Logo
Logo
image

কৰ’নাৰ মাজতো চিকিৎসাৰ দুৱাৰ খোলা আছে কৰ্কট ৰোগীৰ বাবে

কৰ’না পৰিস্থিতিৰ বাবে অসমৰ যিসকল কৰ্কট ৰোগীৰ চিকিৎসা ব্যাহত হৈছে, তেওঁলোকলৈ মোৰ এটাই অনুৰোধ কৰি আপোনালোকে চিকিৎসা ব্যাহত নকৰিব৷ কৰ্কটৰোগীৰ ক্ষেত্ৰত সময়মতে লাগতিয়াল চিকিৎসা কৰাটো অত্যন্ত জৰুৰী৷ আপোনালোকে যদি মুম্বাই বা দেশৰ আন প্ৰান্তলৈ চিকিৎসাৰ কৰে পূৰ্বৰ দৰে আহিব পৰা নাই৷ কোনো কথা নাই৷ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান বা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানেও অত্যন্ত উন্নত মানৰ চিকিৎসা সেৱা আগবঢ়াই আছে৷ তাতেই চিকিৎসা গ্ৰহণ কৰক৷ মাথো পলম নকৰিব৷ মই ভাবো অসমতো এতিয়া কৰ্কট ৰোগৰ গুণগত চিকিৎসাৰ যথেষ্ট আন্তঃগঠনি গঢ়ি উঠিছে৷ বহুতো দক্ষ চিকিৎসকে অসমতো সেৱা আগবঢ়াই আছে৷ এইখিনিতে হয়তো কোনোবাই প্ৰশ্ন কৰিব পাৰে যে যদিহে অসমত কৰ্কট ৰোগীৰ চিকিৎসাৰ ইমান সুবিধা আছে তেন্তে মুম্বাইলৈ চিকিৎসা কৰিবলৈ কিয় অসমৰ ৰোগীসকল আহে৷ মই ভাবো বহু পৰিমাণে এই কথা মনৰ শান্তি বা মানসিকতাৰ লগত জড়িত কথা৷ মুম্বাইৰ টাটা কৰ্কট প্ৰতিষ্ঠান এনেকুৱা এটা প্ৰতিষ্ঠান যাৰ নামেই সকলোকে হয়তো টানি লৈ আহে৷ বহু কৰ্কট ৰোগীৰ মনৰ মাজত বিশ্বাস আৰু আস্থা জন্মায় যে টাটাত চিকিৎসা কৰিলেহে কৰ্কট জিনাটো সম্ভৱ৷ মুম্বাইলৈ চিকিৎসাৰ বাবে অহা আমাৰ কৰ্কট ৰোগীসকলৰ বাবে মুম্বাইৰ অসম ভৱন বা ‘দীপশিখা’ফাউণ্ডেশ্বনেই একমাত্ৰ আশ্ৰয়ৰ ভৰসা৷ কৰ’না পৰিস্থিতিৰ বাবেও আমি মুম্বাইৰ অসম ভৱনৰ কতৃৰ্পক্ষও বৃহৎ প্ৰত্যাহবানৰ সন্মুখীন হৈছিলো৷ বৃহন্মুম্বাই নগৰপালিকাই আমাৰ অসম ভৱনটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি বন্ধ কৰি দিবলৈ আহিছিল৷ তেওঁলোকে প্ৰৱেশদ্বাৰতে ভৱনটো বন্ধ কৰিবলৈ লগত ফিটা লৈ আহিছিল৷ কিন্তু আমি বুজাই বুজাই তেওঁলোকক সৈমান কৰিছিলো যে অসমৰ কৰ্কটৰোগীসকলৰ বাবে মুম্বাইৰ অসম ভৱনৰ দুৱাৰ মুকলি হৈ থকাটো কিমান জৰুৰী৷ সেয়েহে মুম্বাইত কৰ’নাৰ ভয়াৱহ সময়তো অসম ভৱনত কৰ্কট ৰোগীৰ বাবে দুৱাৰ বন্ধ নহ’ল৷ একাংশ কৰ্কট ৰোগী বাছেৰে অসমলৈ উভটি আহিল যদিও আন একাংশ কৰ্কট ৰোগী অসম ভৱনতে থাকি গ’ল৷ ডেৰ মাহ পূৰ্বে মুম্বাইৰ টাটা হাস্পতালত পুনৰ কৰ্কট ৰোগীৰ চিকিৎসা সেৱা আৰম্ভ হৈছে৷ অসমৰ পৰা পুনৰ কৰ্কট ৰোগীৰ অসম ভৱনলৈ অহা আৰম্ভ হৈছে৷ অসম ভৱনৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়েই পুনৰাই কৰ্কট ৰোগীৰ সেৱাত মনোনিৱেশ কৰিছে৷ কৰ’নাৰ ভয়ত যিসকল মহাৰাষ্ট˜ৰ এম্বুলেন্স, ড্ৰাইভাৰ, চুইপাৰ আদি সহায়কাৰী কৰ্মচাৰী আঁতৰি গৈছিল, তেওঁলোকে পুনৰ আহি কামত ধৰিছে৷ কৰ’না পৰিস্থিতিত এনে সময় আহিছিল যে ড্ৰাইভাৰৰ অভাৱত আমি নিজেই গাড়ী চলাই ৰোগীক চিকিৎসালয়লৈ নিব লগা হৈছিল৷ কিন্তু আজি আৰু সেই পৰিৱেশ নাই৷ কেৱল টাটাতেই নহয় কোকিলাবেন, প্ৰিন্স, এপল আদি হাস্পতালতো অসমৰ কৰ্কট ৰোগীসকলে চিকিৎসা কৰে৷ এপল হাস্পতালত অসমৰ ‘অটল অমৃত আঁচনিৰ কাৰ্ড গ্ৰহণ কৰে৷ টাটাত চিকিৎসাৰ সুযোগ পাবলৈ দীঘলীয়া লাইন বা সময় ৰ’ব লগা হয়৷ বহুতেই এই অপেক্ষাৰ সময়চোৱাত আন হাস্পতালতে চিকিৎসা আৰম্ভ কৰে৷ দেখা গৈছে অবিভক্ত কামৰূপ জিলাতে সৰ্বাধিক কৰ্কতৰোগী পোৱা গৈছে৷ মুখ, পাকস্থলী, ৰক্ত আদি সকলো শ্ৰেণীৰ কৰ্কট ৰোগীৰ সংখ্যা অবিভক্ত কামৰূপ জিলাতে অধিক৷ এয়া নি(য় গৱেষণাৰ বিষয়৷