কৰ’না আৰু আৰ্থ-সামাজিক বিপৰ্যয়
কৰ’না সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে চলিত বৰ্ষৰ বিভিন্ন সময়ত আহ্বান জনোৱা লকডাউনৰ ফলত বিধবস্ত হৈ পৰা দেশৰ অৰ্থনীতিয়ে মূৰ দাঙি উঠিবলৈ কিমান সময় ল’ব সেয়া সময়েহে উত্তৰ দিব৷ দেশৰ ঔদ্যোগিক খণ্ড, সেৱা খণ্ড, নিৰ্মাণ খণ্ড, কৃষি খণ্ডত লকডাউনৰ ফলত পৰা নেতিবাচক প্ৰভাৱৰ বাবে সেই সময়ছোৱাৰ পৰা আৰম্ভ হোৱা আৰ্থ-সামাজিক ক্ষতিয়ে বৃহৎ জনসংখ্যাৰ ৰাষ্ট্ৰখনক বহু দূৰ পিছুৱাই লৈ গ’ল৷ প্ৰায় আঠ মাহজুৰি দেশৰ ৰাজ্যসমূহত স্কুল-কলেজ, বিশ্ববিদ্যালয় আদি বন্ধ হৈ থকাৰ বাবে শৈক্ষিক দিশত বিস্তৰ ক্ষতি হৈছে৷ এইপৰ্যন্ত দেশৰ প্ৰায়বোৰ বিশ্ববিদ্যালয়ে স্নাতক, স্নাতকোত্তৰ পৰীক্ষাসমূহ সম্পূৰ্ণৰূপে অনুষ্ঠিত কৰিব নোৱৰাৰ বাবে অগণন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ শংকাৰ সৃষ্টি হৈছে৷ উল্লেখ্য লকডাউনৰ বাবে মূলতঃ ঔদ্যোগিক ৰাজ্যসমূহত কৰ্মৰত হৈ থকা লক্ষ লক্ষ শ্ৰমিক, কৰ্মচাৰী নিজ ৰাজ্যলৈ ঘূৰি গৈছিল৷ ইয়াৰ একাংশই নিজ ৰাজ্যতে ৰৈ গৈছিল যদিও এচামে ভৱিষ্যত সুৰক্ষাৰ বাবে পুনৰ পূৰ্বৰ কৰ্মসংস্থানলৈ উভতি গৈছিল বা এচামে সমীপৱৰ্তী এলেকাত আন কামত নিয়োজিত হৈছিল৷ লক্ষণীয়ভাৱে প্ৰব্ৰজিত শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে বহু আঁচনি, ভাট্টা প্ৰদানৰ ঘোষণা কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ বাবে বহুতৰে জীৱনলৈ অমানিশা নামি আহিল৷ নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্যমতে বহু শান্তিপূৰ্ণ অঞ্চলতো কৰ’না, লকডাউনৰ বাবে সামাজিক শৃংখলা বিনষ্ট হৈছে, অপৰাধজনিত ঘটনা, হত্যা, লুণ্ঠন, বেশ্যাবৃত্তি বহু পৰিমাণে বৃদ্ধি পাইছে৷ গ্ৰামাঞ্চলৰ নিজৰ বাসগৃহলৈ ঘূৰি অহা বহু লোকে নিজ গাঁৱতে কৃষিকৰ্মত নিয়োজিত হৈছে যদিও শেহতীয়াকৈ দেশজুৰি নতুনকৈ প্ৰৱৰ্তিত কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ এক জনজাগৰণ সৃষ্টি হোৱাৰ সময়ত অনিশ্চিত ভৱিষ্যতৰ সম্ভাৱনা থকা কৃষিখণ্ডক লৈয়ো দেশৰ গৰিষ্ঠসংখ্যক কৃষকেই আশ্বস্ত হ’ব পৰা নাই৷ ইফালে চৰকাৰে শোচনীয় বিত্তীয় পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ব্যাপক ৰূপত ঔদ্যোগিক খণ্ডৰ ব্যক্তিগতকৰণ, নিৰ্বিনিয়োজন কৰাৰ বাবে বিশেষকৈ ৰাজহুৱা খণ্ডত নিয়োজিত বিষয়া, কৰ্মচাৰীয়ে কৰ্মসংস্থান হেৰুৱাব লগাত পৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কৰ’নাৰ পূৰ্বে দেশত দক্ষ ভাৰত, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, স্মাৰ্ট ভিলেজ আদি বহুবোৰ আঁচনি প্ৰয়োগ কৰিছিল৷ কৰ’নাই সৃষ্টি কৰা দুৰ্যোগৰ সময়ছোৱাতো ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৰে বহু অভিলাসী আঁচনি চৰকাৰে প্ৰয়োগ কৰিছে৷ কিন্তু পূৰ্বৰ আঁচনিসমূহ সঠিকভাৱে কাৰ্যকৰী নোহোৱাৰ বাবে অৰ্থনৈতিক উন্নয়ন, নিয়োগ সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰ সফল নহ’ল৷ বিজেপি নেতৃত্বাধীন চৰকাৰে বছৰি দুই কোটিকৈ নিবনুৱাৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি এতিয়া পাহৰণিৰ গৰ্ভত৷ ইফালে দেশত হঠাৎ ঘোষণা কৰা বিমুদ্ৰাকৰণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ পৰা দেশে এতিয়াও পৰিত্ৰাণ পোৱা নাই৷ জি এছ টি প্ৰয়োগৰ দ্বাৰা অৰ্থনৈতিক খণ্ডত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যদিও সেই সুদিন কেতিয়া আহিব তাক চৰকাৰেও নাজানে৷ বাণিজ্যিক সংস্থা ‘ফিজি’ আৰু ‘ইণ্ডিয়ান এঞ্জেল নেটৱৰ্ক’-এ যুটীয়াভাৱে চলোৱা অধ্যয়নৰ মতে লকডাউনৰ সময়ছোৱাত দেশৰ ৭০ শতাংশ ষ্টাৰ্ট আপেই ক্ষতিগ্ৰস্ত হ’ল৷ ইয়াৰে একাংশ বন্ধ হৈ পৰিল আৰু যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে কিছুমান ষ্টাৰ্ট আপে কাম চলাই আছে৷ এই ষ্টাৰ্ট আপসমূহে পৰিস্থিতিৰ বাবে পৰিচালন আৰু প্ৰশাসনীয় ব্যয় কৰ্তন কৰিবলৈ বাধ্য হৈছে৷ অসমতো অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ্ ছ’চিয়েল চেছ এণ্ড ডেভলপমেণ্ট’ৰ সহযোগত ‘ছিটা’ই চলোৱা অধ্যয়নত প্ৰায় ৫০ শতাংশ লোক দাৰিদ্ৰতাৰ গ্ৰাসত পৰিব বুলি যোৱা জুলাই মাহত প্ৰদান কৰিছিল৷ কৰ’নাৰ প্ৰকোপ এতিয়া কমাৰ ফলত পূৰ্বৰ তুলনাত পৰিস্থিতিৰ উত্তৰণ ঘটিছে যদিও বিপৰ্যয়ৰ সন্মুখীন হোৱা আৰ্থ-সামাজিক দিশ ঠন ধৰিবলৈ বহুদূৰ বাকী৷ সম্প্ৰতি ভেকচিন আহিব বুলি আশাৰ সঞ্চাৰ হৈছে যদিও সেয়া কাৰ্যকৰী হ’বলৈ কিছু সময় লাগিব৷ এনে পৰিস্থিতিৰ লগত সংগতি ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সঠিক পদক্ষেপ লোৱাৰ ওপৰতে নিৰ্ভৰ কৰিব দেশৰ ভৱিষ্যত!


