অখিলৰ জামিন কেতিয়া হ’ব
জামিন হৈছে নিয়ম, জে’ল হৈছে ব্যতিক্ৰম৷ ‘ন্যায়ালয়ে এই কথা মনত ৰাখিব লাগিছিল যে জামিন হৈছে নিয়ম আৰু জে’ল হৈছে ব্যতিক্ৰম৷ এই কথাক কেতিয়াও প্ৰত্যাখ্যান কৰিব নালাগে যে জামিন ন্যায়িক পদ্ধতিত হ’ব লাগে; কিন্তু এইটোও প্ৰত্যাখ্যান কৰিব নালাগে যে এই জামিন এজন ব্যক্তিৰ স্বতন্ত্ৰতাৰ লগত যুক্ত হৈ আছে৷’ এইদৰে এজন লোকৰ জামিন লাভৰ ক্ষেত্ৰত উচ্ছ ন্যায়ালয়ে বাধা দিয়াৰ পাছত উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে, বি আৰ গবই আৰু সূৰ্যকান্তৰ বিচাৰপীঠে বিগত বৰ্ষত ওপৰৰ বাক্যশাৰীৰে ন্যায়-ব্যৱস্থাৰ জামিনৰ গুৰুত্ব ব্যাখ্যা কৰিছিল৷ অসমতো বিগত বৰ্ষত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাবে অখিল গগৈক গ্ৰেপ্তাৰ কৰি ৰাখিছে৷ ২০১৯ৰ ১২ ডিচেম্বৰতে গ্ৰেপ্তাৰ কৰা অখিল গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে অসমৰ বিভিন্ন স্থানত ১৩টাকৈ মনেসজা গোচৰ ৰুজু কৰিছিল৷ এই গোচৰসমূহৰ দুটা গোচৰ দেশৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সংস্থা ‘নিয়া’ৰ হাতত অপৰ্ণ কৰাৰ বিপৰীতে আন ১১টা গোচৰ আৰক্ষীয়ে অনুসন্ধান চলায়৷ এই ১১টা গোচৰৰ জামিন প্ৰাৰম্ভিক অৱস্থাতে হয় যদিও নিয়াৰ হাতত অপৰ্ণ কৰা চানমাৰি থানাৰ RC-১৩-২০১৯/NIA/GUW নম্বৰৰ গোচৰটো আৰু চাবুৱা থানাত ৰুজু হোৱা আন এটা গোচৰ পাঁচ মাহৰ পাছত নিয়াৰ হাতলৈ হস্তান্তৰ কৰে আৰু অখিল গগৈক দীৰ্ঘদিন বন্দী কৰি থোৱাৰ কৌশল চৰকাৰে ৰচনা কৰে৷ মূলতঃ ‘কা’বিৰোধী আন্দোলনৰ মাজত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চৰকাৰে অখিল গগৈক মাওবাদীৰ লগত থকা সম্পৰ্কৰ বাবেহে গ্ৰেপ্তাৰ কৰা বুলি প্ৰচাৰ চলায়৷ চানমাৰি থানাৰ গোচৰত যি নিয়াই গ্ৰেপ্তাৰ কৰিছিল, সেই গোচৰতো ১৭ মাৰ্চত নিয়াৰ বিশেষ আদালতে ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব নোৱৰাৰ বাবে অখিল গগৈক জামিন দিছিল৷ কিন্তু চৰকাৰে পুনৰ চক্ৰান্তমূলকভাৱে শিৱসাগৰত পূবেৰ্ ৰুজু কৰি থোৱা আন এটা গোচৰত গ্ৰেপ্তাৰ কৰি বন্দী কৰে৷ যেতিয়া নিয়াই দেখিলে যে চানমাৰি থানাৰ গোচৰত অখিল গগৈক দীৰ্ঘদিন বন্দী কৰি থোৱা সম্ভৱ নহ’ব, সেয়ে পুনৰ নিয়াৰ আদালতে ১৭ মাৰ্চত দিয়া জামিনৰ ৰায় প্ৰত্যাহাৰ কৰিবলৈ উচ্ছ ন্যায়ালয়ৰ কাষ চাপে আৰু উচ্ছ ন্যায়ালয়ে ৭ এপ্ৰিলত জামিন নাকচ কৰে৷ আনহাতে, নিয়াই চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অচিনাক্ত দুৰ্বৃত্তই শিলগুটি মাৰি দাঁত ভঙাৰ গোচৰটোৰ অনুসন্ধানৰ দায়িত্ব লয়৷ এইটো গোচৰত পহিলা অক্টোবৰত অখিল গগৈক নিয়াৰ বিশেষ আদালতে জামিন মঞ্জুৰ কৰে৷ কিন্তু পূবৰ্ৰ চানমাৰি থানাৰ গোচৰটোত উচ্ছ ন্যায়ালয়ে জামিন প্ৰত্যাহাৰ কৰাত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাটো সম্ভৱ হৈ উঠা নাই৷ যি চানমাৰি থানাৰ গোচৰটোৰ উচ্ছ ন্যায়ালয়ে জামিন নাকচ কৰিছিল, সেইটো গোচৰত পুনৰ জামিনৰ বাবে ৯ ছেপ্টেম্বৰতে উচ্ছ ন্যায়ালয়ত অখিল গগৈৰ অধিবক্তাই আৱেদন কৰিলে যদিও বিগত প্ৰায় চাৰি মাহে অখিল গগৈয়ে জামিন পাবলৈ সক্ষম হোৱা নাই৷ অখিল গগৈ মাওবাদী হয় নে নহয়, অখিল গগৈৰ সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক আছে নে নাই, সেই বিচাৰ নিশ্চয় চলিব, কিন্তু এজন লোকক জামিন লাভৰ পৰা নানা অজুহাতত বঞ্চিত কৰা ঘটনাই দেশৰ ন্যায়-ব্যৱস্থাৰ প্ৰতি মানুহৰ সন্দেহ ঘনীভূত হ’বলৈ ধৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে ভাৰতৰ জনসাধাৰণে নিশাৰ ভিতৰতে প্ৰত্যক্ষভাৱে উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা গোচৰো দেখিছে৷ আত্মহত্যাৰ দৰে কাৰ্যত উচটনি যোগোৱাৰ প্ৰত্যক্ষ অভিযোগ থকাৰ পাছতো মাত্ৰ চাৰি দিনতে অৰ্ণৱ গোস্বামীয়ে জামিন লাভ কৰিছে, কিন্তু অখিল গগৈৰ বিৰুদ্ধে তেনে প্ৰত্যক্ষ অভিযোগ নথকা সত্ত্বেও বন্দী কৰি ৰাখিছে৷ অসমৰ এই সংগ্ৰামী নেতাজনক ১৭ ডিচেম্বৰতে অসমৰ ৰাইজে মুকলি আকাশৰ তলত দেখিব বুলি বহু প্ৰত্যাশাৰে ৰৈ থকা দেখা গৈছিল, কিন্তু সকলো শুনানি প্ৰক্ৰিয়া শেষ হোৱা বুলি ঘোষণা কৰাৰ পাছতো ৰায়দান স্থগিত ৰখাৰ ব্যৱস্থাত মহামান্য ন্যায়ালয়ৰ যি ব্যৱস্থা, সেই ব্যৱস্থাই ‘Bail is a rule (right), jail is an exception.’ উচ্ছতম ন্যায়ালয়ৰ এই কথাষাৰলৈ মনত পেলাই দিয়ে৷


