Logo
Logo
image

আশ্চৰ্য! এটি শিশুৰ কিড্‌নী আছে ভৰিত

আমাৰ অসম, ১০ ডিচেম্বৰঃ ভৰিত কিডনী থকা বুলি কেতিয়াবা শুনিছেনে? ইংলেণ্ডৰ হামিছ ৰবিনছন নামৰ দহ বছৰীয়া এটি শিশু এই বিৰল ৰোগত আক্ৰান্ত৷ চিকিৎসকৰ মতে জিনগত সমস্যাৰ বাবে শিশুটি এই ৰোগত  আক্ৰান্ত৷ চিকিৎসকসকলে হামিছৰ ৰোগ সন্দৰ্ভত লগতে কয় যে হামিছ এটা নিৰ্দিষ্ট ক্ৰম’জমৰ অভাৱত ভোগা একমাত্ৰ মানৱ৷ সেয়ে এই ৰোগবিধৰ নামো চিকিৎসকে ‘হামিছ ছিনদ্ৰম’ বুলি ৰাখিছে৷ হামিছৰ ক্ষেত্ৰত  কিডনীৰ অৱস্থান সোঁভৰিৰ উৰুত৷ বিশ্বত এনে ৰোগত আক্ৰান্ত হোৱা দ্বিতীয়জন বিচাৰি পোৱা নাই চিকিৎসকমহলে৷ উল্লেখ্য যে হামিছৰ জন্ম নিৰ্ধাৰিত সময়তকৈ ছয় সপ্তাহ পূৰ্বে হৈছিল৷ জন্মৰ সময়ত শিশুটিৰ ওজন আছিল মাত্ৰ ২ পাউণ্ড অৰ্থাৎ ৯০০ গ্ৰাম৷ তদুপৰি বাক্‌শক্তিৰ সমস্যাত ভুগিছিল হামিছে৷ জন্মৰ সোতৰমাহ পিছতহে হামিছে প্ৰথমবাৰৰ বাবে মা বুলি সম্বোধন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত হামিছৰ মুখত দ্বিতীয়টো শব্দ শুনিবলৈ মাতৃয়ে প্ৰায় ছবছৰ অপেক্ষা কৰিবলগীয়া হৈছিল৷