বিটিআৰৰ নাটক
বিটিআৰৰ ৰাজনৈতিক প্ৰেক্ষাপট বেছ ৰহস্যঘন হোৱা দেখা গৈছে৷ ই মুঠেও ইতিবাচক কথা হ’ব নোৱাৰে৷ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হ’ল হাগ্ৰামাই নেতৃত্ব দিয়া বিপিএফ৷ কিন্তু বিজেপিৰ দ্বাৰা সমৰ্থিত প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এলক লৈ বিটিআৰ গঠন কৰাৰ কথা ঘোষিত হ’ল৷ ৰহস্যজনক কাৰণত ইউপি পি এলৰ নিৰ্বাচিত সদস্যসকলক হোটেল লিলিত ৰখা হ’ল৷ শুনিবলৈ পোৱা গ’ল লিলি হোটেলত হেনো ৫০ লাখ টকাৰ বিল হ’ল! সি যি হওক,তাৰ পাছত লিলি হোটেলৰ পৰা শ্বিলঙলৈ নিয়া হ’ল! এইবোৰ স্বাভাৱিক বুলি ধৰি ল’ব পাৰিনে? এই কথা সহজেই অনুমেয় যে এনে নাটকবাজী কৰিবলগা হৈছে হাগ্ৰামাৰ ভয়ত৷ হাগ্ৰামাই ৫ বা ৬জন সদস্যক হাইজেক কৰিলেই বিটিআৰ দখল কৰিব পাৰে৷ যিটো হাগ্ৰামাৰ বাবে বৰ কঠিন নহয়৷ সেয়ে ইউ পি পি এলৰ বিজয়ীসকলে হোটেল লিলিত বা শ্বিলঙত বন্দী [বিনোদন?] হ’বলগা হৈছে৷ এনেবোৰ কথা কেৱল গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থীয়েই নহয়, অতি দৃষ্টিকটু হৈছে৷ এনে নাটকবাজীয়ে সমাজত নেতিবাচক প্ৰভাৱ পেলায়, ৰাজনৈতিক ক্ষেত্ৰখন কলুষিত কৰে৷ এই প্ৰসংগত প্ৰধানকৈ দুটা কথাই আমাক চিন্তা কৰিবলৈ বাধ্য কৰাইছে৷ প্ৰথমতে, এনে নাটকবাজী বা পাকচক্ৰত পৰি প্ৰমোদ বড়োৰ দৰে এজন সম্ভাৱনাময় নেতা দিশহাৰা বা হতাশাগ্ৰস্ত নহ’বনে? একক সংখ্যাগৰিষ্ঠ দল হিচাপে বিপিএফৰ সদস্যসকল তথা হাগ্ৰামা ক্ষুব্ধ নহ’বনে? দ্বিতীয়তে, এইধৰণৰ সস্তীয়া লুকা-ভাকু খেলে বড়োসকল তথা বিটিআৰবাসীক ক্ষতিগ্ৰস্ত নকৰিবনে? আমাৰ মনলৈ অহা এই দুয়োটা কথাই অমূলক হ’ব নোৱাৰে, বৰঞ্চ গুৰুত্বপূৰ্ণ৷
বিগত তিনিটামান দশকত আমি বহু সম্ভাৱনাময় জনজাতীয় নেতাক পাইছিলোঁ৷ জয়ন্ত ৰংপি, ৰণোজ পেগু, আদিত্য খাখলাৰী, ভুৱন পেগু আদি কেইবাজনো জনজাতীয় নেতাই আমাক সকাহ দিছিল৷ আমি ভাবিছিলোঁ তেওঁলোকে ভীমবৰ দেউৰীৰ আদৰ্শক সাৰোগত কৰি বৃহত্তৰ সমাজখনক সঠিক নেতৃত্ব দিব৷ কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল বেছিভাগেই আপোচ কৰি মৌনতা বা নিষ্ক্ৰিয়তা অৱলম্বন কৰিলে৷ শেহতীয়াসকলৰ ভিতৰত প্ৰমোদ বড়োৰ কথা-বতৰাত আমি বাস্তৱ তথা দূৰদৰ্শী দৃষ্টিভংগীৰ উমান পাইছিলোঁ৷ তেওঁৰ এটা সহজ-সৰল মন তথা স্বজাতিৰ প্ৰতি দায়বদ্ধতা আৰু সকলো শ্ৰেণীৰ লোকৰ প্ৰতি উদাৰ-গণতান্ত্ৰিক মনোভাব আছে বুলি আশ্বস্ত হৈছিলোঁ৷ কিন্তু শেহতীয়া ৰাজনৈতিক আবহাৱাত তেওঁ হতাশ নহ’বনে? শেহতীয়া নিৰ্বাচনী ফলাফলে তেওঁক স্বাভাৱিকতে আশা কৰা ধৰণে সুখী নকৰিলে, সেইটো খাটাং৷ তাতোকৈও শেহতীয়া নাটকবাজীয়ে তেওঁক হয়তো অধিক অশ্বস্তিত পেলাইছে৷ বিবেকৰ দংশনে হয়তো ক্ষতবিক্ষত কৰিছে৷ এনে পৰিস্থিতি উত্তৰ আধুনিক ৰাজনীতিৰ অংশ বুলি হজম কৰিব পাৰিনে বা কৰা উচিতনে? এয়া ৰাজনীতি হয় জানো? যদি এইবোৰেই ৰাজনীতি, তেন্তে এনে ৰাজনীতিয়ে কিদৰে প্ৰজাক উপকৃত কৰিব? হাগ্ৰামাৰ ভয়ত বিজয়ী প্ৰাৰ্থীক লিলি হোটেল বা শ্বিলঙত আবদ্ধ কৰি ৰখাটো যিদৰে কোনো ক্ষেত্ৰতে সমৰ্থন কৰিব নোৱাৰি, ঠিক সেইদৰে সুবিধা পালেই হাগ্ৰামাই কোনো প্ৰাৰ্থীক হাইজেক কৰিলে সিও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ বৃহৎ অংকৰ ধনৰ লেনদেনতহে এটা দলৰ প্ৰাৰ্থীয়ে আন দলত যোগদান কৰে৷ এই বৃহৎ অংকৰ টকা ক’ৰপৰা আহে? এনেবোৰ কথা বুজিবলৈ বৰ বেছি অধ্যয়ন বা বুদ্ধিমত্তাৰ প্ৰয়োজন নাই৷ কিন্তু সকলো জানি-বুজিও আমি বোবা বা বধিৰ হৈ থাকিবলগা হৈছে৷ এখনৰ পাছত এখন ৰাজনৈতিক নাটক চাই থাকিবলগা হৈছে৷ এচামে এইধৰণৰ ‘ৰাজনীতি’ৰ বৈধতা প্ৰদান কৰিবলৈ চেষ্টা কৰা দেখা যায়৷ তেওঁলোকে অতীতৰ ৰাজতন্ত্ৰ তথা একনায়কত্ববাদী শাসনৰ উদাহৰণ তুলি ধৰি ক’ব খোজে– ৰাজনীতি এনেকুৱাই!এইচামেই আকৌ নিজকে উদাৰচিতীয়া গণতান্ত্ৰিক বুলি দাবী কৰে! গণতান্ত্ৰিক ৰাষ্ট্ৰত এনে অগণতান্ত্ৰিক কাম-কাজক কিহৰ ভিত্তিত সমৰ্থন কৰিব পাৰি?
কোনে কি অংকত কি ৰাজনীতি কৰিছে, সি বুজাই বুজিছে৷ ক্ষমতা আৰু প্ৰতিপত্তিৰ লোভ, সা-সম্পত্তি আহৰণৰ লালসাত এচামে ৰাইজৰ দুখ-দৈন্যৰ কথা পাহৰি গৈছে৷ জাতি, দেশৰ কথা গৌণ, সংকীৰ্ণ স্বাৰ্থহে মুখ্য হৈ পৰিছে এইসকলৰ বাবে৷ প্ৰকৃত অৰ্থত ৰাইজৰ সেৱক হ’বলৈ ৰাজনৈতিক নেতাসকলে সস্তীয়া নাটকবাজী কৰাৰ প্ৰয়োজন নাই৷ ৰাইজৰ সেৱা কৰিছে যদি ৰাইজৰ স’তে থাকক, ভয় কিয় কৰে?
প্ৰমোদ বড়োৱে তেওঁৰ শত্ৰু কোন আৰু মিত্ৰ কোন সেই কথা বিচাৰ কৰক৷ ৰাজনীতিত শত্ৰু-মিত্ৰ বুলি একো নাই৷ ৰাজনীতিত সকলো সম্ভৱ৷ এইদৰে আমি ‘ৰাজনীতিত সকলো সম্ভৱ’ বুলি অন্ধভাৱে ছীল-মোহৰ মাৰি বৈধতা প্ৰদান কৰাৰ বাবেই ৰাজনৈতিক নেতাসকলে উভতগোৰে নাচিব পাৰিছে, যি মন যায় তাকেই কৰিব পাৰিছে৷ পিছে, ৰাজনৈতিক নেতাসকলেও উপলব্ধি কৰা উচিত যে সকলোৰে এটা সীমা থাকে, ৰাজনৈতিক বহুৱালিয়ে সীমা অতিক্ৰম কৰিছে৷ সীমা চেৰাই গ’লে গজদন্তমিনাৰ এদিন চূৰ্ণ-বিচূৰ্ণ হ’ব৷ গণতান্ত্ৰিক মূল্যবোধক ভৰিৰে গচকি শাসনভাৰ লোৱাৰ সময়ত গণতন্ত্ৰ-সংবিধানৰ শপত বাক্য ভাটৌৰ দৰে উচ্ছাৰণ কৰিলে হ’বনে?’ এনে ভণ্ড আৰু শিয়ালৰ ধূৰ্ততাৰে পুষ্ট নেতাই দেশ-ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি আশা কৰিব পাৰিনে? এনে ৰাজনীতিয়ে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব পাৰিবনে?


