৮৯ত হোমেন বৰগোহাঞি
১৯৩২ চনৰ আজিৰ দিনটোতে হোমেন বৰগোহাঞি এই ধৰালৈ আহিছিল৷ অৰ্থাৎ আজি তেওঁৰ ৮৯সংখ্যক ওপজা দিন৷
‘আমাৰ অসম’ৰ সৈতে জড়িত হোৱাৰ সময়ত মোৰ দুৰ্বাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক হোমেন বৰগোহাঞি৷ ২০০১ চনত ‘আমাৰ অসম’ৰ হাফলঙৰ প্ৰতিনিধি হিচাপে স্থায়ীভাৱে নিযুক্তি লাভ কৰাৰ পাছত পেছাগত সাংবাদিকতাৰ জীৱনত প্ৰৱেশ কৰিছিলোঁ৷ হাফলঙৰ পৰা গুৱাহাটীলৈ আহিলেই তদানীন্তন বাৰ্তা সম্পাদকক খাটনি ধৰোঁ বৰগোহাঞি ছাৰক লগ কৰাই দিবলৈ৷ সময়-সুযোগ মিলা নাছিল৷
২০০২ চন৷ এদিন এজন কাকতখনৰে সাংবাদিকে মোৰ আবদাৰ শুনি বৰগোহাঞি ছাৰৰ ঘৰলৈ যাবলৈ ক’লে৷ হেঙেৰাবাৰীৰ হাউছিং ক’লনীৰ বাসিন্দা বৰগোহাঞি ছাৰৰ ঘৰৰ ঠিকনাটো বুজাই দিলে৷ কৈশোৰৰ সময়ৰ পৰা মন-মগজু উদ্বেলিত কৰি ৰখা হোমেন বৰগোহাঞিক নিচেই কাষৰ পৰা লগ পোৱাৰ আনন্দই হৃদয়ত এক অনন্য অনুভূতি প্ৰদান কৰিছিল৷ কিন্তু সেই আনন্দ মষিমূৰ হ’বলৈ বেছি পৰ নালাগিল৷ বৰগোহাঞি ছাৰৰ ঘৰৰ দুৱাৰমুখত কলিং বেলটো বজোৱাৰ পাছতেই ছাৰে ঘপহকৈ দৰ্জাখন খুলি সাংঘাতিক খঙেৰে ‘খবৰ নকৰাকৈ, অনুমতি নোলোৱাকৈ কোনে আহিবলৈ দিছে, এতিয়া মোৰ লিখাৰ সময়, কথা পাতিব নোৱাৰোঁ’ বুলি জোৰকৈ দৰ্জাখন মাৰি দিলে৷ মোৰ চকুপানী ওলাই গৈছিল৷ কাকতখনৰ তদানীন্তন বাৰ্তা সম্পাদকক সকলো বিৱৰি কোৱাত মোৰ দুখৰ সমভাগী হোৱাৰ বিপৰীতে হাঁহিছিল৷ বৰগোহাঞি ছাৰৰ গালি খাব পোৱাটো সৌভাগ্যৰ কথা বুলি তেওঁ মোক বুজনি দিবলৈ চেষ্টা কৰিছিল৷
সেই ঘটনাটোৰ আঁত ধৰি ২০১৪ চনৰ অক্টোবৰৰ শেষৰ দেওবাৰটোত ‘নিউজ লাইভ’ত বৰগোহাঞিৰ অনুষ্ঠান ‘কথা-বাৰ্তা’ত মোক অতিথি হিচাপে লৈ এনেদৰে মন্তব্য কৰিছিল–‘মই জীৱনত প্ৰায় ৪৫ বছৰ সাংবাদিকতা কৰিছোঁ৷ এই ৪৫ বছৰত মোৰ জীৱনত বহু সাংবাদিক আহিছে আৰু গৈছে৷ কিন্তু মই তোমাৰ সন্মুখত এইটো ক’বলৈ ভাল পাইছোঁ যে মোৰ জীৱনত যিকেইজন মুষ্টিমেয় সাংবাদিক মোৰ ঘনিষ্ঠতম সংস্পৰ্শলৈ আহিছিল, তাৰ ভিতৰত সেইখন তালিকাত তুমি এক নম্বৰতে আছা৷ কিন্তু এইটো এটা আচৰিত কথা যে ২০০২ চনত প্ৰথমবাৰৰ কাৰণে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিছিলা, মই আগবেলা সাধাৰণতে কাকো দেখা নকৰোঁ, আৰু সেইদিনা তুমি এপইণ্টমেণ্ট নোলোৱাকৈ দেখা কৰিবলৈ আহিছিলা, মই তোমাক মোৰ ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়াকৈ খুব বেয়া ধৰণে আচৰণ কৰি ঘৰৰপৰা বাহিৰ কৰি দিছিলোঁ৷ আৰু সেই মানুহটোৱেই পিছলৈ মোৰ জীৱনত ঘনিষ্ঠতম সংস্পৰ্শলৈ আহিলা৷’
২০০২ চনৰ ১২ ডিচেম্বৰ৷ তিনিদিনীয়া কাৰ্যসূচী লৈ হাফলঙত উপস্থিত হৈছিল অসম সাহিত্য সভাৰ তদানীন্তন সভাপতি হোমেন বৰগোহাঞি৷ পোন্ধৰ বছৰ ধৰি নিস্ক্ৰিয় হৈ থকা অসম সাহিত্য সভাৰ হাফলং শাখাটো সক্ৰিয় কৰি তোলাৰ পাছত হাফলং সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে মোক মনোনীত কৰিছিল৷ অসম সাহিত্য সভাৰ প্ৰতি জনগোষ্ঠীয় লোকৰ আগ্ৰহ কিমান আছিল সেয়া প্ৰতিফলিত হৈছিল হোমেন বৰগোহাঞিৰ হাফলং ভ্ৰমণকালত৷ জিলাখনৰ সচেতন মহলে বৰগোহাঞি ছাৰৰ হাফলং ভ্ৰমণক ঐতিহাসিক বুলি ক’বলৈ বাধ্য হৈছিল৷
হাফলঙত আৰম্ভ হৈছিল সাহিত্য-সংস্কৃতিৰ এক নতুন কৰ্মযজ্ঞ৷ এই কৰ্মযজ্ঞৰ যেন আৰম্ভণি ঘটাইছিল হোমেন বৰগোহাঞিৰ প্ৰথমটো হাফলং ভ্ৰমণে৷ হোমেন বৰগোহাঞিৰ উৎসাহতেই হাফলঙত স্থাপন হ’ল সাহিত্য সভাৰ ভৱন৷ তেওঁ আগবঢ়োৱা কিতাপেৰেই আৰম্ভ হ’ল হাফলং সাহিত্য সভাৰ লাইব্ৰেৰী৷ ডিমাচা, জেমীনগা, মাৰ, কুকি, বেইটে, ৰাংখল, ভাইফে আদি জনজাতিৰ উপৰি অজনজাতীয় সম্প্ৰদায়সমূহেও বৰগোহাঞিয়ে আহ্বান জনোৱা বাটেৰেই বাট বুলি সকলো সম্প্ৰদায়ৰ সন্মিলিত অনুষ্ঠান ইউনাইটেড লিটাৰেৰী ফ’ৰাম গঠন কৰিছিল৷ বৰগোহাঞি ছাৰৰ হাফলং ভ্ৰমণক কেন্দ্ৰ কৰি এখন কিতাপেই হ’ব৷
অসম সাহিত্য সভাৰ সভাপতি হিচাপে ‘বিশ্বকোষ’ আন্দোলন আৰু তাৰপাছৰ পৰ্যায়ত আৰম্ভ কৰা আৰু এতিয়ালৈকে চলাই থকা ‘কৰুণাধাৰা’ৰ আন্দোলন বৰগোহাঞি ছাৰৰ লেখিয়া ব্যক্তিয়েহে একক প্ৰচেষ্টাৰে আগুৱাই লৈ যাব পাৰে৷
পৃথিৱীৰ গ্লেমাৰাছ সাংবাদিকসকলৰ ভিতৰতেই হোমেন বৰগোহাঞিক সাংবাদিক হিচাপে যিদৰে মানুহে মনত ৰাখিব, অসমৰ গড় হিচাপত সবাতোকৈ বেছি ৰাজহ অৰ্জন কৰা লেখক বৰগোহাঞিক যিদৰে মনত ৰাখিব, মাত্ৰ আধা ঘণ্টীয়া টিভি শ্ব’ এটাই মানুহৰ মনত কিদৰে এক চাপ বহুৱাব পাৰে সেই কথা যিদৰে মনত ৰাখিব, চিকিৎসক নহ’লেও স্বাস্থ্যৰ বিষয়ে থকা অগাধ পাণ্ডিত্যৰ লগতে এক অতুলনীয় স্মৃতিশক্তিৰ লোক হিচাপেও সকলোৱে বৰগোহাঞি ছাৰক মনত ৰাখিব৷
মই বৰগোহাঞি ছাৰক মোৰ জীৱনৰ অন্যতম প্ৰেৰণাদাতা হিচাপে বিশ্বাস কৰোঁ৷ বৰগোহাঞি ছাৰে লিখিছে– ‘কিছুমান মানুহ স্বভাৱতেই বিষণ্ণ আৰু নিৰাশাবাদী৷ আন কিছুমান মানুহ স্বভাৱতেই আনন্দময় আৰু আশাবাদী৷ মই নিজেই এই দ্বিতীয় শ্ৰেণীটোত পৰোঁ৷ জীৱনৰ পথ বিপদ সংকুল, কিন্তু ইনাই-বিনাই কান্দিলে বা কাকূতি-মিনতি কৰিলে বিপদে বাট এৰি নিদিয়ে৷ তেনেস্থলত ভয়ংকৰ বিপদ বা দুৰ্ভাগ্যক ভেঙুচালি কৰি মই হাঁহি হাঁহি জীৱনৰ পথত আগবাঢ়িব খোজোঁ৷’ সেই কাৰণেই তেওঁ ধৰা দিয়ে ব্যতিক্ৰমী ৰূপত৷ ছাৰ মোৰ কাৰণে পিতৃতুল্য৷ ছাৰেই নিজৰ ‘প্ৰথম কলম’ত মোক বনাই থৈছে লিটিকাই৷ ৮৯ বছৰত ভৰি দিয়া বৰগোহাঞি ছাৰ সাংঘাতিকভাৱে আধুনিক মনৰ আৰু নতুন প্ৰজন্মৰ দৰেই স্মাৰ্ট৷ স্বাধীনতাৰ পোন্ধৰ বছৰ পূৰ্বেই জন্ম হ’লেও আজিৰ যুগতো নিজকে সুন্দৰকৈ খাপ খুৱাই সকলো কথা বুজিব পৰা বৰগোহাঞি ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷


