Logo
Logo
image

ড্ৰ খেলি ছিজন আৰম্ভ ৰিয়েল মাদ্ৰিদৰ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ লা লিগাৰ যোৱাটো ছিজন শেষৰ ফালে ১৩ খন মেচৰ ১২ খনতে জয় অৰ্জন কৰি চিৰন্তন প্ৰতিদ্বন্দ্বী বাৰ্চিলোনাৰ আশা চূৰ্ণ কৰি খিতাপ জয় কৰিছিল ৰিয়েল মাদ্ৰিদে৷ কিন্তু নতুন ছিজনৰ আৰম্ভণি মসৃণ নহ’ল দলটোৰ৷ ২০২০-২১ ছিজনৰ নিজৰ প্ৰথম মেচত ৰিয়েল ছ’চিযেদাদৰ বিৰুদ্ধে গ’ল শূন্যভাৱে ড্ৰ খেলিছে জিনেদাইন  জিদানৰ দলে৷ লা লিগাৰ আনবোৰ দলতকৈ এসপ্তাহ পিছত অভিযান আৰম্ভ কৰা ৰিয়েলৰ জয়ৰ পথ ৰুদ্ধ কৰে মূলত গ’ল ৰক্ষক এলেক্স ৰেমিৰোৱে৷ গ’লৰ কেইবাটাও সহজ সুযোগ পাইছিল ৰিয়েল মাদ্ৰিদে৷ কিন্তু ৰেমিৰোৱে সেই সুযোগ কাৰ্যকৰী কৰিব নিদিলে৷ ইয়াৰোপৰি ৰিয়েলৰ তাৰকা কৰিম বেনজেমা নাছিল স্বাভাৱিক ছন্দত৷ এই খেলতেই ছ’চিযেদাছৰ জাৰ্ছীত অভিষেক ঘটে মানচেষ্টাৰ চিটীৰ প্ৰাক্তন স্পেনিছ মিড ফিল্ডাৰ ডেভিড ছিলভাৰ৷ পৰিৱৰ্ত খেলুৱৈ হিচাপে খেল পথাৰত নামিলেও অৱশ্যে গ’লৰ কোনো সুযোগ সৃষ্টি কৰিব নোৱাৰিলে তেওঁ৷