Logo
Logo
image

ক্ষমতাকেন্দ্ৰিক ৰাজনীতি

... অসমত নিৰ্বাচনকেন্দ্ৰিক অসংখ্য আঞ্চলিক দল গঠন হৈছে যদিও সকলোৰে লক্ষ্য ক্ষমতা৷ প্ৰকৃততে অসমত আঞ্চলিকতাবাদৰ ভেটি মজবুত কৰিবলৈ হ’লে সকলো আঞ্চলিক দল ঐক্যবদ্ধ হৈ এক শক্তিশালী ধৰ্মনিৰপেক্ষ শক্তি হিচাপে আগবাঢ়িব লাগিব৷ যদিও একেখনেই অসম– উজনি অসম, মধ্য অসম, নামনি অসম আৰু বৰাক উপত্যকাৰ নিৰ্বাচনী ৰাজনীতিৰ বৈশিষ্ট্যও ভিন ভিন৷ গতিকে উগ্ৰ জাতীয়তাবাদ, মধ্যবিত্ত নেতৃত্বৰ অহমিকা এৰি সকলো স্তৰত লোকৰ আস্থা লাভ কৰিবৰ বাবে আন্তৰিক সম্পৰ্ক স্থাপন হওক৷ সুবিধাবাদী আৰু আৱেগিক জাতীয়তাবাদৰ পৰিৱৰ্তে আদৰ্শগত আঞ্চলিকতাবাদৰ পৰিৱেশ গঢ়ি তোলক ...


ভাৰতৰ দৰে বিশাল আৰু নানা ভাষা-ধৰ্ম, জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়েৰে পৰিৱেষ্টিত দেশ এখনৰ ঐক্য আৰু সংহতিৰ স্বাৰ্থতে সুস্থ আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা নিশ্চিতভাৱে আছে৷ তদুপৰি এই বিশাল দেশত বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ ৰাইজৰ আশা-আকাংক্ষা বেলেগ বেলেগ৷ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা সংবিধানস্বীকৃত হ’লেও প্ৰকৃতাৰ্থত ভাৰত অৰ্ধযুক্তৰাষ্ট্ৰ বুলিহে অভিহিত কৰিব পাৰি৷ কিয়নো ভাৰতৰ শাসকবৰ্গই সদায় বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ পৰিৱৰ্তে একীভূত শাসনৰ পক্ষপাতি৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক অধিক ক্ষমতা দিয়াৰ বিপৰীতে ক্ষমতা কুক্ষিগত কৰাতহে গুৰুত্ব দিছে৷ সম্প্ৰতি মোদী চৰকাৰে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ধবংস কৰি কাৰ্যতঃ সকলো ক্ষমতা কেন্দ্ৰৰ হাতলৈ নিছে৷ জি এছ টি প্ৰৱৰ্তন কৰি ৰাজ্যবোৰৰ অৰ্থনৈতিক স্বতন্ত্ৰতা নিঃশেষ কৰি কেন্দ্ৰৰ মুখলৈ চাব লগা অৱস্থা কৰিলে৷ কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিল কৰি ৰাজ্যখনৰ স্বতন্ত্ৰতা নিমিষতে নাইকিয়া কৰে৷ তদুপৰি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমৰ এক বিশাল জনগণৰ মতামতক পদাঘাত কৰি অসমৰ ভাষিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাক ঘোৰ সংকটৰ মুখলৈ ঠেলি দিয়ে৷ ইও কেন্দ্ৰীয় চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ নিদৰ্শন৷ একেদৰে এক দেশ এক অৰ্থনীতি, এক দেশ এক ৰেচন কাৰ্ডৰ নামত কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কলৈ জটিলতা অনা হৈছে৷ ৰাজ্যলৈ ক্ষমতা হস্তান্তৰ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয়তাবাদৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছে৷ সংসদৰ সংখ্যাগৰিষ্ঠতাৰ বলত জনমতক অৱজ্ঞা কৰি কিদৰে পৰ্যায়ক্ৰমে এককেন্দ্ৰিক শাসন ব্যৱস্থাৰ দিশে ধাৱমান হৈছে, তাৰ আৰু অধিক উদাহৰণ দাঙি ধৰাৰ বোধহয় প্ৰয়োজন নাই৷ এনে প্ৰেক্ষাপটত আঞ্চলিক শক্তিৰ সবল উত্থান অতিকৈ প্ৰয়োজন৷ বিশেষকৈ ভাৰতৰ ফেডাৰেল গাঁথনি অধিক শক্তিশালী কৰিবৰ বাবে অথাৰ্ৎ এককেন্দ্ৰিক শাসন ব্যৱস্থাক প্ৰত্যাহ্বান জনাবৰ বাবে আঞ্চলিকতাবাদৰ প্ৰয়োজন৷ অৱশ্যে, ভাৰতৰ ৰাজনীতিত ৮০ দশকৰ পৰাই বিভিন্ন প্ৰদেশত উত্তৰণ ঘটা আঞ্চলিক দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ সেয়েহে বিভিন্ন ৰাজ্যত আঞ্চলিক দলবোৰ গঠন হৈছে আৰু চৰকাৰ গঠন কৰিছে৷ বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰ গঠনতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ তামিলনাডুত ডি এম কে, এ আই এ ডি এম কে, ওড়িশাত বিজু জনতা দল, অন্ধ্ৰপ্ৰদেশত টিডিপি, মহাৰাষ্ট্ৰত শিৱসেনা, পঞ্জাবত আকালি দল আদি আঞ্চলিক দল যথেষ্ট শক্তিশালী৷ উত্তৰ-পূবৰ মিজোৰাম, ছিকিম আৰ মেঘালয়তো আঞ্চলিক দল যথেষ্ট শক্তিশালী৷ নামত সৰ্বভাৰতীয় হ’লেও উত্তৰ প্ৰদেশৰ সমাজবাদী দল, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, বিহাৰত জে ডি [ইউ] আৰু আৰ জে ডি চৰিত্ৰগতভাৱে আঞ্চলিক দলহে৷ উক্ত আঞ্চলিক দলবোৰে কেইবাদশক ধৰি নিজৰ স্থিতি আৰু জনসমৰ্থন ধৰি ৰাখিব পাৰিছে৷ এক ঐতিহাসিক ঘটনাক্ৰমে ১৯৮৫ চনত অসমতো আঞ্চলিক দল অসম গণ পৰিষদৰ জন্ম হয়৷ অসমত আঞ্চলিকতাবাদী শক্তিৰ আৰম্ভণি যদিও বহু আগেয়ে হৈছিল, কিন্তু এক শক্তিৰ সাৱলীল গতিৰ আৰম্ভণি কৰিছিল অগপ দলেহে৷ অসম গণ পৰিষদে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিছিল৷ বৰ্তমান বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ৷

অসমৰ ক্ষেত্ৰত আঞ্চলিকতাবাদৰ প্ৰয়োজন আছেনে? নিশ্চয়কৈ আছে৷ আঞ্চলিক পৰিচয় হৈছে বিশ্বৰ চুকে-কোণে ধবনিত হোৱা জাতীয়তা ৰক্ষাৰহে পৰিচায়ক৷ অসম ভাৰতৰ অংগ হ’লেও ইয়াৰ এক বৰ্ণময় সুকীয়া পৰিচয় আছে৷ অসমৰ বৰ্ণময় জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, বিচিত্ৰ জনগাঁথনি, ভৌগোলিক পৰিৱেশ আদি সকলোফালৰ পৰা এক সুকীয়া বৈশিষ্ট্যৰে সমৃদ্ধ অসম৷ অসমৰ এনে সুকীয়া পৰিচয় ৰাষ্ট্ৰীয় দলৰ হাতত কোনো কাৰণতে সুৰক্ষিত নহয়৷ ইতিমধ্যে ৰাষ্ট্ৰীয় দলৰ হাতত অসমৰ পৰিচয়ৰ সংকটে দেখা দিছে৷ এনে অৱস্থাত অসমত আঞ্চলিকতাবাদ তথা আঞ্চলিক শক্তিৰ প্ৰয়োজন নিশ্চিতভাৱে আছে৷

ভাষাৰ ভিত্তিত অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা আৰু ৰাজ্যখনৰ সাম্প্ৰদায়িক বিভাজন ৰোধ কৰা আৰু অসমৰ সম্পদৰ ওপৰত জনসাধাৰণৰ অধিকাৰ ৰক্ষা কৰা; ধৰ্মৰ ভিত্তিত জনসাধাৰণক ভাগ ভাগ কৰাৰ যি ৰাজনৈতিক ধাৰা গঢ় লৈ উঠিছে, তাক প্ৰতিহত কৰাৰ বাবে অসমত সুস্থ, উদাৰ আৰু সক্ৰিয়  আঞ্চলিক ৰাজনৈতিক চেতনালব্ধ দল এটাৰ প্ৰয়োজন৷ অসমৰ সমাজ-সংস্কৃতিয়ে কেতিয়াও ধৰ্মান্ধতাক সমৰ্থন নকৰে৷ ৰাষ্ট্ৰীয় দলসমূহে অসমৰ সমস্যা সমাধানত কোনো গুৰুত্ব প্ৰদান নকৰিলে৷ ৰাষ্ট্ৰীয় নেতাসকলৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ সাহস অসমৰ কংগ্ৰেছ বা বিজেপিৰ কোনো নেতাৰ নাই৷ 

অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা, বান-খহনীয়া, নদীবান্ধ, সীমাবিবাদ, নিবনুৱা সমস্যা, উদ্যোগীকৰণ, কৃষিক্ষেত্ৰৰ সমস্যা, জনগোষ্ঠীয় সমস্যা আদি কোনোটো সমস্যাকে ৰাষ্ট্ৰীয় দলবোৰে গুৰুত্ব প্ৰদান কৰা নাই আৰু নকৰিলে৷ অসমৰ জনগণে যাতে কোনোদিনে শক্তিশালীভাৱে প্ৰাপ্যৰ দাবী উত্থাপন কৰিব নোৱাৰে, তাৰ বাবে অসমীয়া সমাজখনক নিশকতীয়া কৰাৰ পৰিকল্পিত প্ৰচেষ্টা অব্যাহত ৰখা হৈছে৷ ৰাষ্ট্ৰযন্ত্ৰৰ কাণ্ডাৰীসকলৰ চকুৰ সন্মুখেদিয়েই অসমলৈ অবৈধ অনুপ্ৰৱেশ ঘটি থাকিল চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা৷ অসম আজি ধৰ্মীয় আৰু ভাষিকউভয় আগ্ৰাসনৰ বলি হ’বলগা হৈছে৷ বিদেশী বহিষ্কাৰ আৰু অনুপ্ৰৱেশ ৰোধ কোনোটোৱেই দায়িত্বসহকাৰে ৰাষ্ট্ৰযন্ত্ৰই সমাপন নকৰিলে৷ কংগ্ৰেছৰ দৰে সৰ্বভাৰতীয় দলে দীৰ্ঘদিন আওকাণ কৰি অহাৰ পাছত বিজেপিয়ে বিদেশী সমস্যা সমাধানৰ বাট কাৰ্যতঃ বন্ধ কৰি দিলে৷ বিদেশী খেদাতো বাদেই, ‘কা’ আনি বিদেশীৰ মাজত ধৰ্মীয় বিভাজন আনি হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদানৰহে ব্যৱস্থা কৰে৷ উচ্ছতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হোৱা এন আৰ চিখনো শুদ্ধ আৰু নিখুঁতভাৱে প্ৰস্তুত হোৱাত সহায় কৰাৰ সলনি এই দলে নস্যাৎ কৰি বিদেশী নাগৰিকৰ সমস্যাটোক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰে৷ অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ ক্ষেত্ৰতো ওলোটা খৰ মাৰে৷ জাতি-ভেটি-মাটি ৰাষ্ট্ৰীয়তাবাদ আৰু ধৰ্মত সমৰ্পিত হয়৷ এনেক্ষেত্ৰত অসমত পুনৰ আঞ্চলিকতাবাদৰ প্ৰসংগই গা কৰি উঠিছে৷

আমাৰ খনিজ সম্পদ, বনজ সম্পদ প্ৰচুৰ পৰিমাণে আছে, চাহপাত আছে, উৰ্বৰা মাটি আছে৷ নদীমাতৃক ৰাজ্যখনত প্ৰচুৰ জলৰাশি আছে৷ এই জলৰাশিক জলসম্পদ কৰি তোলাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে নলয় কিয়? বলিয়া বানৰ সৃষ্টি কৰা ধবংসকামী জলৰাশিক নিয়ন্ত্ৰণ কৰি জলশক্তিলৈ ৰূপান্তৰ কৰিলে জনসাধাৰণো ৰক্ষা হয়, ৰাজ্য তথা চৰকাৰখনৰো উন্নতি হয়৷ অসমৰ সম্পদেৰে অসমত উদ্যোগীকৰণৰ বিপৰীতে অসমখনক অন্যান্য ৰাজ্যৰ উৎপাদন সামগ্ৰীৰ বজাৰ কৰি তুলিছে৷

আঞ্চলিক দলৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা এইবাবেই অধিক যে আঞ্চলিক দলসমূহৰ ৰাজ্যৰ উন্নয়নৰ বাবে কেন্দ্ৰক হেঁচা দিয়া তথা কেন্দ্ৰৰ স’তে দৰ-দাম কৰাৰ ক্ষমতা ৰাষ্ট্ৰীয় দলতকৈ অধিক৷ অসমৰ ক্ষেত্ৰত চাওঁ যদি দেখিম অগপ চৰকাৰৰ হেঁচাতেই কেন্দ্ৰ-ৰাজ্যৰ ৰাজহ অংশৰ অনুপাত ৯০: ১০ হৈছিল৷ অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছিল৷ যিটো সম্প্ৰতি মোদী চৰকাৰে প্ৰত্যাহাৰ কৰে৷ অসম আন্দোলন নোহোৱাহেঁতেন আৰু অগপ ক্ষমতালৈ নহাহেঁতেন, অসমত বগীবিল দলং, নুমলীগড় শোধনাগাৰ, গেছ ক্ৰেকাৰ প্ৰকল্প, আই আই টি, দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন নহ’লহেঁতেন৷ তদুপৰি এই অঞ্চলৰ ৰাইজৰ প্ৰকৃত অভাৱ-অভিযোগসমূহ আঞ্চলিক দলেহে অনুধাৱন কৰিব পাৰে, ৰাষ্ট্ৰীয় দলসমূহ দিল্লীৰ পৰা পৰিচালিত হয়৷ যাৰ ফলত ৰাষ্ট্ৰীয় দলত আঞ্চলিক সমস্যাই গুৰুত্ব নাপায়৷ আনহাতে, দিল্লীত চৰকাৰ ভঙা-পতাৰ খেলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে বিশেষ ভূমিকা পালন কৰিব নোৱাৰে৷ কাৰণ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত লোকসভা আৰু ৰাজ্যসভাৰ আসন কম৷ গতিকে অসমত আঞ্চলিকতাবাদী শক্তিৰ প্ৰাসংগিকতা এতিয়াও আছে৷অগপ সাময়িকভাৱে ব্যৰ্থ হ’লেও আঞ্চলিকতাবাদৰ সম্ভাৱনা অসমত নিঃশেষ হৈ যোৱা নাই৷ আজিৰ পৰিৱেশত অসমত এক শক্তিশালী আঞ্চলিক শক্তিৰ অতিকৈ প্ৰয়োজন৷ বৰ্তমান অসমত  নিৰ্বাচনকেন্দ্ৰিক অসংখ্য আঞ্চলিক দল গঠন হৈছে যদিও সকলোৰে লক্ষ্য ক্ষমতা৷ প্ৰকৃততে অসমত আঞ্চলিকতাবাদৰ ভেটি মজবুত কৰিবলৈ হ’লে সকলো আঞ্চলিক দল ঐক্যবদ্ধ হৈ এক শক্তিশালী ধৰ্মনিৰপেক্ষ শক্তি হিচাপে আগবাঢ়িব লাগিব৷ যদিও একেখনেই অসম– উজনি অসম, মধ্য অসম, নামনি অসম আৰু বৰাক উপত্যকাৰ নিৰ্বাচনী ৰাজনীতিৰ বৈশিষ্ট্যও ভিন ভিন৷ গতিকে উগ্ৰ জাতীয়তাবাদ, মধ্যবিত্ত নেতৃত্বৰ অহমিকা এৰি সকলো স্তৰত লোকৰ আস্থা লাভ কৰিবৰ বাবে আন্তৰিক সম্পৰ্ক স্থাপন হওক৷ সুবিধাবাদী আৰু আৱেগিক জাতীয়তাবাদৰ পৰিৱৰ্তে আদৰ্শগত আঞ্চলিকতাবাদৰ পৰিৱেশ গঢ়ি তোলক৷ অসমৰ সমস্যাবোৰ সঠিকভাৱে অনুধাৱন কৰি তাক সমাধানৰ সু-নিৰ্দিষ্ট পৰিকল্পনা আৰু বাস্তৱসন্মত ভৱিষ্যৎ দৰ্শনৰ প্ৰয়োজন৷ অসমৰ স্বকীয় বৈশিষ্ট্য অটুত ৰাখিবৰ বাবে বদ্ধপৰিকৰ হ’ব লাগিব৷ অসমৰ জনসাধাৰণৰ সন্মুখত নিজৰ গ্ৰহণযোগ্যতা বক্তৃতাৰ ফুলজাৰিৰ দ্বাৰা নহয়, কৰ্মপন্থাৰ জৰিয়তে দেখুৱাব  লাগিব৷ তেতিয়াহে অসমৰ আঞ্চলিক স্বাৰ্থ ৰক্ষা পৰিব আৰু আঞ্চলিকতাবাদৰ ৰথখন আগবাঢ়ি যোৱাৰ পথ মসৃণ হ’ব৷