ৰাষ্ট্ৰীয়তাবাদৰ গ্ৰাসত আঞ্চলিকতাবাদ
ভাৰতত ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ কবলত ক্ৰমান্বয়ে আঞ্চলিকতাবাদী শক্তিসমূহ নিঃশেষ হোৱাৰ পথত৷ যোৱাটো দশকৰ ভাৰতৰ ৰাজনীতি পৰ্যবেক্ষণ কৰিলে উক্ত কথাষাৰেই সত্য যেন লাগে৷ লাহে লাহে যেন বিভিন্ন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ শাসকীয় বিজেপি দলে গ্ৰাস কৰি আনিছে৷ অসমৰ ৰাজনীতিতো তাৰে অনুৰূপ প্ৰতিচ্ছবি ক্ৰমান্বয়ে ফুটি উঠিছে৷
দুবাৰকৈ ক্ষমতালৈ আহিবলৈ সক্ষম হোৱা অসমৰ অদ্বিতীয় আঞ্চলিক ৰাজনৈতিক দল হিচাপে পৰিগণিত অসম গণ পৰিষদে যদিও বিফল শাসন আৰু আভ্যন্তৰীণ কন্দলৰ বাবে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছিল, তথাপি অসম আন্দোলনৰ ভেটিত গঢ়ি উঠা আৰু অসমীয়াৰ জাতীয় আৱেগ সঞ্চাৰ কৰিবলৈ সক্ষম হোৱা দলটোৰ প্ৰতি অসমৰ ৰাইজৰ শেষ আস্থাকণ কিছুদিন আগলৈকে বৰ্তি আছিল৷ কিন্তু ক্ৰমাৎ গভীৰ হৈ অহা আভ্যন্তৰীণ সংঘাতে আঞ্চলিক দলটোক আৰু অধিক দুৰ্বল কৰি তুলিলে৷ তাৰ সুযোগ গ্ৰহণ কৰিলে বিজেপিয়ে৷ নিজৰ বিপন্ন অস্তিত্ব ঘূৰাই পোৱাৰ আশাত স্ব-পাৰ্জিত সমস্যাৰেজৰ্জৰ দলটোৱে আত্মসংশোধনৰ কোনো ব্যৱস্থা নকৰি ক্ষমতাৰ খকত বিজেপিৰ বোকোচাত উঠিল৷ সেইবাৰ বিজেপি মিত্ৰদলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পাছত অসম গণ পৰিষদ দলটোৱে নিজৰ আঞ্চলিকতাবাদী নীতি-আদৰ্শকো বিসৰ্জন দিবলৈ ধৰিলে৷ এক কথাত ক’বলৈ গ’লে ৰাষ্ট্ৰীয় দলৰ নীতি-আদৰ্শত শৰণাপন্ন হ’বলৈ বাধ্য হোৱা দলটোৱে জাতীয় আৱেগ, খিলঞ্জীয়াৰ অধিকাৰ, অসম চুক্তি আদি কথাক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে গাদী ৰক্ষাৰ স্বাৰ্থত কাম কৰিবলৈহে উঠিপৰি লাগিল৷ শেহতীয়াকৈ ‘কা’বিৰোধী আন্দোলনক লৈ অসম গণ পৰিষদৰ স্থিতিয়ে আঞ্চলিকতাবাদী শক্তিৰ প্ৰতি বিশ্বাস আৰু আস্থা থকা অসমৰ মানুহখিনিক বিমুখ কৰাই নহয়, দলটোৱে জাতীয়তাবাদী সত্তাটোকে পদাঘাত কৰা দেখা গ’ল৷
অসম গণ পৰিষদৰ শেহতীয়া কাৰ্যকলাপ আৰু স্ববিৰোধী নীতিয়ে দলটোৰ প্ৰতি থকা অসমীয়া মানুহৰ মৰম আৰু আনুগত্য নোহোৱা কৰিলে৷ ক্ৰমে ৰাইজৰ আস্থা হেৰুৱাই পেলোৱা দলটোৱে কেৱল অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতে বিজেপিৰ বোকোচাৰ পৰা নামিবলৈ সাহস নকৰা হ’ল৷ ৰাষ্ট্ৰীয়তাবাদৰ সোঁতত নীতি-আদৰ্শ হেৰুৱাই পেলোৱা অসম গণ পৰিষদৰ নেতা-মন্ত্ৰীয়ে পুনৰ যে অসমীয়াৰ আস্থাভাজন হ’ব পাৰিব, সেয়া বৰ্তমান কল্পনাৰো অগোচৰ৷ লাহে লাহে বিজেপিত জাহ যোৱা দলটোৱে এতিয়া বিজেপিৰ আঙুলিৰ থাৰত উঠা-বহা কৰাৰ বাদে গত্যন্তৰ নাই৷ ক্ষমতালিপ্সাই তাহানিৰ শ্বহীদৰ তেজৰ চেঁকুৰাও চকুৰে মণিব নোৱৰা হ’ল৷ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পাছত যি দলেই অসমত চৰকাৰ গঠন নকৰক কিয় অসম গণ পৰিষদৰ যে বেলি মাৰ যাব, সেয়া নিশ্চিত৷
একেই অৱস্থাৰ সন্মুখীন হৈছে ২০১৬ত বিজেপিৰ স’তে মিত্ৰতা কৰা বিপিএফৰ৷ এই কথা নক’লেও হয় যে কেৱল ক্ষমতাৰ বাবেই বিপিএফে বিজেপিৰ লগ লাগিছিল৷ কিন্তু বিজেপি হ’ল চতুৰ ৰাজনৈতিক দল৷ ক্ষমতা আৰু আপোচবিহীন ৰাষ্ট্ৰীয়তাবাদী নীতি-আদৰ্শ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত বিভিন্ন আঞ্চলিক শক্তিৰ স’তে মিতিৰালি কৰি কাৰোবাক উত্থান আৰু কাৰোবাক পতন ঘটোৱাবলৈ বিজেপিৰ দৰে চতুৰ ৰাজনৈতিক দলৰ বাবে বৰ বেছি ভাবিব লগা কথা নহয়৷ তাৰেই চিকাৰ হ’ল বিপিএফ৷ বিভিন্ন ছল-চাতুৰিৰে বিটিচি নিৰ্বাচনত জয়লাভ কৰি বিপিএফৰ গুণ-গৰিমা ম্লান কৰাই হৈছে এতিয়া বিজেপিৰ মূল লক্ষ্য৷ এইদৰে থাকিলে এদিন যে বিপিএফেও নিজৰ অস্তিত্ব হেৰুৱাব, সেয়া ধুৰুপ৷
কেৱল অসমতে নহয়, দেশৰ আন ৰাজ্যতো বিজেপিয়ে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে৷ ইয়াত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ কথা বাদ দিলেও এই কথা স্পষ্ট যে বিজেপি মিত্ৰদলত আঞ্চলিক শক্তিৰ উত্থান একেবাৰেই সহজ নহয়৷ ইয়াৰ মূল কাৰণ ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ মেৰপেঁচত আঞ্চলিকতাবাদী শক্তিয়ে নিজৰ নীতি-আদৰ্শ অক্ষুণ্ণ ৰাখিবলৈ অপাৰগ হোৱা আৰু কেৱল ক্ষমতাৰ বাবে দলীয় স্বাৰ্থক বিসৰ্জন দিয়া৷ শেহতীয়াকৈ সম্পন্ন হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে কিছুপৰিমাণে ইয়াকে সূচায়৷ পূৰ্বৰ আসনৰ তুলনাত এইবাৰ জে ডি ইউৱে যথেষ্ট কমসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হয়৷ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিলে জে ডি ইউ দলটোও যে এদিন বিজেপিত জাহ নাযাব, সেয়া থাওকতে কৈ দিব নোৱাৰি৷ আনহাতে, বিৰোধী আঞ্চলিক দল আৰ জে ডিয়ে যথেষ্ট ভাল ফল লাভ কৰিবলৈ সক্ষম হৈ এই কথা প্ৰমাণ কৰিছে যে এতিয়াও বিহাৰত আঞ্চলিক শক্তিৰ উত্থান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷
একেই সম্ভাৱনা অসমৰ ক্ষেত্ৰতো নথকা নহয়৷ নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অসমৰ আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ পূৰ্বৰ অসম আন্দোলনৰ ভেটিত গঠন হোৱা অসম গণ পৰিষদৰ দৰে ‘কা’বিৰোধী আন্দোলনৰ ফলত গঠন হোৱা দুই আঞ্চলিক ৰাজনৈতিক শক্তিক লৈ অসমৰ ভালেসংখ্যক লোক আজিও আশাবাদী৷ বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ বিপৰীতে দুই নতুন দলৰ আঞ্চলিকতাবাদী ভাবধাৰাই ইতিমধ্যে ব্যাপক ৰাইজৰ সঁহাৰি পাবলৈ সমৰ্থ হৈছে৷ স্বজন-তোষণৰ ৰাজনীতি যদিও পূৰ্বৰে পৰা সকলো ৰাজনৈতিক দলেই কৰি আহিছে, তথাপি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি অসমলৈ নতুনকৈ আমদানিকৃত৷ এই কথা বহলাই নক’লেও হয় যে বিজেপি দলেই প্ৰথমবাৰৰ বাবে অসমত ব্যাপক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে৷ অৱশ্যে, কংগ্ৰেছ দলে ধৰ্মীয় ৰহণ থকা ৰাজনীতি অসমত আগেয়ে নকৰা নহয়, তথাপি প্ৰত্যক্ষ ধৰ্মীয় মেৰুকৰণ যে বিজেপি দলেই কৰিছে, সেয়া ৰাইজে নজনাকৈ থকা নাই৷ বিজেপিৰ এই কুটিল ৰাজনৈতিক সমীকৰণ বুজি উঠিবলৈ নৱগঠিত আঞ্চলিক শক্তিসমূহৰ এতিয়াও বহুত বাকী৷ তদুপৰি বহুধাবিভক্ত এই আঞ্চলিক শক্তিক দুৰ্বল কৰিবলৈও যে বিজেপি দলটোৱে কূট-কৌশল নকৰিব, তাৰো কোনো মানে নাই৷ বেলি মাৰ যাবলৈ উপক্ৰম হোৱা পুৰণি আঞ্চলিক শক্তি অসম গণ পৰিষদে উকা কৰি থৈ যোৱা আঞ্চলিকতাবাদী ৰাজনীতিৰ পথাৰখন নৱগঠিত আঞ্চলিক দল দুটাই কিদৰে শস্য-শ্যামলা কৰি তোলে, সেয়া সময়েহে ক’ব৷ তাৰ বাবে লাগিব দুয়োটা দলৰ অসীম কষ্ট, চৰম ত্যাগ আৰু কঠোৰ অনুশীলন৷ আৰু সেয়া সম্ভৱ হৈ উঠিব যদিহে অনাগত দিনত দুয়োটা আঞ্চলিক ৰাজনৈতিক শক্তি একত্ৰিত হৈ আগবাঢ়ি যাবলৈ সক্ষম হয়৷


