Logo
Logo
image

এম ডি এইচৰ বৰ্ষীয়ান চি ই অ’ ধৰমপাল গুলাটী

... ১৯১৯ চনত  চুন্নিলাল গুলাটিয়ে প্ৰথমে আৰম্ভ কৰিছিল এটা 

ক্ষুদ্ৰ মচলা প্ৰতিষ্ঠান৷ চুন্নিলাল গুলাটিৰ তিনি পুত্ৰৰ জ্যেষ্ঠ ধৰমপাল গুলাটিয়ে পঞ্চম শ্ৰেণীতেই পঢ়া-শুনা সামৰি দেউতাকৰ সৈতে সেই মচলা প্ৰতিষ্ঠানতে মেহেন্দী আৰু মচলা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল৷ এনেদৰে দৈনিক ২০ টকাপৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ’লেও অত্যন্ত চঞ্চল ধৰমপালে অকস্মাতে সেই কাম 

ত্যাগ কৰি কাঠমিস্ত্ৰীৰ কামত ধৰে ...

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মচলাৰ বজাৰত এম ডি এইচ  এটা অতি চিনাকী নাম৷ এভাৰেষ্ট মচলাৰ পাছতে এম ডি এইচ হ’ল ভাৰতৰ দ্বিতীয় বৃহৎ মচলা উৎপাদনকাৰী প্ৰতিষ্ঠান৷ মহাশিয়ান দি হাট্টি প্ৰাইভেট লিমিটেড, চমুকৈ এম ডি এইচ নামৰ এই মচলা প্ৰতিষ্ঠানটো স্থাপন হৈছিল ১৯১৯ চনত অবিভক্ত ভাৰতৰ  পঞ্জাব প্ৰভিন্সৰ শিয়ালকোটত৷ চুন্নিলাল গুলাটি আছিল এম ডি এইচৰ প্ৰতিষ্ঠাপক৷ এই প্ৰতিষ্ঠানৰ বাৰ্ষিক উপাৰ্জন ৯২৪ কোটি টকা আৰু বাৰ্ষিক লাভ প্ৰায় ২১৩ কোটি টকা৷ এম ডি এইচে  বৰ্তমান মুঠ ৬২বিধ বিভিন্ন মচলাৰ প্ৰায় ১৫০বিধ সৰু-ডাঙৰ পেকেট উৎপাদন কৰি ভাৰতৰ লগতে বিশ্বৰ ১০০খন দেশলৈ ৰপ্তানি কৰে৷ এম ডি এইচৰ মুঠ কাৰখানাৰ সংখ্যা ১৫টা৷ চুন্নিলাল গুলাটিৰ জ্যেষ্ঠ পুত্ৰ ধৰমপাল গুলাটি হৈছে এম ডি এইচ প্ৰতিষ্ঠানৰ মূল ব্যক্তি তথা চি ই অ’৷ প্ৰতিষ্ঠানটোৰ ৮০ শতাংশ অংশীদাৰ তেওঁৰ৷ এম ডি এইচ স্থাপন হোৱাৰে পৰা বৰ্তমানপৰ্যন্ত  এক দীঘলীয়া পৰিক্ৰমা আৰু নানা ঘাত-প্ৰতিঘাতেৰে এক বৰ্ণিল অধ্যায় আছে৷ অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ শিয়ালকোটত ১৯১৯ চনত  চুন্নিলাল গুলাটিয়ে প্ৰথমে আৰম্ভ কৰিছিল এটা ক্ষুদ্ৰ মচলা প্ৰতিষ্ঠান৷ চুন্নিলাল গুলাটিৰ তিনি পুত্ৰৰ জ্যেষ্ঠ ধৰমপাল গুলাটিয়ে পঞ্চম শ্ৰেণীতেই পঢ়া-শুনা সামৰি দেউতাকৰ সৈতে সেই মচলা প্ৰতিষ্ঠানতে মেহেন্দী আৰু মচলা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল৷ এনেদৰে দৈনিক ২০ টকাপৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ’লেও অত্যন্ত চঞ্চল ধৰমপালে অকস্মাতে সেই কাম ত্যাগ কৰি কাঠমিস্ত্ৰীৰ কামত ধৰে৷ তাতো বিশেষ মনোযোগ বহুৱাব নোৱাৰি পৰৱৰ্তী সময়ত বিভিন্ন দোকান, ফেক্টৰী আদিত কাম কৰিবলৈ আৰম্ভ কৰে৷ কোনো স্থায়ী উপাৰ্জন নথকাকৈয়ে ধৰমপালে ওঠৰ বছৰ বয়সতে লীলাৱতী নামৰ মহিলা এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ পাছৰ সময়ছোৱাই তেওঁৰ জীৱনৰ টানিং পইণ্ট বুলিব পাৰি৷ পৰিয়ালৰ দায়িত্ব মূৰৰ ওপৰত পৰাত ধৰমপালৰ দায়িত্ব আৰু ধৈৰ্য সমানে বাঢ়িল৷ লাহে লাহে তেওঁ পঞ্জাব, অমৃতসৰ আদিৰ পৰা শুকান জলকীয়া, হালধি, জিৰা কিনি আনি ঘৰতে খুন্দি সেইবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে৷ এইবোৰ সামগ্ৰী ঘৰুৱাভাৱে খুন্দি বজাৰত বিক্ৰী কৰিছিল যদিও ইয়াৰ গুণগত মান অতি উন্নত হোৱাৰ বাবে ধৰমপালৰ ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে৷ ধৰমপালৰ মচলাই বজাৰত সমাদৰ লাভ কৰিবলৈ লওঁতেই আন এক অনাকাংক্ষিত পৰিস্থিতিয়ে সকলো সলনি কৰি দিলে৷ ১৯৪৭ চনত ভাৰত বিভাজন হৈ ভাৰত-পাকিস্তান পৃথক হ’ল আৰু শিয়ালকোট পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ল৷ শিয়ালকোটৰ হিন্দুসকলৰ ওপৰত পাকিস্তানীৰ নানা অত্যাচাৰ চলিল৷ তেনে সময়তে ধৰমপালৰ পৰিয়াল পাকিস্তানৰ পৰা পলাই ভাৰতত সোমাল৷ শিয়ালকোটত ব্যৱসায় কৰি পোৱা মাত্ৰ ১,৫০০ টকাৰে ধৰমপালে দিল্লীৰ কেৰলবাগত থকা ভনীয়েকৰ ঘৰতে থাকি এখন টাংগা ক্ৰয় কৰি সেইখন চলাবলৈ আৰম্ভ কৰে৷ কিন্তু আশাকৰা ধৰণে ধৰমপালে এই কামত লাভৰ মুখ নেদেখি পুনৰ মচলা ব্যৱসায়কে কৰাৰ কথা থিৰাং কৰে আৰু টাংগাখন বিক্ৰী কৰি ১৯৪৮ চনৰ ১০ অক্টোবৰত দিল্লীৰ কেৰল বাগতে মহাশিয়ান দি হাট্টি শিয়ালকোটৱালা নামেৰে এখন মচলাৰ দোকান আৰম্ভ কৰে৷ খুব কমদিনৰ ভিতৰতে ধৰমপালৰ ক্ষুদ্ৰ মচলাৰ দোকানখনে গ্ৰাহকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল৷ ইয়াৰ পাছত ধৰমপাল গুলাটিয়ে আৰু কোনোদিন পাছলৈ উভতি চাবলগা হোৱা নাই৷ ধৰমপালৰ মচলাৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত ক্ৰমে পঞ্জাব বাগ, চান্দনী চ’ক, কেৰল বাগ আদি ঠাইত নতুন দোকান আৰম্ভ কৰিলে৷ ১৯৫৪ চনত ভাৰতৰ প্ৰথমখন আধুনিক মচলা ষ্টোৰ ৰূপক ষ্টোৰ আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত পাহাৰগঞ্জত ভাড়ালৈ লোৱা মচলা খুন্দা মিল এৰি ১৯৫৯ চনত কৃতী নগৰত প্ৰথমটো নিজা মচলা কাৰখানা স্থাপন কৰে৷ গ্ৰাহক আৰু বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ধৰমপাল গুলাটিয়ে বৰ্তমানপৰ্যন্ত ১৫টা মচলা উৎপাদনকাৰী কাৰখানা স্থাপন কৰিবলৈ সক্ষম হয়৷ বয়স বৃদ্ধিৰ লগে লগে অত্যন্ত ধৈৰ্যশীল, সাহসী আৰু কৰ্মনিষ্ঠ হৈ পৰা  ধৰমপাল গুলাটিয়ে মৃত্যুপৰ্যন্ত এম ডি এইচ মচলাৰ প্ৰতিটো দিশ নিজে তদাৰক আৰু তত্ত্বাৱধান কৰি আহিছিল৷ প্ৰচলিত সোঁতৰ বিপৰীতে গৈ ধৰমপাল গুলাটিয়ে টিভি, বাতৰিকাকত বা আন ক্ষেত্ৰত প্ৰচাৰিত বিজ্ঞাপনসমূহত কোনো প্ৰতিষ্ঠিত লোক বা তাৰকাক নলৈ নিজে অভিনয় কৰি বা নিজা ফটো দি এম ডি এইচ মচলাৰ বিজ্ঞাপন প্ৰচাৰ কৰি আহিছে৷ কৰ্মোদ্যমী, সৎ, অদম্য সাহসী, অত্যন্ত মানসিক শক্তিৰ অধিকাৰী, বয়সে হাৰ মনাব নোৱৰা ধৰমপাল গুলাটিয়ে মৃত্যুপৰ্যন্ত দৈনিক ১৪ ঘণ্টাকৈ কাম কৰি ১২টা কাৰখানা পৰিদৰ্শন কৰাৰ লগতে দৈনিক ৩ ঘণ্টা নিজ কাৰ্যালয়ত বহি কৰ্মপ্ৰেৰণা দেখুৱাই গৈছে৷ ৮৭ বছৰীয়া বৰ্ষীয়ান চি ই অ’ ৱাৰেন বাফ্যেটক চেৰ পেলাই ৯৭ বছৰীয়া ধৰমপাল গুলাটিয়েই হৈছে বিশ্বৰ সবাতোকৈ বৃদ্ধ চি ই অ’৷ চি ই অ’ হিচাপে মৃত্যুপৰ্যন্ত তেওঁৰ বাৰ্ষিক দৰমহা আছিল ২১ কোটি৷ কেৱল ব্যৱসায়ী বা উদ্যোগপতি হিচাপেই নহয়,  ধৰমপাল গুলাটি এজন বিশিষ্ট সমাজকৰ্মীও৷ তেওঁৰ পিতৃ আৰু নিজৰ নামত দুটাকৈ ন্যাস গঠন কৰি ২০খন শিক্ষানুষ্ঠান, ৩খন চিকিৎসালয়, ভ্ৰাম্যমাণ চিকিৎসালয়, গো-শালা, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম, ছাত্ৰী নিবাস, অঘৰীসকলৰ বাবে আশ্ৰয় গৃহ, ট্ৰাকচালকসকলৰ বাবে নিদ্ৰাগৃহ স্থাপন কৰি সমাজসেৱাৰ এক অনন্য দৃষ্টান্ত দেখুৱাইছে৷ ২০১৬ চনত ধৰমপাল গুলাটিক বছৰটোৰ ভাৰতীয় বঁটাৰে সন্মানিত কৰাৰ লগতে ২০১৯ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে ‘পদ্মভূষণ’ বঁটা প্ৰদান কৰিছিল৷ ধৰমপাল গুলাটিয়ে ‘টাংগাৱালা কেইছে বনা মচালো কা শ্বাহেনশ্বাহ’ শীৰ্ষক এখন আত্মজীৱনী প্ৰকাশ কৰিছে, য’ত তেওঁৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু সংগ্ৰামৰ কথা বৰ্ণনা কৰাৰ লগতে কেনেকৈ তেওঁ এম ডি এইচৰ দৰে এটা ব্ৰেণ্ড বিশ্বব্যাপী প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল, তাৰ সবিশেষ  বিৱৰিছে৷ 

বয়সে কাহানিও হাৰ মনাব নোৱৰা কৰ্মোদ্যমী ধৰমপাল গুলাটিয়ে ৩ ডিচেম্বৰৰ পুৱা দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয়৷ ৯৭ বছৰীয়া ধৰমপাল গুলাটিৰ মৃত্যুপৰ্যন্ত নাছিল কোনো জটিল ৰোগ৷ তেওঁৰ অবৰ্তমানত সমগ্ৰ ভাৰতবাসীয়ে তেওঁৰ কৰ্মৰাজি আৰু সামাজিক দায়বদ্ধতাক মনত ৰাখি আগবঢ়া উচিত৷ নিঃসন্দেহে ধৰমপাল গুলাটি আমাৰ বাবে এক আদৰ্শ৷ তেওঁৰ একাগ্ৰতা, ধৈৰ্য আৰু ব্যৱসায়ৰ অনন্য প্ৰতিভা আমাৰ অনুপ্ৰেৰণাৰ উৎস হোৱা উচিত ।