Logo
Logo
image

চিঠিৰ পাছত চিঠি... কুটিল কূটনীতি কৰিছে কেন্দ্ৰই

চৰকাৰৰ পৰা আন্দোলনকাৰী কৃষকলৈ আৰু এখন চিঠি আহিল৷ চৰকাৰে যিমান ঘন-ঘনকৈ চিঠি দিয়ে, সিমান কাম দেশৰ জনতাৰ বাবে কৰা হ’লে ভাল আছিল৷ এতিয়া চিঠিৰ ‘ডিপ্ল’মেচী’ চলিছে৷ চিঠিৰেই কূটনীতি কৰি আছে চৰকাৰে৷ চিঠি দিয়াটোও চৰকাৰৰ এটা ‘চাল’৷ এয়া এক খেল৷ এখন চিঠি দিয়াৰ লগে লগে চৰকাৰে দেখুৱাব পাৰে– ‘আমি কিবা এটা কৰি আছোঁ৷ এনেই থকা নাই৷ কৃষকৰ সমস্যা সমাধান কৰিবলৈ আমি সাজু আছোঁ৷ সেয়া তেওঁলোকক চিঠি লিখি জনাই দিছোঁ৷’ চৰকাৰে কাম একো নকৰিলেও দেশবাসীক দেখুৱাব পাৰিছে, আভাষ দিব পাৰিছে যে তেওঁলোকে কৃষকৰ আন্দোলনক লৈ এনেয়ে বহি থকা নাই, সমাধানৰ চেষ্টা কৰি আছে৷

এইবাৰৰ চিঠিতো চাৰিটা মূল বিষয় আছে৷ কিন্তু এটা ক্ষেত্ৰতো আমি কৰা প্ৰশ্নৰ পোনপটীয়া উত্তৰ নাই; কোনো নতুন প্ৰস্তাৱ বা প্ৰতিশ্ৰুতি নাই৷ প্ৰথমেই আমি কৃষক আইন বাতিলৰ বাবে দিয়া প্ৰস্তাৱত চৰকাৰে আমাৰ সুধিছে, কিয় অত্যাৱশ্যকীয় সামগ্ৰীৰ দফাৰ ক্ষেত্ৰত আমি কোনো সংশোধন বিচৰা নাই৷ আমি অত্যাৱশ্যকীয় সামগ্ৰীৰ নতুন আইনত সংশোধনী বিচৰা নাই, আমি সেয়া বাতিল কৰাটো বিচাৰিছোঁ৷ চৰকাৰ কিন্তু সেই বিষয়ত কিছু সংশোধনী আনিবলৈ প্ৰস্তুত৷ ইয়াৰ কাৰণ হৈছে আদানি৷ আদানিয়ে কিছু সংশোধন বিচাৰিছে বাবে চৰকাৰে আমাক প্ৰলোভন দিছে৷ আমি সম্পূৰ্ণ প্ৰত্যাহাৰ বিচাৰিছোঁ৷ 

দ্বিতীয়তে, চৰকাৰে ন্যূনতম সমৰ্থনযোগ্য মূল্যৰ ক্ষেত্ৰত লিখিত আশ্বাস দিব খুজিছে৷ আমাক আশ্বাস নালাগে৷ স্বামীনাথন কমিটীৰ পৰামৰ্শ অনুসৰি আমাক ফচলৰ নূ্যনতম সমৰ্থিত মূল্যৰ গেৰাণ্টী লাগে৷ লিগেল গেৰাণ্টী লাগে কৃষকক৷ আশ্বাস নালাগে৷

তৃতীয়তে, চৰকাৰে বিদ্যুৎ সংশোধনী বিধেয়ক আৰু খেতিৰ আৱৰ্জনা পুৰি পেলোৱাৰ বিৰুদ্ধে বলৱৎ কৰা আইন সন্দৰ্ভত আলোচনা কৰাৰ প্ৰস্তাৱ দিছে৷ কোনো অতিৰিক্ত বিষয় থাকিলে জনাবলৈ কৈছে৷ আমি এই দুয়োখন আইনৰ বাতিলকৰণ বিচাৰিছোঁ৷

চতুৰ্থতে, চৰকাৰে চিঠিত জনাইছে, যেতিয়াই মন যায়, তেতিয়াই কৃষক আন্দোলনকাৰী আলোচনাৰ বাবে চৰকাৰৰ ওচৰলৈ যাব পাৰে৷ কোনো নিৰ্দিষ্ট দিন-বাৰ নাই৷ সেয়া কি আমি বুজি পাইছোঁ৷

চৰকাৰে প্ৰকৃততে আলোচনা নকৰে৷ কিন্তু আলোচনা যে কৰি আছে সেয়া দেখুৱাবৰ বাবে চৰকাৰে বিভিন্ন কাম কৰি আছে, চিঠি লিখি আছে৷  চৰকাৰৰ এটাই কাম– কিবা এটা যে কৰি আছে সেয়া দেখুওৱা৷ আজি আন্দোলনটোৰ এমাহ হ’ল৷ চৰকাৰে বিভিন্ন ধৰণে চেষ্টা চলাইছে আন্দোলনটো ভাঙি দিবৰ বাবে৷ ভুৱা কৃষক সংগঠনৰ সৈতে আলোচনা কৰিছে, ভুৱা প্ৰতিশ্ৰুতি দিছে৷ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক কৰিবলৈ অফিচাৰক লগাই কৃষকক ধৰি আনিছে৷ তাকে দেশবাসীক টিভিত দেখুৱাইছে৷ এনে কাম এদিন ইন্দিৰা গান্ধীয়েও কৰিছিল৷ কিন্তু এদিন তেওঁৰ ষড়যন্ত্ৰও সকলোৱে বুজি পালে৷ তেতিয়া ১৯৭৬ চনত তেওঁ উৎখাত হ’ল৷ এতিয়াও তাৰ ব্যতিক্ৰম নহয়৷ মোৰ দেখি এনে লাগিছে, এইখন চৰকাৰ টিভিৰ পৰ্দাত চলে৷ প্ৰচাৰৰ বাবে, প্ৰচাৰৰ দ্বাৰা আৰু প্ৰচাৰৰ চৰকাৰ এইখন৷ আন্দোলন কিন্তু প্ৰচাৰৰ বাবে চলা নাই৷ আন্দোলন ৰাজপথত চলিছে আৰু প্ৰকৃততে প্ৰাপ্যৰ বাবে চলিছে৷