শিক্ষানীতিত মাতৃভাষা মাধ্যম
বিগত দুটা দশকত দেশৰ সকলো প্ৰান্ততে ইংৰাজী মাধ্যমৰ বিদ্যালয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰা দেখা যায়৷ চহৰে-নগৰে, গাঁৱে-ভূঞে ব্যক্তিগত খণ্ডত ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ গঢ়ি উঠাত সকলো স্তৰৰ অভিভাৱকে ইংৰাজী মাধ্যমত নিজৰ সন্তানক পঢ়ুৱাৱলৈ একপ্ৰকাৰ প্ৰতিযোগিতাত নামি পৰে৷
ইংৰাজী মাধ্যমৰ উত্থানৰ সমান্তৰালকৈ মাতৃভাষা আৰু স্থানীয় ভাষাৰ বিদ্যালয়সমূহ সংকটৰ গৰাহত পৰে৷ অসমৰ দৰে ৰাজ্যতে অসমীয়া আৰু আন মাতৃভাষাৰ বহুত বিদ্যালয় বন্ধ কৰিবলগীয়া অৱস্থা হয়৷ যোৱা পাঁচ বছৰমানৰ ভিতৰতে ৰাজ্যৰ কেইবাখনো প্ৰখ্যাত বিদ্যালয়ৰ অৱস্থা শোচনীয় হৈ পৰে৷ এসময়ত গৌৰৱে ঢৌৱাই থকা গুৱাহাটীৰ মাজমজিয়াৰ পাণবজাৰত অৱস্থিত কটন কলেজিয়েটৰ দৰে বিদ্যালয় জহি-খহি যাবলৈ ধৰিছে৷ পুৰণি ঐতিহ্যৰ গৰাকী আন ভালেমান বিদ্যালয় এতিয়া বন্ধ হোৱাৰ পথত৷
ইংৰাজী মাধ্যমৰ এনে জনপ্ৰিয়তাৰ ফলত দেশৰ সমাজ ব্যৱস্থাত বিভিন্ন সমস্যাই গা কৰি উঠিছে৷ এনে অৱস্থাতে দেশত নতুন শিক্ষানীতি-২০২০ ৰূপায়ণ কৰিবলৈ লোৱা হৈছে৷ দেশৰ শিক্ষা-ব্যৱস্থাত আমূল পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নতুন শিক্ষানীতিত অজস্ৰ প্ৰস্তাৱ ৰখা হৈছে৷ এনে এক প্ৰস্তাৱত প্ৰাথমিক পৰ্যায়ত মাতৃভাষাৰ প্ৰয়োগত গুৰুত্ব দিয়া হৈছে৷ এই কথাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷
বহুতে ভাবিছে– নতুন শিক্ষানীতিৰ প্ৰস্তাৱমৰ্মে পঞ্চমমানলৈ, পাৰিলে অষ্টমমানলৈ শিক্ষাৰ মাধ্যম হ’ব মাতৃভাষা৷ কথাষাৰ শুনি কিছুমানে আনন্দত জঁপিয়াইছে, ধৰি লৈছে ইংৰাজী মাধ্যমৰ দিন গ’ল৷ কিছুমানে হতাশ হোৱাটো স্বাভাৱিক৷ আমাৰ ইয়াত সংবাদ মাধ্যম বা চৰকাৰৰ ক্ষমতাশালী মন্ত্ৰীয়ে কোৱা কথাকে বহুতে শেষ কথা বুলি ধৰি লয়৷ ফলত কথাবোৰে অন্য ৰূপ লয়৷
আচলতে নতুন শিক্ষানীতিত এই সম্পৰ্কত কি কোৱা হৈছে তাক ভালকৈ বুজা ভাল৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ৪.৯ অনুচ্ছেদত কোৱা হৈছে– ‘উঠি অহা ল’ৰা-ছোৱালীয়ে কথাবোৰ ঘৰুৱা ভাষা, মাতৃভাষাতে ভালকৈ বুজে৷ গতিকে, য’ত সম্ভৱ হয় তাতে পঞ্চম শ্ৰেণীলৈ, পাৰিলে অষ্টম শ্ৰেণী বা পিছলৈ শিক্ষাৰ মাধ্যম হ’ব ঘৰুৱা ভাষা, মাতৃভাষা, স্থানীয় ভাষা৷
ইয়াৰ পাছত ঘৰুৱা ভাষা, স্থানীয় ভাষা য’ত সম্ভৱ হয় ভাষা হিচাপে শিকোৱা হ’ব৷ এইটো ৰাজহুৱা আৰু ব্যক্তিগত উভয় বিদ্যালয়ে কৰিব৷’ একেটা অনুচ্ছেদতে কোৱা হৈছে– ‘বিজ্ঞানকে ধৰি সকলো পাঠ্যপুথি ঘৰুৱা ভাষাত উপলব্ধ কৰা হ’ব৷ যিসকলৰ ভাষা আৰু মাধ্যম একে নহয়, সেইসকলৰ বাবে শিক্ষকসকলে দ্বিভাষিক পদ্ধতি ব্যৱহাৰ কৰিব৷’
এই কথাখিনিৰ অৰ্থলৈ লক্ষ্য কৰিলে বুজাত অসুৱিধা নহ’ব যে পঞ্চম শ্ৰেণীলৈ [পাৰিলে অষ্টম শ্ৰেণীলৈ] শিক্ষাৰ মাধ্যম ঘৰুৱা ভাষা, মাতৃভাষা হ’বই বুলি কোৱা নাই৷ পাৰিলেহে [সম্ভৱ হ’লেহে] কৰিবলৈ দিছে৷ আনহাতে, মাধ্যমৰ কথা উল্লেখ কৰোঁতে অকল মাতৃভাষা বুলি নকৈ তাৰ লগত ঘৰুৱা ভাষা আৰু স্থানীয় ভাষাকো সাঙুৰি দিয়া হৈছে৷
আমাৰ দেশত বহুত কথাত যুক্তিতকৈ আৱেগ বেছি থাকে৷ মাতৃভাষাৰ বিষয়টোত অস্পষ্টতা ৰৈ যোৱা কাৰণে বিষয়টো বেলেগ ৰূপত দাঙি ধৰা হৈছে আৰু কিছু পৰিমাণে ৰাজনীতিৰ ৰহণো সানি দিয়া হৈছে৷ কথাবিলাকৰ অৰ্থ চাগে লাহে লাহে স্পষ্ট হ’ব! স্পষ্ট হ’লে আৱেগিক কথাবোৰো তল পৰিব আৰু সকলোৱে গতানুগতিকতাত ডুবিব৷


