দুৰ্যোগৰ বতৰত অৰ্থনীতিয়ে কি গতি লৈছে
... কৰ’নাকালত ভাগি পৰা অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৱলী খুব সতৰ্কতাৰে গ্ৰহণ কৰা সময়ৰ আহ্বান৷ উৎপাদন ব্যৱস্থাক গতিশীল কৰাৰ বাবে সংকল্প লোৱাৰ সময়৷ অকল আত্মনিৰ্ভৰ ব্যৱস্থাই এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব নোৱাৰে৷ চৰকাৰী খণ্ডই ইয়াক নেতৃত্ব দিব নোৱাৰিলে অৰ্থনীতি আগবাঢ়িব নোৱাৰে৷ দেশৰ মূল চালিকা শক্তি মৌলিক উদ্যোগসমূহৰ উত্তৰণত ব্যৱস্থাৰ প্ৰয়োজন৷ বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতে এই খণ্ডৰ ৩০ শতাংশ অৱনমন হৈছে৷ উল্লেখ্য যে বিগত বিত্তীয় বৰ্ষৰ উক্ত সময়ছোৱাত এই খণ্ডই ৪.৫ শতাংশৰে বিকশিত হৈছিল ...
ভাৰতীয় ৰিজাৰ্ভ বেংকে সদৰী কৰা মতে ভাৰতীয় অৰ্থনীতি কাৰিকৰী মন্দাত প্ৰৱেশ কৰিছে৷ চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুনত কৰ’না মহামাৰীৰ বাবে অৰ্থনীতিৰ ২৩.৯ শতাংশ অৱনমিত ৰূপ দেখা গৈছে৷ উক্ত সময়ত মহামাৰী নিয়ন্ত্ৰণৰ বাবে লোৱা লকডাউন ব্যৱস্থাই ইয়াৰ ঘাই কাৰণ হিচাপে চিহ্নিত হৈছে৷ ইয়াৰ পৰৱৰ্তী পৰ্যায় জুলাই-ছেপ্টেম্বৰত অৰ্থনীতি ৭.৫ শতাংশৰ অৱনমন হৈছে৷ অৰ্থাৎ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত অৰ্থনীতিৰ ভগ্ন অৱস্থা প্ৰকাশ পাইছে৷ আগন্তুক ছমাহত অৰ্থনীতিয়ে কিদৰে গতি কৰে, সেয়া ব্যৱস্থাৱলীৰ ওপৰত নিৰ্ভৰ কৰিব৷
অৰ্থনীতিক কোবাই যোৱা কৰ’নাৰ পৰা কোনো দেশেই মুক্ত হ’ব পৰা নাই৷ কৰ’নাৰ প্ৰভাৱত বিশ্ব অৰ্থনীতি স্তব্ধ হৈ পৰিছে৷ দেশে দেশে লকডাউন ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত উৎপাদন, বিতৰণ আদিত নেতিবাচক প্ৰভাৱ পৰিছে৷ ২৫ মাৰ্চৰ পৰাই কাৰ্যকৰী হোৱাকৈ ভাৰতত লকডাউন ব্যৱস্থাই সমগ্ৰ অৰ্থনৈতিক ক্ষেত্ৰখনকেই স্থবিৰ কৰি তুলিছে৷ ভয়, শংকাই জনজীৱনক খেদি ফুৰিছে৷ এক ভাবিব নোৱৰা দুৰ্যোগৰ মুখামুখি হ’বলগা হৈছে৷ উৎপাদন প্ৰক্ৰিয়াত নিয়োজিত প্ৰব্ৰজিত শ্ৰমিকৰ মৰ্মবেদনা সহ্যাতীত৷ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১২ মে’ত ২০ লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত অভিযান আঁচনি চৰকাৰে ঘোষণা কৰে৷ এই ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ১০ শতাংশ৷ এই ব্যয়ৰে গৰিৱ জনতাৰ যন্ত্ৰণাৰ উপশম ঘটাব বিচাৰিছে আৰু সমান্তৰালভাৱে লকডাউনত বিপৰ্যস্ত হোৱা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহকো সাঙুৰি ল’ব৷ ইমাৰজেঞ্চী ক্ৰেডিট লাইন গেৰাণ্টী স্কিমৰ জৰিয়তে ৩ লাখ কোটিটকীয়া বন্ধকবিহীন ঋণ ঘোষণা কৰা হৈছে৷ এইক্ষেত্ৰত উদ্যোগীয়ে আগবাঢ়ি আহিলে অৰ্থনীতিত সহায়ক হ’ব বুলি আশা কৰা হৈছে৷
কৰ’নাকালত ভাগি পৰা অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৱলী খুব সতৰ্কতাৰে গ্ৰহণ কৰা সময়ৰ আহ্বান৷ উৎপাদন ব্যৱস্থাক গতিশীল কৰাৰ বাবে সংকল্প লোৱাৰ সময়৷ অকল আত্মনিৰ্ভৰ ব্যৱস্থাই এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব নোৱাৰে৷ চৰকাৰী খণ্ডই ইয়াক নেতৃত্ব দিব নোৱাৰিলে অৰ্থনীতি আগবাঢ়িব নোৱাৰে৷ দেশৰ মূল চালিকা শক্তি মৌলিক উদ্যোগসমূহৰ উত্তৰণত ব্যৱস্থাৰ প্ৰয়োজন৷ বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতে এই খণ্ডৰ ৩০ শতাংশ অৱনমন হৈছে৷ উল্লেখ্য যে বিগত বিত্তীয় বৰ্ষৰ উক্ত সময়ছোৱাত এই খণ্ডই ৪.৫ শতাংশৰে বিকশিত হৈছিল৷
২০১৯-২০ৰ অৰ্থনৈতিক সমীক্ষাত এইটো দেখা গৈছিল যে পৰৱৰ্তী বিত্তীয় বৰ্ষত অৰ্থনীতিয়ে ৬ শতাংশৰে অগ্ৰসৰ হ’ব পাৰে৷ ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ গঢ়াৰ বাবে চিন্তা-ভাবনাক কৰ’না মহামাৰীয়ে ধূলিসাৎ কৰি দিলে৷ কৃষি, উদ্যোগ, পৰ্যটন, সেৱা আদি সকলো খণ্ডই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ ৰাজকোষলৈ ধনাগমনৰ সোঁত একপ্ৰকাৰ বন্ধ হৈ গৈছে৷ ফলত বিত্তীয় ঘাটি সম্প্ৰসাৰণ হৈছে৷ বাজেটত এই ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ ৩.৫ শতাংশ স্থিৰ কৰা হৈছিল যদিও অক্টোবৰৰ শেহলৈকে এই ঘাটি নিৰ্ধাৰিত বাজেটতকৈ ১২০ শতাংশ অতিক্ৰম কৰিছে৷ এই দৃষ্টিকোণৰ পৰা চালে বিত্তীয় ঘাটিৰ স্থিৰতা অক্ষুণ্ণ ৰখা কঠিন হোৱাৰ সম্ভাৱনা নোহোৱা নহয়৷
কৰ’না দুৰ্যোগৰ মাজতেই মুদ্ৰাস্ফীতিয়ে গা কৰি উঠা দেখা গৈছে৷ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ ঊধবৰ্গামী দামে জনজীৱনক চিন্তান্বিত কৰিছে৷ যোৱা বিত্তীয় বৰ্ষৰ অক্টোবৰত ৪.৬২ শতাংশ খুচুৰা মুদ্ৰাস্ফীতিয়ে চলিত বৰ্ষৰ উক্ত মাহত ৭.৬১ শতাংশলৈকে অগ্ৰসৰ হৈছে৷ এইক্ষেত্ৰত খাদ্য মুদ্ৰাস্ফীতিয়ে যথেষ্ট অৰিহণা যোগাইছে৷ অক্টোবৰত খাদ্য মুদ্ৰাস্ফীতি ৬.৩৭ শতাংশলৈকে আগুৱাইছে৷ শাক-পাচলিৰ ২৫ শতাংশ, আলুৰ ১০৭ শতাংশলৈকে বৃদ্ধি হৈছে৷ পিঁয়াজৰ নাটনিৰ বাবে দাম ঊধবৰ্গামী হোৱাত ভোক্তাই ক্ৰয় কাৰ্যৰ পৰা বিৰত থাকিবলগা হৈছে৷ এই নাটনি পূৰাবৰ বাবে ইজিপ্ত, আফগানিস্তান, তুৰস্ক আদিৰ পৰা আমদানি কৰিবলগা বাবে দেশৰ মুদ্ৰাৰ বহিৰ্গমন হৈছে৷ ফলত উন্নয়নমূলক কাম-কাজত পুঁজিৰ নাটনিত কিছু বাধা আহিবও পাৰে৷ এই ঘাটি পূৰণৰ বাবে বিদেশী মুদ্ৰাৰ আগমন ঘটাব লাগিব৷ অন্যথা দেশীয় মুদ্ৰাৰ মূল্যৰ অৱনতি ঘটি দুৰ্বল অৰ্থনীতিৰ বাবে দুৱাৰ খুলি দিব৷ দেখা যায় যে বিদেশী মুদ্ৰা অৰ্জনৰ পথ ৰপ্তানিৰ দিশটো ইতিবাচক নহয়৷ বিত্তীয় বৰ্ষটোৰ এপ্ৰিল-ছেপ্টেম্বৰত ৰপ্তানিৰ হাৰ ২১ শতাংশলৈকে অৱনমন হৈছে৷ অৰ্থাৎ ৰপ্তানিয়ে অৰ্থনীতিক কোনো সহায়ৰ হাত আগবঢ়াব পৰা নাই৷ গতিকে আয় হিচাপে কৰৰ বাহিৰে বিশেষ একো হাতত নাই৷ কিন্তু এই কৰ আহৰণত অন্ততঃ কৰ’না পৰিস্থিতিত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব৷ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৬০ শতাংশ স্থান দখল কৰা সেৱা খণ্ডক ক’ভিড নিয়মাৱলীৰ মাজেৰে আগুৱাই নিব পাৰিলে অৰ্থনীতিত সহায়ক হ’ব৷ ইয়াৰ সমান্তৰালভাৱে মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণলৈও আনিব লাগিব৷ অন্যথা ক্ৰয় কাৰ্য কমি কৰ-কাটল আহৰণত নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷
অৰ্থনীতিত মুদ্ৰাস্ফীতি থকা একো অস্বাভাৱিক নহয়৷ মুদ্ৰাস্ফীতি অৰ্থনীতিৰ বাবে মহৌষধ, যদিহে সহনশীল অৱস্থাত থাকে৷ অৰ্থনীতিবিদ কেইন্ছ, পিগোৰ মতে মুদ্ৰাস্ফীতিৰ লগত পূৰ্ণ নিয়োগৰ মধুৰ সম্বন্ধ আছে৷ যেতিয়ালৈকে পূৰ্ণ নিয়োগৰ অৱস্থা নাহে, তেতিয়ালৈকে অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ প্ৰয়োজন আছে৷ কিয়নো অব্যৱহৃত সম্পদৰ অৰ্থনীতিত প্ৰৱেশ ঘটে৷ এয়া অৱশ্যে তাত্ত্বিক দিশহে৷ বজাৰ অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ কাৰণ মূলতঃ উৎপাদন আৰু বিতৰণ৷ উৎপাদিত সামগ্ৰীৰ চাহিদা যোগানতকৈ বেছি হ’লে সীমিত সম্পদৰ ওপৰত হেঁচা পৰে৷ ইয়াৰ উপৰি অসাধু ব্যৱসায়ীৰ হাতত সম্পদৰ মজুতকৰণেও সাময়িক মুদ্ৰাস্ফীতিত ইন্ধন যোগাব পাৰে৷ সেয়েহে বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা দৰকাৰ৷ উল্লেখ্য, মুদ্ৰাস্ফীতিয়ে ভোক্তাৰ ক্ৰয় ক্ষমতা হ্ৰাস কৰাৰ ফলত ৰাজহৰ পৰিমাণ কমায়৷
কৰ’না মহামাৰীয়ে দেশৰ তথা বিশ্বৰ বিস্তৰ ক্ষতি কৰিছে৷ ৰাষ্ট্ৰসংঘৰ দৃষ্টিত সমগ্ৰ বিশ্বত উৎপাদন ৮.৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ মূল্য কমিছে৷ বিশ্বজুৰি ১ বিলিয়ন জনতা দাৰিদ্ৰতাৰ কবলত পৰাৰ সম্ভাৱনা আছে৷ এই দুৰ্যোগৰ মাজতেই অৰ্থনীতিক আগুৱাই নিয়াৰ বাবে সময়সাপেক্ষ সংস্কাৰৰ প্ৰয়োজন৷


