Logo
Logo
image

বিটিএডিত বঞ্চনাৰ ৰাজনীতি

এশ-এটা সমস্যাত আজিও জৰ্জৰ বি টি এ ডিৰ সৰ্বসাধাৰণ লোক৷ বড়ো-অনাবড়োৰ মাজত দীৰ্ঘ সময় ধৰি চলি অহা সংঘাত কমক চাৰি বাঢ়িছেহে৷ বিশেষকৈ ভূমি অধিকাৰৰ বিষয়টো আজিও স্পষ্ট নহয় বি টি এ ডি অঞ্চলত বাস কৰা কোনো এজন লোকৰ বাবে৷ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰাজনৈতিক সুবিধা অনুসৰি ব্যাখ্যা কৰে বি টি এ ডিৰ ভূমিনীতিক৷ প্ৰথমে বড়ো অটোনমাছ কাউঞ্চিল গঠন হ’ল৷ তাৰ পাছত বড়ো টেৰিটৰিয়েল কাউঞ্চিল গঠন হ’ল৷ এতিয়া বড়ো টেৰিটৰিয়েল ৰিজন গঠন হ’বলৈ গৈ আছে বা গঠন হ’ল৷ বড়োভূমিৰ নামহে মাত্ৰ সলনি হৈ গৈ আছে সময়ৰ লগে লগে, কিন্তু সলনি নহ’ল অঞ্চলটোৰ সাধাৰণ লোকৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ৷ ২০০৩ চনৰ পৰা বি টি এ ডিত অনাবড়ো লোকৰ মাজত ভূমিৰ হস্তান্তৰ, কিনা-বেচা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল৷ আনকি পৈতৃক ভূমি কন্যালৈও হস্তান্তৰ বন্ধ কৰি দিয়া হ’ল৷ ভূমিৰ অধিকাৰ এতিয়া কেৱল বড়ো লোকৰ হাততহে আছে৷ ২০১৩ চনৰ পৰা চৰকাৰী ভূমি, একচনীয়া মাটি আদিত বাস কৰি থকা লোকৰ পৰা বিটিচি প্ৰশাসনে খাজনাৰ পৰিৱৰ্তে মাটি দখল কৰি থকাৰ জৰিমনাহে সংগ্ৰহৰ নিয়ম প্ৰৱৰ্তন কৰিলে৷ যাৰ ফলত বি টি এ ডিত যুগ যুগ ধৰি বাস কৰি থকা সামৰ্থ্যৱান অনাবড়ো লোক ক্ৰমাৎ বি টি এ ডিৰ পৰা প্ৰব্ৰজন কৰা আৰম্ভ কৰিলে৷ কিন্তু যিসকল লোকৰ প্ৰব্ৰজনৰ সামৰ্থ্য নাই, তেওঁলোক মৰণত শৰণ দি বি টি এ ডিতে থাকিবলৈ বাধ্য হ’ল৷ ৰাজ্য চৰকাৰে এনেধৰণৰ বাস্তৱ সমস্যা জনাৰ পাছতো কিন্তু আজিপৰ্যন্ত  এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰ চৰকাৰে এইক্ষেত্ৰত সমানে জগৰীয়া৷ সুদীৰ্ঘ চাৰে চাৰি বছৰ দিছপুৰত একেলগে চৰকাৰ চলোৱাৰ পাছত, বৰ্তমান বিজেপি দলে দাবী কৰিছে যে তেওঁলোকৰ মিত্ৰদল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শাসনকালত বি টি এ ডিত হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি হৈছে৷ মহাগাণনিকে এই সন্দৰ্ভত সকলো হিচাপ-নিকাচ কৰি আছে৷ বিধানসভাৰ আগন্তুক অধিৱেশনত ইয়াৰ পূৰ্ণাংগ প্ৰতিবেদন দাখিল কৰা হ’ব৷ এইটো নি(য় চৰকাৰৰ এটা ভাল পদক্ষেপ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত৷ কিন্তু বিজেপি দলে আজি কিয় এই অভিযোগ উত্থাপন কৰিলে? বিগত চাৰি বছৰে কিয় এবাৰো এই কথা উত্থাপন নকৰিলে? মিত্ৰতাত থাকিলে বিজেপি দলে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিলেহেঁতেননে? হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ মূল অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ২০১৬ চনৰ পৰাই তেওঁ ৰাজ্যৰ বিত্তমন্ত্ৰী হৈ আছে৷ ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ শাসনকালতো তেওঁ প্ৰভাৱশালী মন্ত্ৰী আছিল৷ গগৈ চৰকাৰৰ অন্যতম চালিকা শক্তি আছিল৷ এই সুদীৰ্ঘ সময়ছোৱাত তেওঁ কিন্তু এবাৰো হাগ্ৰামা মহিলাৰীৰ পৰা বেয়া দেখা নাছিল৷ হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক যে যথেষ্ট ঘনিষ্ঠ আছিল, সেয়া ৰাজনৈতিক মহলত সকলোৰে জ্ঞাত৷ কিন্তু আজি হঠাৎ হাগ্ৰামা মহিলাৰী তেওঁৰ কাৰণে বেয়া হৈ গ’ল৷ বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে, বিশেষকৈ বিজেপি দলে উন্নয়নৰ পৰিৱৰ্তে আক্ৰমণৰ ৰাজনীতিহে কৰিছে৷ বিটিএডিত চৰকাৰ গঠন কৰিলে বিজেপি দলে কি কৰিব, কি নকৰিব সেয়া কোৱাৰ পৰিৱৰ্তে কেৱল হাগ্ৰামা মহিলাৰীক প্ৰত্যক্ষ আক্ৰমণতে ব্যস্ত আছে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আদি৷ নিৰ্বাচনী প্ৰচাৰ গৈ ভোটাৰক মনোৰঞ্জন দিয়া অনুষ্ঠানলৈহে পৰ্যবসিত হৈছে৷ বিটিএডিৰ সাধাৰণ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়ন কিদৰে হ’ব, তাৰ কোনো পৰিকল্পনা দাঙি ধৰিব পৰা নাই বিজেপি দল আৰু ইয়াৰ মন্ত্ৰী-বিধায়কসকলে৷ বিটিএডিত বাস কৰা বড়ো-অনাবড়ো অধিকাংশ সাধাৰণ লোকৰ জীৱন-ধাৰণৰ মান বৰ্তমানো বহুত তলত৷ উদ্যোগীকৰণৰ কোনো আঁচনি নাই৷ অথচ সমগ্ৰ বিটিএডিতে উদ্যোগীকৰণৰ প্ৰচুৰ সুবিধা আছে৷ শিক্ষা, স্বাস্থ্য, বাট-পথ, নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপন, সুশাসন আদিৰ কথা কোনেও এবাৰো ভুলতেও উচ্ছাৰণ কৰা নাই নিৰ্বাচনী প্ৰচাৰ সভাসমূহত৷