আচম্বিতে বন্ধ হৈ গ’ল পৃথিৱীৰ সকলো দুৱাৰ
বন্ধ হৈ গ’ল, অকস্মাৎ৷ পৃথিৱীৰ দুৱাৰবোৰ বন্ধ কৰি দিয়া হ’ল৷ বাসিন্দাসকল এজন আনজনৰ পৰা দূৰলৈ চিটিকি পৰিল৷ জীৱনৰ গতি, আনন্দ-উৎসৱ, ভোজভাত সকলো ৰৈ গ’ল৷ ৰৈ গ’ল মানুহ নিজৰ নিজৰ ঘৰৰ ভিতৰত, চলি থাকিল কেৱল তথ্য প্ৰযুক্তিৰ ধাৰাবাহিক গতি৷ তাৰে হাত ধৰি আমি দেখিলোঁ অদৃশ্য ৰোগত কেনেকৈ এফালৰ পৰা শেষ হ’ব ধৰিছে মানুহ, চিকিৎসালয়ত স্থানৰ অভাৱ ঘটিছে, আত্মীয়সকলক হেৰুৱাই জী থকা পৰিয়ালৰ অৱষিষ্টজনে কেনেকৈ জপিয়াইছে অট্টালিকাৰ পৰা, সকলো দেখিলোঁ আৰু পৃথিৱীৰ গঠন প্ৰক্ৰিয়াত অংশীদাৰ হোৱা মানৱ জাতিৰ স্বাভিমান কেনেকৈ ধূলিসাৎ হৈ যাব ধৰিছে, দেখি ম্ৰিয়মান হৈ পৰিলোঁ৷ যেন আন্ধাৰৰ এগচি বন্তিৰ পোহৰত বহি চাই ৰ’লো বিজ্ঞানৰ মুখলৈ৷ কোনে ভাবিছিল এনে হ’ব বুলি? আমি গৃহবন্দী হৈ গ’লোঁ৷ সংবাদ মাধ্যমৰ পৰা দৈনিক যোগাযোগ কৰিবলৈ ধৰিলে– কেনেকৈ কটাইছোঁ দিন, বক্তব্য কি এই সময়ৰ? পৰালৈকে ম’বাইল ফোনতে এটা দুটাকৈ ভিডিঅ’ কৰি দিবলৈ ধৰিলোঁ৷ একেৰাহে কেইবাটাও চেনেলক একেধৰণৰ কথাকে কৈ কৈ যেন ক্লান্তিও অনুভৱ কৰিলোঁ৷ তাৰ মাজতে লেখক বন্ধুসকলৰ লগত যোগাযোগ চলি থাকিল৷ সকলোৱে সময়ৰ সদ্ব্যৱহাৰ কৰিছে, আগতকৈ ব্যস্ততা কমিছে, লিখিবলৈ সময় পাইছে৷ মই লিখাপঢ়া কৰা মেজত বহো আৰু ঘণ্টাৰ পাছত ঘণ্টা খিৰিকীৰে বাহিৰলৈ চাই থাকোঁ৷ কোনোবা প্ৰতিৱেশীয়ে গৃহ নিৰ্মাণৰ বাবে আনি দমাই ৰখা ইটাৰ পাহাৰক সেউজীয়া লতাই আৱৰি ধৰাৰ কাৰ্য লক্ষ্য কৰি ৰোৱা হ’লোঁ৷ দেখিলোঁ, আগতকৈ পৃথিৱীৰ সেউজীয়া বৰণটো বেছি উজ্জ্বল আৰু পৰিষ্কাৰ হৈ অহা৷ চৰাইবোৰ বেছি আনন্দিত হোৱা৷ ফুলবোৰ বেছিকৈ ফুলা৷ আমি স্তব্ধ হৈ গ’লেই যদি প্ৰকৃতি আনন্দিত হয়, তেন্তে আমিনো কি ধৰণৰ জীৱ, ইমানেই হেঁচি ৰাখিছিলোঁনে গছ-গছনি-পাতবোৰক? মই গছবোৰক প্ৰতিপালন কৰিবলৈ ল’লোঁ, বেলকনি জাতিষ্কাৰ হৈ উঠিল, অকণমানি লনখনৰ সেউজীয়া বাঢ়িল৷ ফুলবোৰক ফুলিবলৈ কৈ ৰাতিৰ খিৰিকী জপাও আৰু পুৱা পানী দিবলৈ গৈ আনন্দত উৎফুল্ল হৈ উঠো যে অতি সন্তৰ্পণে ফুলি আছে সিহঁত৷ মই চৰাইৰ কলৰৱ শুনি শুনি গৃহসজ্জাত মগ্ন হ’লোঁ৷ বান্ধৱীহঁতৰ পৰা সুন্দৰ সুন্দৰ ৰন্ধন কৌশল শিকিলোঁ৷ নানানটা মাধ্যমত চিনেমা চাবলৈ ল’লোঁ৷ বন্ধবোৰত এগৰাকী মহিলাই যিবোৰ কাম কৰিব পাৰে, সকলোৰে চিটিকনি মোৰ ওপৰতো পৰিল, কেৱল নকৰিলোঁ সেইটো কাম, যি কামৰ বাবে মই উপজিছিলোঁ,– লিখা কাম৷
মই লিখিব নোৱাৰা হ’লোঁ৷ মানুহৰ ৰোগ আৰু মৃত্যুৱে মোৰ ভিতৰত অহৰহ বৈ থকা প্ৰাণৱন্ত ঝৰ্ণাটোক আবদ্ধ কৰি দিলে৷ যেন ক’ৰবাত সি শুকাই গ’ল, গোট মাৰিলে নে বাষ্পীভূত হৈ গ’ল৷ দৈনিক লিখা মেজখনৰ ধূলি মোহাৰো, কিন্তু লিখিব নোৱাৰোঁ৷ ইমান মানুহৰ মৃত্যু, আত্মীয়সকলে পোৱা কষ্টৰ অনুমান মোৰ ভিতৰখনো সমুদ্ৰতীৰৰ বালিকণা হৈ পৰিল, পানীত নে পাৰত আমাৰ বৰ্তমান, ঠিক যেন বুজিব নোৱাৰা৷
প্ৰত্যেক মানুহৰে ভিতৰত একোজনকৈ শিক্ষক থাকে, এই শিক্ষকেই যেন ক’লে মোক কিতাপ পঢ়াৰ কথা৷ ঘৰত যি কেইখন কিতাপ আছে, এফালৰ পৰা চাই গৈছোঁ, কিন্তু বাৰে বাৰে হাতত উঠে অমৃতা প্ৰীতম, মামণি ৰয়ছম, গেব্ৰিয়েল গাৰ্চিয়া, মাৰ্কুৱেজ, শংকৰ, হোমেন বৰগোহাঞি, হীৰেণ ভট্টাচাৰ্য, শিৱশংকৰ পিল্লে একেকেইজন লেখকৰ কিতাপ৷ কি হ’ল? নিজকে প্ৰশ্ন কৰোঁ৷ আগুৱাই যাব পৰা নাই যে মই, কি হ’ল? সৰুতে এৰি আহিলোঁ সাধুকথাবোৰ৷ কৈশোৰৰ জুল ভাৰ্ণ৷ তাৰ পাছৰ অনেক খ্যাতিমন্তৰ লেখনি এৰি আহিলোঁ৷ এটা সময়ত মনত ভাব আছিল যেন– নহন্যতে বা লা নুই বেংগলী বা অসীমত যাৰ হেৰাল সীমা, দস্যু ভাস্কৰ এৰিব নোৱাৰিম কাহানিও৷ কিন্তু পাৰ হৈ আহিলোঁ সেই চক্ৰ৷ ভীষ্ম চাহানি, নাৰায়ণ পেণ্ড্চে, ফণীশ্বৰ নাথ ৰেণু আৰু কত কিমান লেখকৰ চক্ৰৰ পৰা ওলাই আহিছোঁ, আগবাঢ়ি গৈ আছোঁ৷ পামুকৰ পৰা আৰম্ভ কৰি আমিষ ত্ৰিপাঠী, চেতন ভগত সকলোৰে পৰা ওলাই আহিছোঁ৷ বুঢ়ী আইৰ সাধু, চান্দমামা, ঈছপ-জাতকমালা– পঞ্চতন্ত্ৰ ইত্যাদি বুকুত ৰ’লেও এৰি থৈ আগবাঢ়িছোঁ৷ কিন্তু কি হ’ল, এৰিব নোৱাৰা হ’লোঁ মামণি ৰয়ছমৰ চৌম্বকথলী? সকলো পঢ়া হৈ গ’ল বুলি এৰি দিয়াৰ পাছত এই বন্ধৰ সময়ত কিয় তাতে গৈ হাত পৰে?
বন্ধৰ সময়ৰ অভিজ্ঞতা,– অনুভৱৰ সাক্ষাৎকাৰ ইত্যাদি দি গ’লোঁ৷ কিছুমানক অমান্য কৰিলোঁ৷ মামণি ৰয়ছম আঁতৰাই জীৱনী গ্ৰন্থ পঢ়িবলৈ ললোঁ, বিপদৰ সময়ত কেনেকৈ বাট উলিয়াইছিল এইসকল মানুহে, মোক তাৰ সন্ধান লাগে৷ মোক ঘূৰাই লাগে সেই সময়, যি সময়ত মই কাগজ-কলমেৰে কৰিব পাৰিছিলোঁ দৈনিক পূজা-উপাসনা৷ মোৰ কাশ্মিৰী বন্ধুৰ ফোন আহিল– কাশ্মীৰৰ হিন্দু শৰণাৰ্থীসকলৰ অভিজ্ঞতাপুষ্ট উপন্যাস এখন অনুুবাদৰ কাম আধৰুৱাকৈ এৰিছোঁ, কিয়, আগবাঢ়া– তেওঁ ক’লে৷ মোৰ মেজখনে ক’লে– ইয়াতো ৰৈ আছে আধৰুৱা দুখন উপন্যাস, হোমেন বৰগোহাঞিদেৱৰ শৈশৱক লৈ লিখা শিশু উপন্যাস, সেইবোৰকে শেষ কৰা৷
কিন্তু কাৰ্যতঃ একো নহ’ল৷ চাৰিওফালে মানুহৰ চিতা আৰু কবৰ৷ তাত বহি লিখিব পাৰিনে?
মই প্ৰকৃতিৰ সৈতে সময় কটাবলৈ ধৰিলোঁ৷ অমৃতা প্ৰীতমৰ আত্মজীৱনী আকৌ পঢ়িলোঁ৷ আকৌ হাতত ললোঁ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা আৰু শুনিবলৈ ল’লোঁ চুফী সংগীত৷ তাৰ মাজতে টিভি চেনেলৰ ফোন– বাইদেউ এজন মাত্ৰ মানুহ যাব কেমেৰা লৈ..... মই না না কৈ উঠিলোঁ৷ একো কৰা নাই এই দুৰ্দিনত৷ স্বামীয়ে পৰিয়ালৰ হৈ অৰ্থসাহায্য দিছে, যিহেতু তেওঁৰ অসমৰ বাহিৰত চাকৰি, যাব নোৱাৰি কামৰ সময়খিনি মোক দিছে, সেয়া গ্ৰহণ কৰি তেওঁৰ লগত বহি কথা পাতিছোঁ, টিভি চাইছোঁ৷ তাৰ বাহিৰে একো কাম মই কাৰো বাবে কৰা নাই, কোনো উপকাৰ কৰা হোৱা নাই কাৰো বাবে, আনকি মোৰ নিজৰ লিখাৰ দায়িত্বকো পালন কৰা নাই, হাত ধুই-মাস্ক পিন্ধি এনেই আছোঁ, এনেস্থলত টিভিত কি কোৱা যায়? মই তলৰ পৰা মূৰ তুলিব পৰা নাই, কেৱল কৰি আছোঁ সুদিনৰ কামনা আৰু সকলোৰে বাবে প্ৰাৰ্থনা৷
কিন্তু নাই নাই কৰোঁতেও নৰজিল এটা অনুষ্ঠানৰ পৰা অহা সাক্ষাৎকাৰৰ অনুৰোধ৷ সন্দিকৈ মহাবিদ্যালয়ৰ আলোচনীৰ বাবে আৰু দুখনমান ই-আলোচনীৰ বাবে সাক্ষাৎকাৰৰ প্ৰশ্নোত্তৰ লিখি থকাৰ মাজৰে কথা৷ যিহেতু সেইটো এটা আন্তৰ্জাতিক পৰ্যায়ৰ অনুষ্ঠান আছিল, তেওঁলোকৰ প্ৰশ্নবোৰো আছিল অলপ বেলেগ৷ মই গুৰুত্ব দিলোঁ, ভিডিঅ’ আৰু মেইল কৰিবলৈ বহিলোঁ৷ প্ৰায়বোৰ প্ৰশ্নই সাহিত্য আৰু সাহিত্যিক হিচাপে মোৰ বক্তব্য সম্পৰ্কীয় আছিল৷ শেষৰফালে ৰেপিড ফায়াৰত পাঁচটাৰ এটা প্ৰশ্ন আছিল– এনে কোনো এটা নাম কোৱা, যিজন সাহিত্যিকক লগ পোৱাৰ হাবিয়াস ৰৈ গ’ল? দ্ৰুতগতিত চিন্তা কৰিবলৈ ধৰিলোঁ কোন হ’ব পাৰে– জুল ভাৰ্ণ, মিৰ্জা গালিব, দষ্টয়’ভস্কি, হেমিংৱে, নেৰুদা লক্ষ্মীনাথ বেজবৰুৱা, নীৰদ চি চৌধুৰী, খুশৱন্ত সিং নে অমৃতা প্ৰীতম?
লাহে লাহে মই মেজৰ সমুখত বহিলোঁগৈ আৰু এই পৃথিৱীৰে কোনোবা ঘাঁহনিত সৰি পৰি থকা এপাহ-দুপাহ তলসৰা খৰিকাজাঁই বুটলি লিখিবলৈ ল’লোঁ৷ আচলতে দুফালে দুহাত মেলি আঁতৰাইছোঁ জংঘল, বাট উলিয়াই আগবাঢ়িব খুজিছোঁ শব্দেৰে.... কোন সেই সাহিত্যিক, যি মৃতক হৈও অমৰ, বহি আছে এই যাত্ৰাৰ শেষৰটো আদিম শিলত? কোন সেই সাহিত্যিক, যি কৈ থৈ গৈছে প্ৰকৃতি আৰু আমাৰ জীৱন-অন্তৰ্জ¹ৱনৰ স্পৰ্শকাতৰ কথা? যাৰ এবাৰ মাত্ৰ দৰ্শন পাবলৈ ৰৈ গ’ল মোৰ হেঁপাহ?
সাক্ষাৎকাৰ লোৱা অনুষ্ঠানটোৰ পৰা কিছুদিনৰ সময় বিচাৰি মই আধালিখা উপন্যাস মেলি ললোঁ৷ লেখক হিচাপে দায়ৱদ্ধতাও আছে পাঠকৰ প্ৰতি৷ আজিলৈকে পৃথিৱীত যিমানবোৰ পৰিৱৰ্তন আহিল, ৰাজনৈতিক বা প্ৰাকৃতিক, সেইবোৰৰ কথা আমাক বুৰঞ্জী আৰু সাহিত্যই কয়৷ দ্বিতীয় বিশ্বযুদ্ধত কি হৈছিল, বা পঞ্চাশৰ ভূমিকম্পত কি ঘটিছিল, মৌখিক বিৱৰণ বা কেমেৰাৰ ক্লিকত বিচাৰি পাওঁ৷ তাতোকৈ বেছি আস্থাৰে লওঁ সাহিত্য আৰু বুৰঞ্জীক৷ আমাৰ পাছৰো পাছৰ প্ৰজন্মই যেতিয়া জানিব পৃথিৱী এদিন স্তব্ধ হৈছিল বুলি, তেতিয়া মানুহে কি ধৰণে পাৰ কৰিছিল দিনবোৰ, তাৰে আওতাৰে গৈ কাহিনী বয়নৰ দায়িত্ব আমাৰ নিশ্চয় আছে৷ এটি ক্ষুদ্ৰ ভাইৰাছৰ সংক্ৰমণত আমি গৃহবন্দী হ’লেও, চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিব ধৰিছে এজন দুজনকৈ আমাৰ মানুহবোৰ...৷ পৃথিৱীৰ মৰিশালীবোৰলৈ যোৱা বাটত বন গজিব ধৰিছে, মানুহে ঘূৰাই পাইছে জীৱন৷ সম্পূৰ্ণ আশংকামুক্ত নহ’লেও, আমি সাৱধানতা এতিয়াও পালন কৰি থাকিলেও, অন্ততঃ মৃত্যু শব্দটো আঁতৰি গৈছে দূৰলৈ৷
মই প্ৰাণভৰি উশাহত ল’লোঁ মেজৰ কাষৰ খিৰিকীৰ বতাহ৷ তেনে এজন সাহিত্যিক অৱশ্যেই হ’ব নোৱাৰোঁ, যাক পঞ্চাশ বছৰৰ পাছত হ’লেও লগ পাবলৈ কোনোবা পাঠকৰ হাবিয়াস ৰৈ যাব৷ কিন্তু ভৰাই পেলাব পাৰোঁ কাগজবোৰ সেউজীয়া শব্দৰে৷ যি শব্দ প্ৰকৃতিৰ প্ৰভাৱপুষ্ট৷ ‘লকডাউন’ৰ এই দীৰ্ঘকালীন সময়ৰ আংশিক খতিয়ানেৰে অৱশ্যেই ঘূৰি আহিব পাৰোঁ মোৰ সুহূদ মেজখনলৈ৷ প্ৰাৰ্থনাৰ শব্দৰে অৱশ্যেই ক’ব পাৰোঁ ভালে থাকক আপোনালোক৷
মণিকুন্তলা ভট্টাচাৰ্য


