Logo
Logo
image

নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে খৰখেদা

কেন্দ্ৰৰ বিজেপি চৰকাৰে ‘চেণ্ট্ৰেল ভিষ্টা’ নামকৰণেৰে এটা নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে আৰু ইতিমধ্যে  শিলান্যাস অনুষ্ঠানৰ দিনটোও ঠিৰাং হৈছে [‘চেণ্ট্ৰেল ভিষ্টাৰ নিৰ্মাণ বন্ধ’, ‘আমাৰ অসম’ ৮ ডিচেম্বৰ]৷ নতুন সংসদ ভৱন এটা নিৰ্মাণৰ প্ৰয়োজন ভাৰত চৰকাৰে অনুভৱ কৰা আৰু এইমৰ্মে নিৰ্মাণৰ কাম আৰম্ভ কৰা প্ৰসংগত উচ্ছতম ন্যায়ালয়ে কিছু মতামত দাঙি ধৰিছে৷ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে মন্তব্য দিয়া  বিষয় এটাত সাধাৰণ ৰাইজৰ   সদায়ে দৃষ্টিগোচৰ হয়৷ ভাৰতৰ সৰ্বোচ্ছ ন্যায়ালয়ে প্ৰস্তাৱিত নতুন সংসদ ভৱনটো নিৰ্মাণৰ বাবে চৰকাৰে অতি বেছি খৰখেদা কৰা বুলি মন্তব্য কৰিছে৷ উচ্ছতম ন্যায়ালয়ে অনুভৱ কৰে যে চৰকাৰে তলাবন্ধৰ ফলত ভগ্ন হৈ যোৱা ভাৰতীয় অৰ্থনীতিক সমৃদ্ধিশালী কৰাতহে  আগ্ৰাধিকাৰ দিয়া উচিত৷ কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত মাৰ্চত ঘোষণা কৰা তলাবন্ধৰ ফলত ভাৰতৰ অৰ্থনৈতিক কাম-কাজ স্তবিৰ হৈ আছে আৰু আজিলৈ ভাৰতৰ অৰ্থনৈতিক কাম-কাজ স্বাভাৱিকভাৱে চলি থকা নাই৷ কৰ’না ভাইৰাছক মষিমূৰ কৰাৰ বাবে প্ৰয়োজনীয় ‘ভেকচিন’ বা  ‘দৰৱ’ আজিলৈ আৱিষ্কাৰ হোৱা নাই৷ প্ৰকৃততে নতুন সংসদ ভৱন নিৰ্মাণৰ নামত কোটি টকা খৰচ কৰাৰ পৰিৱৰ্তে চৰকাৰে  ভাৰতীয় অৰ্থনীতিক পুনৰ স্বাভাৱিক অৱস্থালৈ উভতাই অনাৰ বাবে উপায় উদ্ভাৱন  কৰাহে উচিত৷ নতুন সংসদ ভৱন এটাই ভাৰতীয় অৰ্থনীতিৰ শ্ৰীবৃদ্ধি নকৰে৷ তলাবন্ধৰ ফলত জীৱিকা হেৰুওৱা লোকক কেনেকৈ পুনৰ সংস্থাপন দিব পৰা যায়, এইটোহে চৰকাৰে চিন্তা কৰা যুগুত৷ ভাৰতৰ নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা কেইবাকোটি হৈছে৷ তলাবন্ধৰ ফলত কোটিসংখ্যক শ্ৰমিকে জীৱিকাৰ পথ  হেৰুৱাইছে৷ কেন্দ্ৰৰ বিজেপি চৰকাৰে কৰ্মসংস্থান হেৰুওৱা শ্ৰমিকসকলক পুনৰ মকৰল কৰাৰ আঁচনিহে গ্ৰহণ কৰা উচিত৷ তদুপৰি ভাৰতৰ বিভিন্ন ৰাজ্যত বহু চৰকাৰী উদ্যোগ বন্ধ হৈ আছে৷ দৰাচলতে দেশত বন্ধ হৈ থকা উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজন৷ অসমৰ দুটা কাগজ কল যোৱা ভালেমান বছৰ ধৰি বন্ধ হৈ আছে৷ তেনেদৰে অসমত আৰু কেইবাটাও লঘু উদ্যোগ বন্ধ হৈ আছে৷ অসমৰ বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰে কোনো গুৰত্বই নিদিলে৷ অথচ কেন্দ্ৰৰ বিজেপি চৰকাৰে কোটি কোটি টকা খৰচ কৰি নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে গুৰুত্ব দিছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক এখন কল্যাণকামী চৰকাৰ বুলি অভিহিত কৰিব নোৱাৰি৷ কিয়নো চৰকাৰে ভাৰতৰ কোটি কোটি কৰ্মহীন যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থান সৃষ্টি কৰিব পৰা নাই৷  এনেদৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে বান সমস্যা সমাধানৰ বাবেও কোনো আঁচনি লোৱা নাই৷ বছৰ বছৰ ধৰি বানে কৃষকৰ শস্য নষ্ট কৰি আহিছে, যাৰ ফলত কৃষকে অধিক শস্য উৎপাদন কৰিব নোৱাৰে আৰু শস্য আদি বিক্ৰী কৰিব নোৱাৰিলে কৃষকৰ আয় নাবাঢ়ে৷  চৰকাৰে এই সময়ত জনসাধাৰণৰ আৰ্থিক উন্নয়নৰ অৰ্থে ফলপ্ৰসূ ব্যৱস্থাহে গ্ৰহণ কৰা উচিত, যাতে ভাৰতীয় অৰ্থনীতিয়ে  শ্ৰীবৃদ্ধি  লাভ কৰিব পাৰে৷ অন্যথা, দেশত চৰকাৰ থাকিও নথকাৰ দৰে হ’ব৷