কৃষকৰ উপাৰ্জন দুগুণ হ’ব কেনেকৈ
সমগ্ৰ দেশজুৰি কৃষকৰ আন্দোলন অব্যাহত আছে৷ কেন্দ্ৰৰ ‘এক দেশ এক বজাৰ’ তত্ত্বক খাৰিজ কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ [ক্ৰান্তিকাৰী]’ সভাপতি সুৰজিৎ সিং ফুলেই কৈছে– ‘পাঞ্জাবৰ বাহিৰত গম বেচাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল বাবে ’৭৬ চনত আঞ্চলিক বিধি-নিষেধৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল৷ ৪০ দিনত প্ৰায় ১,৪৫০জন কৃষকক জে’লত ভৰোৱা হৈছিল৷ সেই বছৰৰ নৱেম্বৰতেই উচ্ছ ন্যায়ালয়ে ৰায় দি জনাই দিয়ে, কৃষকসকলে য’তেই মন কৰে তেওঁলোকৰ ফচল বেচিব পাৰে৷ চৰকাৰে বাধা দিব নোৱাৰে৷ ’৭৭ চনত জনতা দলে ক্ষমতালৈ আহি জনাই দিয়ে– সমগ্ৰ দেশেই বজাৰ৷ তেতিয়াৰ পৰা দেশৰ যিকোনো স্থানত ফচল বেচিব পাৰোঁ আমি৷ বিহাৰ, উত্তৰ প্ৰদেশৰ ধান পাঞ্জাবলৈ আহে৷ মহাৰাষ্ট্ৰৰ পিঁয়াজ, কমলাটেঙা, কল দেশৰ বিভিন্ন প্ৰান্তত পৌঁছি যায়৷ পাঞ্জাবৰ কৃষকসকলে তেওঁলোকৰ ফচল দিল্লীৰ আজাদপুৰ মাণ্ডিলৈ আনি বিক্ৰী কৰে৷ কাজেই, নতুনতো একো নাই এই আইনত! কেৱল কৰ্প’ৰেটক সন্তুষ্ট কৰিবলৈকে এই আইন অনা হৈছে৷ সঁচা কথাটো হ’ল, এক দেশ দুই বজাৰ প্ৰতিষ্ঠা কৰা হৈছে৷ এখন অৱশ্যে কৃষিপণ্য বিপণনৰ নিয়ন্ত্ৰিত বজাৰ, আৰু আনখন বজাৰত কোনো নিয়ম-কানুন নাই৷ পেন কাৰ্ড বা চৰকাৰী পৰিচয়-পত্ৰ দেখুৱাই যিকোনো লোকে ফচল কিনিব পাৰে৷ অথচ দামৰ কোনো নিশ্চয়তা নাই৷’
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কৃষিমন্ত্ৰীয়ে কৈ আছে যে ২০২২ চনপৰ্যন্ত কৃষকৰ উপাৰ্জন দুগুণ কৰা হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েতো এই কথা যোৱা ছবছৰ ধৰি কৈ আহিছে৷ কিন্তু কৃষকৰ দৰাচলতে বৰ্তমানৰ উপাৰ্জন কিমান? বৰ্তমানৰ উপাৰ্জন কিমান সেই কথা জানিলেহে তাৰ পৰিমাণ বঢ়াব পৰা যাব, বা কোৱাৰ দৰে বাঢ়িছে নে নাই সেয়া জানিব পৰা হ’ব! কিন্তু কোনো এজন মন্ত্ৰীয়ে আজিলৈকে এই কথাটো কোৱা নাই যে দেশৰ কৃষকৰ উপাৰ্জন কিমান, বা উপাৰ্জন নিৰ্ধাৰণৰ প্ৰক্ৰিয়া কি? যদি ক’লেহেঁতেন বোলে বৰ্তমান ইমান, ২০২২ত হ’ব ইমান৷ তেতিয়াহে কথাৰ আচল মৰ্ম থাকিলহেঁতেন৷ যোৱা ছবছৰ ধৰি প্ৰধানমন্ত্ৰীয়ে কৈ থকা হিচাপত এতিয়াতো কৃষকৰ ছবছৰৰ আগৰ উপাৰ্জনৰ তুলনাত বহুগুণে বেছি হ’ব লাগিছিল/ কিন্তু প্ৰকৃতাৰ্থত সেইটো হৈছে জানো? মুঠেও নাই হোৱা৷
ব্যৱসায়ী, নিৰ্মাতা, ঠিকাদাৰ সকলোৱে আয়কৰ ৰিটাৰ্ন দাখিল কৰোঁতে সবিশেষ তথ্য প্ৰদান কৰে আৰু তাৰ জৰিয়তে তেওঁলোকৰ উপাৰ্জনৰ কথা জানিব পৰা যায়৷ চাকৰিয়ালে দৰমহা আৰু বিভিন্ন ভাত্তা মিলাই বছৰেকত কিমান পালে, কিমান দিলে, তাৰ হিচাপ চৰকাৰীভাৱে কৰা হয় আৰু উপাৰ্জনো ওলাই পৰে৷ চৰকাৰ, চৰকাৰী বা বেচৰকাৰী সংস্থা, প্ৰতিষ্ঠান সকলোৰে আয়-ব্যয়ৰ হিচাপ কৰা হয় আৰু সেইমতে বছৰৰ উপাৰ্জনো নিৰ্ধাৰিত হয়৷ কিন্তু কৃষকৰ উপাৰ্জন নিৰ্ণয় কৰাৰতো কোনো ব্যৱস্থা দেখা নাই! সমগ্ৰ দেশতে যি বিশালসংখ্যক লোক কৃষিকৰ্মত নিয়োজিত, সেই সকলোৰে বাৰ্ষিক উপাৰ্জনৰ খতিয়ান উলিওৱাটোও সহজসাধ্য নহয়৷ দেশৰ বিভিন্ন ৰাজ্যত কৃষকৰ স্থিতিও ভিন্ন৷ তদুপৰি অংশকালীন আৰু ছদ্মবেশী কৃষকসকল আছেই৷ পঞ্জাব, হাৰিয়ানাত শস্যমাণ্ডিবিলাক আছে৷ সেই মাণ্ডিবিলাকত কৃষকে নূ্যনতম সমৰ্থন মূল্যত নিজৰ ফচল বিক্ৰী কৰে বাবে তাৰ পৰিসংখ্যা পোৱাটো কঠিন নহয়৷ কিন্তু মাণ্ডিৰ ব্যৱস্থা নথকা অসমৰ দৰে আন ৰাজ্যত বিক্ষিপ্ত বজাৰত যিকোনো দামত ফচল বিক্ৰী হয়৷ মধ্যস্থতাকাৰীৰ ইচ্ছানুসৰি দৰ-দাম হয়৷ কিয়নো কৃষকৰ হাতত শীতল ভঁৰালৰ ব্যৱস্থাও নাই৷ যাৰ ফলত শস্য চপোৱাৰ পাছতেই যিকোনো দামত সেইবোৰ বিক্ৰী কৰিবলৈ তেওঁলোক বাধ্য হয় আৰু এনে পৰিস্থিতিত উপাৰ্জনৰ সঠিক নিৰ্ধাৰণো সম্ভৱ হৈ নাথাকে৷
কৃষকক লৈ ভাৰত চৰকাৰ সঁচাই চিন্তিতনে? এটা সাধাৰণ উদাহৰণেৰেই এই প্ৰশ্নৰ উত্তৰ পোৱা যাব৷ ২০১২-১৩ৰ পাছৰ কৃষকৰ বছৰেকীয়া আয়ৰ পৰিসংখ্যা চৰকাৰৰ ‘নেচনেল ছেম্পল ছাৰ্ভে অফিচ’ [এনএছএছঅ’]-এ প্ৰকাশ কৰা নাই৷ ২০১২-১৩ৰ পৰিসংখ্যা অনুসৰি ভাৰতত একোটা কৃষক পৰিয়ালৰ গড় উপাৰ্জন মাহিলী ৬,৪২৬ টকা, অৰ্থাৎ বছৰি আছিল ৭৭,১১২ টকা৷ চিন্তা কৰক, পাঁচজনীয়া এটা পৰিয়ালৰ মাহিলী আয় আছিল ৬,৪২৬ টকা, অৰ্থাৎ প্ৰতিজন লোকৰ আয় ডেৰ হাজাৰ টকাতকৈও কম৷ যৌথ কৃষক পৰিয়ালৰ ক্ষেত্ৰত এই ছবিখন আৰু ভয়ংকৰ৷ এনএছএছঅ’ৰ পৰিসংখ্যা মতেই আধা হেক্টৰতকৈ কম যৌথ কৃষক পৰিয়ালৰ মাহিলী গড় আয় ৪,১৫২ টকা৷ ১০ হেক্টৰ বা ততোধিক থকা কৃষক পৰিয়ালৰ মাহিলী গড় আয় ৪১,৩৮৮ টকা৷ কৃষিৰে জড়িত উৎপাদনৰ মূল্যবৃদ্ধিলৈ চাই ২০১৯ চনপৰ্যন্ত এটা কৃষক পৰিয়ালৰ গড় উপাৰ্জন হ’ব লাগিছিল ১০,৩২৯ টকা৷ কিন্তু আচল কথাটো হৈছে, কৃষিকৰ্মত ব্যৱহৃত সামগ্ৰী অথবা সঁজুলিৰ মূল্যবৃদ্ধিয়ে কৃষকৰ ওপৰত প্ৰায়ে অধিক হেঁচাৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ মধ্যভোগীৰ হস্তক্ষেপৰ ফলত দেশৰ গৰিষ্ঠসংখ্যক কৃষক প্ৰাপ্য মূল্যৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে৷
এইখিনিতে এম এছ স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলীৰ কথা উল্লেখ কৰিব পাৰি৷ এই আয়োগে আগবঢ়োৱা পৰামৰ্শত কৃষিলগ্নিক তিনিটা ভাগত ভগোৱা হৈছে৷ প্ৰথম, কৃষকে খেতিৰ বাবদ কৰা নগদ খৰচ, যেনে বীজ, জলসিঞ্চন, সাৰ, শ্ৰম আদি৷ দ্বিতীয়, কৃষকৰ পৰিয়ালৰ শ্ৰমিক অৰ্থাৎ যি খেতি কৰে আৰু তৃতীয়, মাটিৰ ভাৰা আৰু খেতিত ব্যৱহাৰ হোৱা যন্ত্ৰপাতিৰ খৰচ৷ এই তিনিওবিধ খৰচক মিলাই স্বামীনাথন আয়োগে কৃষিৰ লগ্নি উলিয়াইছিল৷ এই লগ্নিৰ ওপৰত ৫০ শতাংশ মুনাফা কৃষকক দিয়াৰ কথা আছিল৷ ইয়াক এ২, এফএল প্লাছ চি২ ফৰ্মুলা বোলা হৈছিল৷ এই ফৰ্মুলা অনুসৰি কৃষক তেতিয়াই লাভৱান হ’ব, যেতিয়া প্ৰতিবিধ ফচলৰ উৎপাদন ব্যয় নিৰ্ধাৰণ হ’ব আৰু তাৰ ওপৰত ৫০ শতাংশ মুনাফাৰ লগতে নূ্যনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা হ’ব আৰু দেশৰ ক’তো এই নিৰ্ধাৰিত সমৰ্থন মূল্যৰ তলত ফচল বিক্ৰী নোহোৱাটো নিশ্চিত কৰা হ’ব৷
কিন্তু এই মূল কথাক লৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাই৷ মধ্যভোগী কৰ্প’ৰেটক লুণ্ঠনৰ বাট মোকলাই দিবলৈ এশ এটা চলাহী কথাৰে কৃষকক আভুৱা-ভাঁৰিবলৈ চৰকাৰখনে অনবৰতে পাং পাতি থকাহে দেখা গৈছে৷


