Logo
Logo
image

কৃষকৰ সন্দেহ, আশংকা দূৰ কৰক

... প্ৰধানমন্ত্ৰীৰ এই কথা শুনি ধাৰণা হয় যে কৃষকে আৰু ভয় কৰিবলগীয়া একো নাই৷ হাড়ক মাটি কৰি তেজক পানী কৰি উৎপাদন কৰা শস্যৰ যদি খেতিয়কে নিশ্চিত দাম পায়েই, তেনেহ’লে আৰু কিহৰ চিন্তা! দিল্লীৰ সীমান্ত অঞ্চলত হাজাৰ হাজাৰ খেতিয়কে আন্দোলন কৰি আছে কিয়? নিশ্চয় তাৰ অৰ্থ নোহোৱা নহয়৷ চৰকাৰে নিশ্চিত দাম পাব বুলি কৈছে৷ কিন্তু দাম কেনেকৈ নিশ্চিত কৰা হ’ব? কোনে নিশ্চিত কৰিব? কৃষি লগ্নি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া কি হ’ব? কৃষকক বাধ্যবাধকতাত পেলাই মধ্যস্থতাকাৰীয়ে খীৰাই খোৱাৰ পাং পাতিব যাতে নোৱাৰে, তাৰ নিশ্চয়তা চৰকাৰে কেনেকৈ দিব ...

নিজৰ উৎপাদিত শস্যৰ বিনিময়ত ক্ৰেতাৰ পৰা কৃষকে নিশ্চিত দাম পাব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰে কৈছে৷ অলপতে আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে– ‘কেইবা দশক ধৰি তিনিটা প্ৰধান কৃষক অনুকূল সংস্কাৰৰ দাবী উত্থাপন হৈ আহিছে৷ বৰ্তমান, চৰকাৰে কৰা তিনিটা সংস্কাৰে কৃষকক মাণ্ডিৰ বাহিৰতো তেওঁলোকৰ উৎপাদন বিক্ৰী কৰাৰ অধিকাৰ দিছে৷ সেয়ে খেতিয়কে য’তেই ভাল দাম পায়, তাতে নিজৰ উৎপাদন বিক্ৰী কৰিব পাৰে৷ দ্বিতীয়তে, যদি খেতিয়কে ইচ্ছা কৰে তেন্তে তেওঁ শস্য সিঁচাৰ সময়তে ফচলৰ দাম এতিয়া নিৰ্ণয় কৰিব পাৰে৷ এতিয়া, চিপ্‌ছ প্ৰস্তুত কৰা উদ্যোগৰ সৈতে আলু খেতিয়কে এখন চুক্তিত চহী কৰিব পাৰে, আমৰ খেতিয়কে মেংগ’ জুছ প্ৰস্তুত কৰা উদ্যোগৰ সৈতে, বিলাহী খেতিয়কে ছচ প্ৰস্তুত কৰা উদ্যোগৰ সৈতে আনকি বীজ সিঁচাৰ সময়তে চুক্তি কৰিব পাৰে৷ ই এক নিশ্চিত দাম প্ৰদান কৰিব আৰু দামৰ অৱনতিৰ দুশ্চিন্তাৰ পৰা কৃষকক মুক্ত কৰিব৷’

প্ৰধানমন্ত্ৰীৰ এই কথা শুনি ধাৰণা হয় যে কৃষকে আৰু ভয় কৰিবলগীয়া একো নাই৷ হাড়ক মাটি কৰি তেজক পানী কৰি উৎপাদন কৰা শস্যৰ যদি খেতিয়কে নিশ্চিত দাম পায়েই, তেনেহ’লে আৰু কিহৰ চিন্তা! দিল্লীৰ সীমান্ত অঞ্চলত হাজাৰ হাজাৰ খেতিয়কে আন্দোলন কৰি আছে কিয়? নিশ্চয় তাৰ অৰ্থ নোহোৱা নহয়৷ চৰকাৰে নিশ্চিত দাম পাব বুলি কৈছে৷ কিন্তু দাম কেনেকৈ নিশ্চিত কৰা হ’ব? কোনে নিশ্চিত কৰিব? কৃষি লগ্নি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া কি হ’ব? কৃষকক বাধ্যবাধকতাত পেলাই মধ্যস্থতাকাৰীয়ে খীৰাই খোৱাৰ পাং পাতিব যাতে নোৱাৰে, তাৰ নিশ্চয়তা চৰকাৰে কেনেকৈ দিব?

কৃষকৰ সুবিধা হোৱাকৈ চৰকাৰে ফচল বীমা যোজনা, কৃষি ঋণ, বিদু্যৎ, জলসিঞ্চন, কীটনাশক স্প্ৰে’ আদিৰ ব্যৱস্থা কৰি ভাল কাম কৰিছে৷ সেইবিলাক আঁচনিৰ সফল, সঠিক আৰু সময়োচিত ৰূপায়ণো সুনিশ্চিত কৰিব লাগিব৷ কিন্তু এতিয়া প্ৰশ্ন উঠিছে– কৃষি আইনৰ সংস্কাৰক লৈ৷ এই নতুন সংস্কাৰ সন্দৰ্ভত চৰকাৰে কৈছে যে ‘বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি এই সংস্কাৰৰ সপক্ষে মত প্ৰকাশ কৰি আহিছে৷ আনকি ৰাজনৈতিক দলসমূহেও এই সংস্কাৰসমূহৰ কথা কৈ ভোট বিচাৰি আছে৷ সকলোৱে আশা কৰিছিল যে এই সংস্কাৰসমূহ সাধন হওক৷’

প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কৈছে– ‘আচল কথাটো হৈছে বিৰোধী দলে বিচৰা নাই যে আমি ইয়াৰ কৃতিত্ব লওঁ৷ আমিও কৃতিত্ব ল’ব নিবিচাৰোঁ৷ কৃষক আৰু কৰ্মীৰ কল্যাণৰ কথা মনত ৰাখি আমি এই সংস্কাৰসমূহ সাধন কৰিছোঁ আৰু আমাৰ অতীত অভিলেখৰ বাবে তেওঁলোকে আমাৰ অভিপ্ৰায় বুজি পাইছে আৰু বিশ্বাস কৰিছে৷ যোৱা ছবছৰত আমি কৃষিখণ্ডৰ পৰ্যায়ক্ৰমে সংস্কাৰ সাধন কৰি আহিছোঁ৷ সেয়ে এতিয়া আমি যি কাম কৰিছোঁ, সেয়া হৈছে ২০১৪ত আমি আৰম্ভ কৰা শৃংখলাৰ এটা অংশ৷ আমি এমএছপিও বহুগুণ বৃদ্ধি কৰিছোঁ, আৰু প্ৰকৃতাৰ্থত এমএছপিত আমি পূৰ্বৰ চৰকাৰতকৈ বহুগুণে বেছি সংগ্ৰহ কৰিছোঁ৷ জলসিঞ্চন আৰু বীমা উভয়তে ব্যাপক উন্নতি পৰিলক্ষিত হৈছে৷ কৃষকৰ বাবে পোনপটীয়া উপাৰ্জনৰ সহায় নিশ্চিত কৰা হৈছে৷ ভাৰতীয় কৃষিত অভাৱ আছিল– কৃষকসকলে কৰা হাড়ভঙা শ্ৰমৰ বিনিময়ত সকলোৱে সমান উপাৰ্জন কৰাটো৷ এই সংস্কাৰসমূহে অনা নতুন গাঁথনিৰ ফলত আমাৰ কৃষকৰ মুনাফা  বৃদ্ধি পাব৷ কৃষিক্ষেত্ৰতো বিনিয়োগ, নৱোন্মেষণ আৰু প্ৰযুক্তিৰ নতুন দুৱাৰ মুকলি হ’ব৷ এনেদৰে এই সংস্কাৰসমূহে কেৱল কৃষিখণ্ডৰে নহয়, বৰং সমগ্ৰ গ্ৰামীণ অৰ্থনীতিৰে পৰিৱৰ্তন কৰিব৷’

এনেদৰে যুক্তি দাঙি ধৰি কৃষি আইনৰ সংস্কাৰৰ সপক্ষে প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে৷ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে, কৃষকসকলে সংস্কাৰক লৈ প্ৰকাশ কৰা সন্দেহ নিষ্পত্তি কৰাৰ সলনি চৰকাৰখন, বিশেষকৈ প্ৰধানমন্ত্ৰী উঠিপৰি লাগিছে বিৰোধী দলক সমালোচনা কৰাত৷

সংশোধিত কৃষি আইনত সন্নিৱিষ্ট একাধিক দফাক বিশ্বাসত ল’ব পৰা নাই কৃষকে৷ উচ্ছতম ন্যায়ালয়ে দিয়া পৰামৰ্শ মতেই কৃষি বিশেষজ্ঞ, কৃষক প্ৰতিনিধি, প্ৰশাসনৰ লোকে মিলি উত্থাপিত সন্দেহৰ অৱকাশবোৰ নোহোৱা কৰাৰ প্ৰয়াসহে কৰিব লাগিব চৰকাৰে৷

নূ্যনতম সমৰ্থন মূল্যৰ [এমএছপি] ক্ষেত্ৰতো কৃষকসকল আশ্বস্ত হ’ব পৰা নাই৷ চৰকাৰে এই কথা জানে আৰু স্বীকাৰো কৰিছে যে কৃষকক বিত্তীয়ভাৱে সুৰক্ষা প্ৰদানৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে তেওঁলোকে যি দামত শস্য বিক্ৰী কৰিব, তাৰ এটা নিৰ্দিষ্ট মূল্য নিশ্চিত কৰা৷ ই উপাৰ্জনৰ সৈতে থকা আশংকা হ্ৰাস কৰে৷ নূ্যনতম সমৰ্থন মূল্যই [এমএছপি] কৃষকৰ বাবে এক সুৰক্ষা বেষ্টনী তৈয়াৰ কৰে, য’ত ই তেওঁলোকৰ বাবে এটা নিৰ্দিষ্ট উপাৰ্জন নিশ্চিত কৰে৷ চৰকাৰে প্ৰকাশ কৰা মতে, মোদী চৰকাৰে ইয়াক সময়ত বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কেইবাবাৰো বৃদ্ধি কৰি সেয়া ৰূপায়ণ কৰিছে৷ অৱশ্যে, এমএছপি বৃদ্ধিৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰ আৰু মোদী চৰকাৰৰ পাৰ্থক্য নিয়মীয়াকৈ ঘোষণা কৰা হোৱা নাই যদিও এমএছপিত শস্যৰ সংগ্ৰহ কেইবাগুণ বৃদ্ধি পাইছে৷ এমএছপিৰ ৰূপত কৃষকক কৰা ধনাদায়ো বহুগুণে বৃদ্ধি পাইছে, এমএছপি বৃদ্ধিয়ে প্ৰকৃতাৰ্থত কৃষকক লাভৱান কৰাটো নিশ্চিত কৰা হৈছে৷ চৰকাৰে চলোৱা প্ৰচাৰত কোৱা হৈছে যে কৃষি সংস্কাৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ এটা হৈছে এমএছপি সম্পৰ্কীয় মিথ্যাচাৰ প্ৰচাৰ৷ অৱশ্যে, মোদী চৰকাৰে এমএছপিৰ ক্ষেত্ৰত ইয়াৰ সংকল্পবদ্ধতা খুব স্পষ্টকৈ প্ৰদৰ্শন কৰিছে ২০২০-২১ৰ খাৰিফ ছীজনকে ধৰি চৰকাৰৰ শস্য সংগ্ৰহৰ দ্বাৰা৷ তথাপি কৃষকসকল আশ্বস্ত নহয়৷ কৃষকে কৈছে যে কৃষি আইনৰ এই সংশোধন নালাগে৷ যদি চৰকাৰে আৰোপ কৰিবই বিচাৰে, তেন্তে প্ৰথম কাম কি হ’ব লাগিছিল? আইনৰ ঢাক-ঢোল নবজাই কৃষকৰ মনত সৃষ্টি হোৱা প্ৰতিটো আশংকা আৰু সন্দেহ দূৰ কৰা নহয় জানো?

সৰ্বসাধাৰণে চৰকাৰক সন্দেহ নকৰিব কিয়? তথ্য-পৰিসংখ্যাই বাধ্য কৰায় সন্দেহ কৰিবলৈ৷ ২০১৯ত বিশ্বৰ মানৱ বিকাশৰ স্থিতিত ভাৰতৰ স্থান ১৩১৷ ২০১৮ত এই স্থান আছিল ১৩০৷ এয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য, তাকো কৰ’না ভাইৰাছৰ আক্ৰমণৰ আগৰ৷ ৰাষ্ট্ৰসংঘই বিশ্বৰ ১৮৯খন দেশত মানুহৰ জীৱনৰ স্তৰৰ ভিন ভিন দিশৰ সমীক্ষা চলায়৷ ইয়াৰ সমীক্ষা অনুযায়ী মানৱ বিকাশ সূচকাংকত ভাৰতৰ মান ০.৬৪৫৷ ইয়াক মজলীয়া শ্ৰেণীৰ বুলি গণ্য কৰা হয়৷ ভাৰতৰ সমান্তৰালকৈ বাংলাদেশ, পাকিস্তান আদি দেশো এই শ্ৰেণীত অন্তৰ্ভুক্ত৷

যি সময়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে কৈ আছে যে ভাৰতে উন্নয়নৰ দিশত বিশ্বক নেতৃত্ব দিবলৈ গৈ আছে, সেই সময়তে পৰিসংখ্যাত দেখা গৈছে তাৰ ওলোটা তথ্য৷ ১৮৯খন দেশৰ মাজত ১৩০ নম্বৰৰ স্থান কেনেকৈ আশাব্যঞ্জক হ’ব পাৰে?