Logo
Logo
image

বিজেপি ‘আমাৰ’ ‘সভ্যতা’ ৰক্ষাৰ ঠিকাদাৰ

বিজেপিয়ে মিত্ৰদলৰ স’তে ২০২১ত এশৰো অধিক আসন পাব বুলি কৈছে৷ বিজেপিয়ে ইয়াৰে কিমানখন আসন অগপই পাব বুলি অনুমান কৰিছে? এন ডি এই ১০০ৰ অধিক পাবলৈ হ’লে তাত অগপৰ অৰিহণা কিমান হ’ব? ১০০ৰো অধিক আসন পাবলৈ এন ডি এক অগপৰ প্ৰয়োজন কিমান? অগপক বিজেপিৰ সঁচাই দৰকাৰনে? নে ইতিমধ্যে অগপ এটা অদৰকাৰী বোজাত পৰিণত হৈছে? 

বিজেপিয়ে ২০২১ৰ নিৰ্বাচন হেনো ক্ষমতা দখলৰ বাবে নহয়, ‘সভ্যতা’ ৰক্ষাৰ বাবেহে খেলিব৷ ‘এচাম’ মানুহৰ পৰা ‘আমাৰ’ সভ্যতাৰ প্ৰতি ভাবুকি আহিছে৷ নামনি আৰু মধ্য অসমত এই ‘এচাম’ মানুহে ‘আমাৰ’ সভ্যতা ধবংস কৰিলেই৷ এতিয়া উজনিখনহে বাকী আছে৷ সকলোৱে জানে এই ‘এচাম’ মানুহ হ’ল মুছলমানসকল, বিশেষকৈ পূৰ্ববংগীয়মূলৰ মুছলমান, সহজ ভাষাত মিঞাসকল৷ মিঞাৰ পৰা আমাৰ সভ্যতা আৰু আমাৰ জীয়াৰী-বোৱাৰীক ৰক্ষা কৰাৰ বাবে বিজেপি দিছপুৰত ক্ষমতাত থকাটো জৰুৰী৷ ‘আমি’ কোন? আমি হ’ল হিন্দুসকল৷ গতিকে ২০২১ৰ নিৰ্বাচন হ’ল হিন্দু আৰু মুছলমানৰ যুদ্ধ৷ এই যুদ্ধত কোনোবা হিন্দু যদি বিজেপিৰ পক্ষত নাথাকে, তেনেহ’লে তেওঁ মুছলমানৰ পক্ষত থাকিব লাগিব৷ তেওঁ হ’বগৈ নিজৰ ধৰ্মক বিশ্বাসঘাতকতা কৰা গাড্ডাৰ৷ কোন হিন্দুৱে নিজৰ ধৰ্মক বিশ্বাসঘাতকতা কৰিব বিচাৰিব? 

পৰিচয়ৰ ৰাজনীতি যদি হিন্দু পৰিচয় আৰু মুছলমান পৰিচয়ৰ ৰাজনীতি হয়, তেনেহ’লে যুঁজখনত বিজেপিৰ অৱস্থান আটাইতকৈ সুবিধাজনক৷ হিন্দুক ৰক্ষা কৰাৰ নিগাজী ঠিকা ইতিমধ্যে বিজেপিয়ে পাইছে আৰু আন কোনো ৰাজনৈতিক দলে যিমানেই চেষ্টা নকৰক কিয়, বিজেপিৰ পৰা সেই ঠিকা কাঢ়ি আনিব নোৱাৰে৷ এই কথা ভাৰতৰ বহু নিৰ্বাচনত ইতিমধ্যে প্ৰমাণ হৈছে৷ অসমৰ ৰাজনীতি যদি হিন্দু-মুছলমানৰ পৰিচয়ৰ ৰাজনীতি হয়, তেনেহ’লে বিজেপি আগবাঢ়ি আছে৷ 

অসমত কিন্তু পৰিচয়ৰ ৰাজনীতি ইমান সৰল নহয়৷ ইয়াত ধৰ্মীয় পৰিচয়তকৈ এতিয়ালৈ নৃ-গোষ্ঠীয় আৰু ভাষিক পৰিচয়ৰ ৰাজনীতি অধিক শক্তিশালী৷ আটাইতকৈ শক্তিশালী হ’ল অসমীয়া ভাষাৰ ভিত্তিত গঢ়ি উঠা অসমীয়া জাতীয়তাবাদ৷ অসমীয়াৰ গৰিষ্ঠসংখ্যক হিন্দু৷ বিজেপিয়ে অসমীয়া জাতীয়তাবাদ আৰু হিন্দুত্বক একাকাৰ কৰিবলৈ সকলো চেষ্টা অব্যাহত ৰখাৰ পাছতো সম্পূৰ্ণ সফল হ’ব পৰা নাই৷ ১৯৭১ চনপৰ্যন্ত অহা পূৰ্ববংগীয়মূলৰ মুছলমানসকল যিহেতু অসমত থাকিব আৰু তেওঁলোক যিহেতু অসমীয়া ভাষা আৰু অসমীয়া পৰিচয় গ্ৰহণ কৰিবলৈ আগ্ৰহী, গতিকে তেওঁলোকক সামৰি লৈ জাতি গঠন প্ৰক্ৰিয়াটোকো আগবঢ়াই নিব লাগে– এয়া অসমীয়াৰ এক বৃহৎ অংশৰ মত৷ এই বৃহৎ অংশটো বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ বিৰোধী৷ এই অংশটোৰ শক্তি একেবাৰে উলাই কৰিব পৰাবিধৰ নহয়৷ বিজেপিয়ে এই কথা জানে৷ সেয়েহে বিজেপিয়ে অসমত এতিয়াও অসমীয়া জাতীয়তাবাদৰ হৈ কথা ক’বলগা হৈছে৷ ইয়াৰ বাবেই বিজেপিক অগপক লাগে– অন্তত এতিয়ালৈ৷ বিজেপি-আৰ এছ এছে ‘হিন্দু-ভাৰতীয়’ পৰিচয়টোৰহে পোষকতা কৰে আৰু এই পৰিচয়টোৰ ভিত্তিত গঢ় লোৱা ৰাষ্ট্ৰবাদত সকলো ভাৰতীয় একাকাৰ হোৱাটো বিচাৰে৷ সাময়িকভাৱে ৰাজনৈতিক বিবেচনাৰে অসমীয়া জাতীয়তাবাদক কিছু সহ্য কৰিলেও বিজেপিয়ে শেষত অসমীয়া জাতীয়তাবাদ হিন্দু ৰাষ্ট্ৰবাদত লীন হোৱাটো কামনা কৰে৷ ২০১৬ চনত বিজেপিয়ে কোৱা কথাবোৰ আৰু ‘কা’ প্ৰণয়ন কৰাৰ পাছত এতিয়া বিজেপিয়ে কোৱা কথাৰ মাজৰ পাৰ্থক্য মন কৰিলেই এই কথা স্পষ্ট হৈ পৰিব৷

অসমীয়া জাতীয়তাবাদ হিন্দী-হিন্দু-হিন্দুস্তানৰ ৰাষ্ট্ৰবাদত যিদিনা লীন হ’ব, সেইদিনা বিজেপিৰ বাবে অগপৰ কোনো প্ৰয়োজন নাথাকিব৷ শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ উত্থানত অগপ বিজেপিৰ বাবে আৰু অধিক জৰুৰী হৈ পৰিছে৷ অসমীয়া জাতীয়তাবাদৰ এতিয়ালৈ দখল কৰিব নোৱৰা ঠাইখিনি অগপৰ ৰূপত এটা মিত্ৰদলে অধিকাৰ কৰি থকাটো বিজেপিয়ে বিচাৰে৷ সেই ক্ষেত্ৰখনতেই অসম জাতীয় পৰিষদৰ উত্থান হৈছে আৰু আৰম্ভণিৰ পৰাই এই দলটোৱে বিজেপিবিৰোধী স্থিতি লৈছে৷ গতিকে বিজেপিয়ে চেষ্টা কৰিব যাতে অগপই যিমান পাৰে ইয়াৰ জহি যাবলৈ ধৰা দূৰ্গটোত নিজৰ দখল কায়েম ৰাখে৷

নামনি আৰু মধ্য অসম ইতিমধ্যে মিঞাই দখল কৰিলে৷ এতিয়া উজনিখনহে বাকী ৰৈছে৷ বিজেপিৰ বাবে ১৯০০ চনৰ আগতে অহা মিঞা, অসমীয়া ভাষাক আঁকোৱালি লোৱা মিঞা, অসমীয়া স্কুল প্ৰতিষ্ঠা কৰা মিঞা আৰু ১৯৭১ চনৰ পাছত অহা, অসমী চুক্তিয়ে বিদেশী বুলি কোৱা মিঞাৰ মাজত কোনো পাৰ্থক্য নাই৷ বিজেপিয়ে বিদেশী বহিষ্কাৰৰ কথাও কোৱা নাই৷ এই ‘এচাম’ শত্ৰু অনন্তকাললৈ অসমতেই থাকিব৷ আৰু এই শত্ৰুৰ লগত ‘আমি’ অৰ্থাৎ হিন্দুৱে অনন্তকাললৈ আমাৰ ‘সভ্যতা’ ৰক্ষা কৰাৰ বাবে যুদ্ধ কৰি থাকিব লাগিব– মানে অনন্তকাললৈ বিজেপিক দিছপুৰত ক্ষমতাত বহুৱাই থাকিব লাগিব৷ বিজেপি নিৰ্বাচনত জিকি ক্ষমতাত থকালৈ ‘আমাৰ’ ‘সভ্যতা’ ৰক্ষা হৈ থাকিব৷

এই ‘আমাৰ’ ‘সভ্যতা’ ৰক্ষাৰ ৰণখনৰ অংশীদাৰ হৈ অগপই ইতিমধ্যে নিজস্বতা হেৰুৱাই পেলালে৷ অসম জাতীয় পৰিষদৰ ‘আমি’ আৰু ‘সভ্যতা’ৰ সংজ্ঞা কি?