প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী লোকজন
আমাৰ জীৱনৰ বয়ঃসন্ধিকালৰ অৰ্থাৎ ১৯৮১ চনৰ পৰা ১৯৮৫ চনলৈ চাৰিটা বসন্তৰ সোণসেৰীয়া স্মৃতিকোঠাত আবদ্ধ এটা ঝংকাৰৰ নাম হ’ল সদ্যপ্ৰয়াত বন্ধু নৃপেন্দ্ৰ নাথ মহন্ত৷ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৮৫ত বাণিজ্যৰ স্নাতক হোৱালৈকে [তেতিয়া স্নাতক মহলা দুই বছৰীয়া আছিল] গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰাৱাসত যিমান মেধাৱী, স্মাৰ্ট, সততাৰ ক্ষেত্ৰত দৃঢ়তা প্ৰদৰ্শন কৰা, সুৰুচিপূৰ্ণ, পৰোপকাৰী, কঠোৰ পৰিশ্ৰমী আৰু দেশপ্ৰেমিক বন্ধু লগ পাইছিলোঁ, সেইসকলৰ ভিতৰত ‘নৃপেন’ এটা উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকিবলৈ সক্ষম হৈছিল৷ ছাত্ৰাৱাসসমূহত সাধাৰণতে নিজকে অতি ‘স্মাৰ্ট বয়’ হিচাপে জহাই ফুৰিব বিচৰা এচাম আৱাসীৰ বিপৰীতে নৃপেন আছিল অত্যন্ত দায়িত্বশীল, প্ৰচাৰবিমুখ অথচ কাকো কেৰেপ নকৰা দৃঢ়চেতা৷ ভূপেন্দ্ৰ সংগীত, জ্যোতিসংগীত, বিষ্ণু ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত আৰু আন ক্লাছিকেল সংগীতৰ ভক্ত আছিল নৃপেন৷ সকলো সময়তে খুহুতীয়া বিষয় এটা উত্থাপন কৰি সংগীসকলক আনন্দিত কৰিছিল৷ নৃপেন মহন্ত গৈ সময়ত ভাৰতীয় জীৱন বীমা নিগমৰ উচ্ছ বিষয়াৰ আসনত অধিষ্ঠিত হ’ল৷
২০০৮ চনত নৃপেন আক্ৰান্ত হ’ল ব্ৰেইন টিউমাৰত৷ গুৱাহাটী কমাৰ্চ কলেজৰ ১৯৮৫ চনৰ স্নাতক সহপাঠীসকলৰ বুকুত যেন এপাত শেল সোমাল৷ ভাৰতৰ বিভিন্নৰাজ্যত কৰ্মৰত বন্ধুসকলে তেওঁৰ আৰোগ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে৷ ঈশ্বৰৰ ইচ্ছাত ভেলোৰৰ বিখ্যাত চি এম চি হাস্পতালত উত্তম চিকিৎসা চলিল৷ নৃপেন সম্পূৰ্ণ সুস্থ হৈ উঠিল৷
২০০৫ চনত এবছৰ পাছত পুনৰ ব্ৰেইন টিউমাৰ৷ ডাক্তৰে আশা এৰি দিলে৷ সজ মানুহক ভগৱানে সহায় কৰে৷ কলিকতাৰ এজন হোমিঅ’ ডাক্তৰৰ সন্ধান পোৱা গ’ল৷ ইতিমধ্যে নৃপেনৰ দুয়োটা চকুৰ দৃষ্টিশক্তিও হেৰাই গ’ল৷ হোমিঅ’ চিকিৎসাৰ বলতেই সময়ত নৃপেন সম্পূৰ্ণ সুস্থ হৈ উঠিল৷ দৃষ্টিশক্তি ঘূৰি নাহিল যদিও মনৰ দৃষ্টিৰেই সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰি গ’ল৷ প্ৰবল ইচ্ছাশক্তিৰ জোৰত তেওঁ জীৱন বীমা নিগমৰ ছেল্ফ টেইনিং চেণ্টাৰৰ শাখা পৰিচালক হিচাপে সেৱা আগবঢ়াই গ’ল৷ কিন্তু নিয়তিয়ে নৃপেনৰ লগত নিষ্ঠুৰ খেল খেলিবলৈ নেৰিলে৷ চলিত বছৰত নৃপেনৰ ৰেক্টামত পুনৰ কৰ্কট ৰোগে আক্ৰমণ কত্মৰ আৰু ১৫ ডিচেম্বৰৰ সন্ধিয়া দিছপুৰ নাৰ্ছিং হোমত নৃপেনে পৰিয়াল-পৰিজনক কন্দুৱাই আঁতৰি গ’ল অজান দেশলৈ৷ এসময়ত ৰঙিয়া অঞ্চলত ৰজনজনাই থকা পুৰণ কুৰ্কা সত্ৰৰ মুখ্য পাঠক প্ৰয়াত ভবেন্দ্ৰ নাথ মহন্তৰ দ্বিতীয় পুত্ৰ নৃপেনৰ জীৱন বীণাৰ তাঁৰডাল ছিগি গ’ল৷ কিন্তু সমাজত ৰৈ ৰৈ গুণ্গুণাই থাকিল তাৰ অমিয় ঝংকাৰ৷


