Logo
Logo
image

৬ অক্টোবৰলৈ ৰিয়া থাকিব জে’লত, চিত্ৰ নিৰ্মাতা মধু মাণ্টেনাকো জেৰা কৰিব এন চি বিয়ে

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু বলীউডৰ ড্ৰাগ্‌ছ কেলেংকাৰিয়ে দেশ জোকাৰি যোৱাৰ সময়তে কেতবোৰ নতুন নতুন নাম পোহৰলৈ আহিছে৷ ৰিয়া চক্ৰৱৰ্তীয়ে এন চি বিৰ জেৰাত বলীউডৰ বহু তৰকাৰ নাম প্ৰকাশ কৰে৷ তেওঁলোকৰ ভিতৰত ছাৰা আলী খান, শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং, ছিমন খাম্বাট্টা, মুকেশ চাব্ৰা অন্যতম৷ কিন্তু শেহতীয়াকৈ আন এটা নামো পোহৰলৈ আহিছে৷ সেয়া হৈছে বলীউডৰ চিত্ৰ নিৰ্মাতা, প্ৰযোজক, পৰিচালক মধু মাণ্টেনা৷ তেওঁকো অচিৰেই জেৰা কৰিব এন চি বিয়ে৷ তেওঁলৈ অতি সোনকালেই চমন জাৰি কৰা হ’ব৷ এন চি বিয়ে মধু মাণ্টেনাৰ ৱাট্‌ছএপ বাৰ্তালাপৰ তথ্যও আহৰণ কৰিছে৷ মধুৱে সুশান্তৰ প্ৰাক্তন টেলেণ্ট মেনেজাৰ জয়া সাহাৰ সৈতে ড্ৰাগ্‌ছৰ বিষয়ে ৱাট্‌ছএপত আলোচনা কৰিছিল৷ ইপিনে, সুশান্তৰ মৃত্যুৰ গোচৰত এন চি বিয়ে গ্ৰেপ্তাৰ কৰা বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ ম্যাদ ৬ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে৷ ফলত ৬ অক্টোবৰলৈকে ৰিয়াই কাৰাগাৰত থাকিব লাগিব৷ ৰিয়াৰ ভ্ৰাতৃ সৌৱিক চক্ৰৱৰ্তী আৰু আন কেইবাজনো ড্ৰাগ্‌ছ যোগানকাৰীৰ ন্যায়িক জিম্মাৰ ম্যাদো সমাপ্ত হৈছিল৷ আজি আটাইকে এন চি বিয়ে আদালতত হাজিৰ কৰায় আৰু পুনৰ ন্যায়িক জিম্মাত বিচাৰে৷ ফলত আদালতে ৬ অক্টোবৰলৈকে ৰিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰে৷ বাকীকেইজনৰো ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হয়৷ ইপিনে, বোম্বে উচ্ছ ন্যায়ালয়ত ৰিয়া আৰু ভ্ৰাতৃ সৌৱিকে জামিন বিচাৰি আৱেদন কৰে৷ কাইলৈ অৰ্থাৎ ২৩ ছেপ্টেম্বৰত এই আৱেদনৰ শুনানি গ্ৰহণ কৰা হ’ব৷