নগণ্য৷ বহিৰাগতৰ চৰণত জাতিৰ অৰ্থনীতি দি সংগঠনবাদৰ যোগেদি নিজে নেতা হৈ জাতি বচাবলৈ সকলো তৎপৰ৷ জাতীয় সংগঠনৰ সংখ্যাই চাম নে ছাত্ৰ সংগঠনৰ সংখ্যাই চাম, নে ৰাজনৈতিক দলৰ সংখ্যাই চাম? সকলোৱে জাতিৰ চিন্তা কৰেহে কৰে, পিছে জাতিৰহে উন্নতি নহয়  ...

যিদিনা ভাৰতীয়মূলৰ অভিজিৎ বেনাৰ্জীয়ে অৰ্থনীতিত নোবেল বঁটা পোৱা খবৰটোৱে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰে সংবাদ শিৰোনাম দখল কৰিছিল, সেইদিনা আন এটা খবৰেও ভাৰতীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল৷ সেইটো আছিল– ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [চমুকৈ বিচিচি আই] অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ খবৰ৷ সেইদিনাই মই ফেচবুকত এটা প’ষ্ট দিছিলোঁ৷ প’ষ্টটো আছিল এনেধৰণৰঃ ‘অভিজিৎ বেনাৰ্জী– নোবেল বঁটা, সৌৰভ গাংগুলী– বিচিচিআইৰ অধ্যক্ষ; আৰু আমি? অসমীয়াত্ব ৰক্ষাৰ নামত ৰাজপথত টায়াৰ জ্বলাই বাঙালীক গালি পাৰোঁ’৷ সেই সময়ত সেই ফেচবুক প’ষ্টটোক লৈ সামাজিক মাধ্যমত বহু চৰ্চা হৈছিল আৰু দুটা ফৈদৰ লোকে বিভিন্ন মত আগবঢ়াইছিল৷  কৰ’নাৰ এই সংকটকালত সেই প’ষ্টটো আৰু তাৰ অন্তৰ্নিহিত কথাখিনিৰ প্ৰাসংগিকতা হয়তো বহুখিনি বৃদ্ধি পাইছে৷ সেয়ে প্ৰসংগটো পুৰণি হ’লেও বিষয়টোক কিছু খোলাখুলিকৈ আলোচনা কৰাৰ এয়েই প্ৰকৃত সময় হ’ব বুলি ভাবি কিছু কথা লিখাৰ প্ৰয়োজনবোধ কৰিলোঁ৷

আমি যিয়েই যি নকওঁ কিয় ইতিহাসে কয় যে আমাৰ অসমীয়া জাতীয়তাবাদ সদায়েই সংকটত ভুগি আহিছে কেৱল বাঙালী জাতিটোক লৈ৷ সি বিদেশীয়েই হওক বা স্বদেশীয়েই হওক৷ কলা-সংস্কৃতিৰ লগতে মুখ্যতঃ অসমীয়া ভাষাটোক ৰক্ষণাবেক্ষণ দিয়াই অসমীয়া জাতীয়তাবাদৰ এক অন্যতম মুখ্য উদ্দেশ্য৷ কথা হ’ল– ভাষাক লৈ ব্যস্ত থাকোঁতে থাকোঁতে আমি হয়তো গমেই নাপালোঁ যে কোনোবাই আমাৰ অৰ্থনীতি কাঢ়ি লৈ গ’ল৷ কেৱল ‘ভাষা’ক লৈ জাতীয়তাবাদ কৰোঁতে ক্ৰমাৎ পথাৰ আৰু ব্যৱসায়ৰ লগত বিচ্ছিন্ন হৈ পৰা বৃহত্তৰ অসমীয়া জাতি দুদিন পাছত অসমতেই হয়তো মগনীয়া হৈ পৰিব৷ আজিৰ দিনত অসমৰ মুঠ জনসংখ্যাৰ ৮৬ শতাংশ লোক বাস কৰে গ্ৰামাঞ্চলত৷ কিছুদিনৰ আগতে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলত বাস কৰা ৫৮ লাখ পৰিয়ালৰ প্ৰায় ৩৩ লাখ পৰিয়ালৰে নিজৰ মাটিৰ ওপৰত অধিকাৰ নাই৷ অৰ্থাৎ ৫৭ শতাংশ গ্ৰামাঞ্চলৰ লোকৰ নিজৰ ভূমি অধিকাৰ নাই৷ উদ্বেগজনকভাৱে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে পোন্ধৰখন জিলাত চলোৱা সমীক্ষা অনুসৰি অসমৰ বহু অঞ্চলৰ খিলঞ্জীয়াই ভূমি অধিকাৰ হেৰুৱাই পেলাইছে৷ ই খিলঞ্জীয়া অসমীয়াৰ বাবে  অতিকৈ সংকটপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়৷ ব্যৱসায়ৰ স্বাৰ্থত অসমলৈ অহা ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ আদি প্ৰদেশৰ লোকে বজাৰৰ বাবেই হওক বা আন ভৌগোলিক পৰিৱেশৰ বাবেই হওক অসমত নিগাজিকৈ থাকিবলৈ প্ৰয়াস কৰাৰ কথা অসমীয়াই প্ৰত্যক্ষ কৰি আহিছে৷ সেইসমূহ লোকৰ ব্যৱসায়িক তৎপৰতা, সেৱা বা সহজলভ্যতাৰ বাবেই হওক আজিৰ অসমীয়াই তেওঁলোকক বাদ দি থকাৰ কথা হয়তো ভাবিবই নোৱাৰে৷ ডাঙৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি নাপিত, মুচি বা মিস্ত্ৰীৰ ক্ষেত্ৰতো বহু কম অসমীয়াকহে বিচাৰি পোৱা যায়৷ ফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে ব্যৱসায় কৰিবলৈ পোৱা বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অসমতেই মাটি-বাৰী লৈ নিগাজিকৈ থাকিব বিচাৰে৷ তদুপৰি মাটি-বাৰী বিক্ৰীৰ ক্ষেত্ৰতো বহু অসমীয়াই বেছি দাম দিয়া অনা-অসমীয়া মানুহকহে মাটি বিক্ৰী কৰে৷ ৰাতি অনা-অসমীয়াক বেছি দামত মাটি বিক্ৰী কৰি দিনত বহিৰাগত বণিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে আন্দোলন কৰাটো বহু অসমীয়াৰ পেছাও হৈ পৰিছে৷ এনেবোৰ কাৰকে অসমত খিলঞ্জীয়াৰ সংখ্যা হ্ৰাস কৰি অনা-অসমীয়াৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ এনেদৰে ৰাজ্যখনৰ হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগতৰ হাতলৈ গৈছে৷ এই তথ্যই কেৱল গ্ৰামাঞ্চলকে চুই নগৈ নগৰবাসীকো শংকিত কৰি তুলিছে৷ কামৰূপ মহানগৰৰ প্ৰায় ৭২.৪৮ শতাংশ পৰিয়ালৰেই নিজা মাটি নাই৷

কিন্তু কথা হ’ল ইমানৰ পাছতো যেন আমাৰ একো শিক্ষা নহ’ল৷ জাতিটোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে জাতীয়তাবাদৰ নাম দি ৰাজ্যখনত আৰম্ভ কৰিলোঁ জাতীয় সংগঠনবাদ৷ দুই-এটা সংগঠনৰ বাদে অসমৰ জাতীয় জীৱনত শতাধিক জাতীয় সংগঠনৰ অৱদান কি ৰাইজে দেখি আহিছে৷ অসমত সংগঠনবাদৰ আচল স্বৰূপ উজনি অসমৰ অইলকেইটাৰ বিষয়ববীয়াক সুধিলেই গম পোৱা যায়৷ পঁচিছ লাখৰো অধিক নিবনুৱা থকা ৰাজ্যখনত যেতিয়া সত্যৰঞ্জন বৰা বা মিঞা মিউজিয়ামে অন্যতম আলোচ্য বিষয় হৈ পৰে, তেতিয়াই গম পাব লাগিব আমি আচলতে কোনফালে গতি কৰি আছোঁ৷ নিবনুৱা সংস্থাপন, স্ব-নিয়োজনৰ লগতে ৰাজ্যখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ এক সুস্থিৰ তথা সুদূৰপ্ৰসাৰী পৰিকল্পনা কৰাৰ পৰিৱৰ্তে শাসকে-বিৰোধীয়ে-ৰাজ্যবাসীয়ে যেতিয়া শিলাদিত্য-বদৰুদ্দিন, মিঞা-মোগলক লৈ ব্যস্ত হৈ পৰে, তেতিয়া আৰু ক’বলগা কি থাকে? যিখন ৰাজ্যত তিনি-চাৰিটামান অতি হিন্দুত্ববাদীৰ অতপালিক ব্ৰেকিং নিউজ বনাই সপ্তাহজোৰা আলোচনাৰ বিষয় কৰা হয়, যিখন অসমত যিকোনো এজন নেতাই ভোটৰ লালসাত ইচ্ছাকৃতভাৱে কোৱা এক সাম্প্ৰদায়িক মন্তব্যই সামাজিক, ছপা, বৈদ্যুতিন সকলো মাধ্যমতে খলকনিৰ সৃষ্টি কৰিব পাৰে, সেইখন অসমৰ ভৱিষ্যৎ প্ৰজন্মক আকাশত উৰাৰ সপোন কোনে দেখুৱাব? আমি কেৱল জাতীয়তাবাদ, সাম্প্ৰদায়িকতা, ৰাষ্ট্ৰীয়তাবাদ এইবোৰ কৈ কৈ নেতা বনোৱাৰ নাটকখনতেই ব্যস্ত থাকিম নে পাছৰ প্ৰজন্মটোক জাতি ৰক্ষাৰ যুঁজাৰুৰূপে প্ৰস্তুত কৰিবলৈ কাৰ্যপন্থা ল’ম৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা বাদেই দিলোঁ, ৰাষ্ট্ৰীয় পৰ্যায়তে কেইজন অসমীয়াই নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে? মুষ্টিমেয় দুজনমানক লৈয়ে আজীৱন গৌৰৱ কৰিবলগীয়া হয়৷ অসমৰ পৰা কেইজনে বছৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হয়? অসমৰ কিমানজন ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ  পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি কৰাৰ সুযোগ পায়? অসমৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা আই আই টিখনতো অসমীয়া অধ্যাপকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা বিধৰ৷

ব্যৱসায়-বাণিজ্যৰ কথাতো ক’বই নালাগে৷ অফুৰন্ত সমল থকাৰ পাছতো ৰাজ্যখনৰ প্ৰায়বোৰ ব্যৱসায়েই বহিৰাগত বণিয়াৰ হাতত৷ অসমত এতিয়াও গাহৰি বা ব্ৰয়লাৰ ফাৰ্ম খুলিলে মানুহক সমাজৰ পৰা এঘৰীয়া কৰা হয়৷ খহনীয়া ৰোধিবলৈ নদীপূজা কৰা হয়৷ এনে মানসিকতা আৰু কাৰ্যপন্থা লৈ আমি কি জাতিৰক্ষা কৰিম? নিজৰ চিনাকি বুলিবলৈ ভৌগোলিক সীমাৰেখাডালৰ  বাহিৰত আমাৰ একো নাই৷ চিনাকি বনাবলৈ সুবিধা কৰি দিয়া এটা পৰিৱেশো নাই৷ কিছুমান অদৰকাৰী আৱেগ আৰু ক্ষন্তেকীয়া উত্তেজনাত ছটফটাই কিৰীলি পাৰি থকা এটা জাতি আমি৷ ছাত্ৰ সংগঠন, কৃষক সংগঠন আদিয়ে আন্দোলন কৰি কৰি ৰাজনীতি কৰে৷ কিন্তু ছাত্ৰ বা কৃষকৰহে উন্নয়ন আমাৰ চকুত নপৰে৷ অৰ্থনীতি আমাৰ হাতত নাই৷ ব্যৱসায়-বাণিজ্যৰ পৰিৱেশ নাই বা উদ্‌গনি দিয়া মানুহ নাই৷

চাবলৈ গ’লে অসমতো ব্যৱসায়ৰ সমল নথকা নহয়৷ অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অৰ্থনীতি৷ অসমে বিশ্বৰ মুঠ চাহৰ সাতভাগৰ এভাগ উৎপাদন কৰে৷ ২০১৯-২০ বৰ্ষত অসমে ভাৰতৰ মুঠ চাহৰ ৫৩.৫৫% [৬৯৪.৫৩ নিযুত কেজি] উৎপাদন কৰে৷ চাহৰ বাদেও অসমত মুঠ ২০খন ঔদ্যোগিক পাম, ৩খন উদ্যোগ বিকাশ কেন্দ্ৰ, ১১টা সংঘবদ্ধ আন্তঃগাঁথনি উন্নয়ন ডিপো, ১৭টা ঔদ্যোগিক অঞ্চল, ১২টা বিকাশ কেন্দ্ৰ, ৮খন ক্ষুদ্ৰ ঔদ্যোগিক পাম, ১খন ৰপ্তানি উত্তৰণ পাৰ্ক আৰু ৰখন খাদ্য সংসাধন ঔদ্যোগিক পাৰ্ক আছে৷ ২০২০-২১ বৰ্ষত অসমৰ মুঠ ঘৰুৱা উৎপাদন ৪.০৯ ট্ৰিলিয়ন টকাতকৈ বেছি৷ অসমত বাণিজ্য আৰু বিকাশৰ সম্ভাৱনা প্ৰবল৷ চাহৰ বাদেও অন্যান্য কৃষিসামগ্ৰীৰ উৎপাদনৰ সম্ভাৱনা আছে৷ বিশেষকৈ কৃষিপাম, বেক্টেৰিয়া পচন জৈৱিক সাৰ উৎপাদন প্ৰকল্প, সাৰ বিতৰণ, ব্ৰয়লাৰ ফাৰ্মিং, ছানফ্লাৱাৰ ফাৰ্মিং, মৎস্য উৎপাদন, চাহ ৰপ্তানি, ফল আৰু পাচলি ৰপ্তানি আদিত মনোনিৱেশ কৰিলে সফলতা পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বাদেও বয়ন শিল্প, ব্যৱসায়-ব্যৱসায় [B2B Service], কাগজ উৎপাদন প্ৰকল্প, বিভিন্ন সামগ্ৰীৰ পুনৰ বিক্ৰী কৰা ব্যৱসায়, শৰীৰ চৰ্চা কেন্দ্ৰ, সামাজিক মাধ্যম ব্যৱস্থাপনা আদি বিভিন্ন ব্যৱসায়ৰ ধাৰণা আছে৷

কিন্তু দুৰ্ভাগ্যৰ কথা যে চৰকাৰী পৃষ্ঠপোষকতাতেই হওক, কোনো জাতীয় দল-সংগঠনৰ তৎপৰতাতেই হওক নাইবা কোনো ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাতেই হওক, এনেবোৰ  ক্ষেত্ৰত আমাৰ যুৱপ্ৰজন্মক ধাৰণা বা উদ্‌গণি দিয়াৰ মানসিকতা বা কাৰ্যপন্থা সততে দেখিবলৈ পোৱা নাযায়৷ বৰ্তমান কিছু কিছু এনে পদক্ষেপ আৰম্ভ হৈছে যদিও সি একেবাৰেই নগণ্য৷ বহিৰাগতৰ চৰণত জাতিৰ অৰ্থনীতি দি সংগঠনবাদৰ যোগেদি নিজে নেতা হৈ জাতি বচাবলৈ সকলো তৎপৰ৷ জাতীয় সংগঠনৰ সংখ্যাই চাম নে ছাত্ৰ সংগঠনৰ সংখ্যাই চাম, নে ৰাজনৈতিক দলৰ সংখ্যাই চাম? সকলোৱে জাতিৰ চিন্তা কৰেহে কৰে, পিছে জাতিৰহে উন্নতি নহয়৷

কৰ’নাৰ সময়ত বহিঃৰাজ্যত কৰ্মৰত বা ব্যক্তিগত খণ্ডত কৰ্মৰত বহু অসমীয়াই কৰ্ম-সংস্থাপন হেৰুৱালে৷ তাৰে বহুজনে ধৈৰ্য আৰু ইচ্ছাশক্তিৰ বলত নিজকে আকৌ আৰ্থিকভাৱে টনকিয়াল কৰিবলৈ সক্ষম হৈছে যদিও বহুতৰ অৱস্থা এতিয়াও পুতৌজনক৷ অৰ্থনৈতিক মেৰুদণ্ড নোহোৱাকৈ সকলোৱে কি ফৰ্মূলাৰে জাতি বচোৱাৰ পৰিকল্পনা কৰে, তাকহে বুজিব নোৱাৰি৷ অৱশ্যে এইক্ষেত্ৰত দৃশ্য-শ্ৰব্যমান হোৱা কেইজনমান অসমীয়া বা কেইটামান অনুষ্ঠানৰ প্ৰচেষ্টা আৰু পৰিকল্পনাক নশলাগিলে নহ’ব৷ থলগিৰীৰ মনোৰম গগৈ, খাৰ খোৱাৰ দেৱাংগ পল্লৱ শইকীয়া, পাভৈ গ্ৰীন্সৰ নিলম দত্ত, চতিয়া  সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, গাহৰি পালক মনোজ বসুমতাৰী, ৰাজনন্দিনী কন্‌ষ্ট্ৰাকচনৰ স্বত্বাধিকাৰী লুইত কুমাৰ বৰ্মন, সীতাজখলা দুগ্ধ সমবায় ইত্যাদিকে ধৰি কিছুসংখ্যকৰ ভূমিকা অন্যতম৷ ইয়াৰ বাদেও নিজৰ প্ৰচেষ্টা আৰু বুদ্ধিমত্তাৰ বলত কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় পৰ্যায়ত চমক লগাকৈ সফলতা অৰ্জন কৰা এজন সফল অসমীয়া উদ্যোগী হৈছে শ্যামকানু মহন্ত৷ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য আৰু সম্ভাৱনীয়তাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পৰাকৈ বাট দেখুৱাই দিয়াত শ্যামকানু মহন্ত  আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ প্ৰচেষ্টা সঁচাকৈয়ে আদৰণীয়৷ ব্যৱসায় কৰিব বিচৰা আজিৰ প্ৰজন্মৰ বাবে মহন্তৰ কৰ্মদক্ষতা, নিপুণতা আৰু  কৌশল এক শিক্ষা হ’ব পাৰে৷

যি কি নহওক, মূল কথাটো হ’ল ৰাষ্ট্ৰীয় পৰ্যায়তেই হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তেই হওক আমাৰ অসমীয়া জাতিটোৰ সমল একেবাৰেই তাকৰ৷ বেলেগৰ কথাতো বাদেই দিলোঁ, গুৰু দুজনাক ৰাষ্ট্ৰীয় পৰ্যায়ত ভালকৈ প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ৷ অসমীয়া বুলি গৌৰৱ কৰিবলৈ আমাৰ কেইপদ সম্পদক বিশ্বত চিনাকি কৰাই দিব পাৰিছোঁ? কেৱল বাঙালী বা বহিৰাগতক গালি পাৰি জাতি বচাব নোৱাৰি৷ শ্ৰেষ্ঠতাৰ দৌৰত ফেৰ মাৰিব পৰাকৈ প্ৰথমে নিজকে প্ৰস্তুত কৰিব লাগিব৷ ৰাস্তাত টায়াৰ জ্বলাই জাতি বচাব নোৱাৰি৷ প্ৰথমে জাতিটোক অৰ্থনৈতিক স্বাৱলম্বিতা লাগিব, লগে লগে বৌদ্ধিক আৰু সামাজিক স্বাৱলম্বিতাৰ কথা আহিব৷ ৰাজনীতিৰ নামত, মন্ত্ৰী-বিধায়ক হোৱাৰ বাসনাত অদৰকাৰী, অবাস্তৱ কিছুমান কথা কৈ জাতিটোক দিকভ্ৰান্ত কৰাতকৈ পাৰে যদি কোনোৱে অৰ্থনৈতিক, বৌদ্ধিক আৰু সামাজিক উৎকৰ্ষ সাধনৰ পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰক৷ পথাৰ আৰু বজাৰ কিদৰে নিজৰ হাতত ৰাখিব পাৰি তাৰ পৰিকল্পনা কৰক; নহ’লে ব্যক্তিগত অভিপ্সাক জাতিপ্ৰেমৰ নাম দি জাতিটোক আৰু পিছুৱাই লৈ নাযাব৷

ফোন ৯৪৩৫২-৩৫৯০৭