কৃষক বিদ্ৰোহ আৰু অসম
... অসমত কৃষকৰ [কতৃৰ্ত্বৱান আৰু সুৰক্ষা] মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইনখনৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ভূমি হস্তান্তৰৰ ক্ষেত্ৰত৷ ক্ষুদ্ৰ ক্ষুদ্ৰ ভূমিখণ্ডৰ
উপান্ত খেতিয়কসকলক চুক্তিৰ জৰিয়তে বান্ধি লোৱাৰ পাছত কোম্পানীবোৰে ভূমি বিক্ৰীৰ বাবে অৰ্থৰ টোপ দিব৷ কৃষিকাৰ্যৰ জৰিয়তে জীৱন চলাব নোৱৰা সেইসকল
কৃষকে এনে টোপ গিলাৰ সম্ভাৱনাই অধিক ...
‘আমি দিল্লী ঘেৰাও কৰিবলৈহে আহিছোঁ, বেহুবন্ধী হ’বলৈ নহয়৷ আমি দিল্লীতে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি যাম৷ আমি লগত ছমাহৰ বাবে খাদ্যসামগ্ৰী লৈ আহিছোঁ৷ কৃষি আইনৰ পৰা মুক্তি লাভৰ পাছতহে ঘৰলৈ উভতিম’৷– এয়া ‘দিল্লী চলো’ সমদলত অংশ লোৱা পঞ্জাবৰ এজন কৃষকৰ ভাষ্য৷ কৃষকজনৰ মুখত ফুটি উঠিছে পৰিশ্ৰমৰ কাঠিন্য আৰু অবিচল দৃঢ়তা৷ যেতিয়ালৈকে ভাৰত চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা কৃষি আইনসমূহ বাতিল নকৰে, তেতিয়ালৈ তেওঁলোক নিজ ঘৰলৈ, নিজ গাঁৱলৈ উভতি যাবলৈ নাৰাজ৷ ‘গাঁৱলৈ উভতি গৈ কৰিম কি! বিজেপি চৰকাৰে যিকেইখন আইন প্ৰণয়ন কৰিছে, সিয়ে সৰ্বশেষত আমাৰ পেটত লাথ মাৰিব৷ আমি নিগমে মৰিম৷ গতিকে গাঁৱলৈ উভতি যোৱাতকৈ আমি আমৃত্যু সংগ্ৰাম চলাম৷’– আন এজন বয়োজ্যেষ্ঠ কৃষকে অধিক দৃঢ়তাৰে কথাষাৰ কৈছিল৷
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২৭ ছেপ্টেম্বৰত তিনিখনকৈ বিধেয়ক ক্ৰমে ‘কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য [সংবৰ্ধন আৰু সুবিধা] বিধেয়ক, ২০২০, কৃষকৰ [কতৃৰ্ত্বৱান আৰু সুৰক্ষা] মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা বিধেয়ক, ২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী [সংশোধন] বিধেয়ক ২০২০–এই তিনিখনত সন্মতি প্ৰদান কৰে আৰু তাৰ লগে লগে বিধেয়ক তিনিখন আইনলৈ ৰূপান্তৰিত হয়৷ আইনকেইখনৰ উপবন্ধবোৰৰ প্ৰসংগলৈ আহিছোঁ৷
কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য আইন ২০২০:
প্ৰথমখন আইনৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে যে খেতিয়ক আৰু কৃষি পণ্য ক্ৰয় কৰা ব্যৱসায়ীসকলে যাতে স্বাধীনচিতীয়াভাৱে উৎপাদিত কৃষি-সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় কৰিব পাৰে, তাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিবলৈ ইয়াক প্ৰণয়ন কৰা হৈছে৷ এই আইনখনৰ মূল উদ্দেশ্যসমূহ হৈছে–
[ক] প্ৰতিযোগিতামূলক বিকল্প ব্যৱসায়িক প্ৰক্ৰিয়াৰে পাৰিশ্ৰমিক মূল্যৰ ব্যৱস্থা,
[খ] ৰাজ্যসমূহৰ কৃষিজাত দ্ৰব্য সামগ্ৰীৰ বজাৰৰ বাবে বিধানমণ্ডলীৰ দ্বাৰা গঠন কৰা ‘অধিসূচিত বজাৰ’ৰ পৰিসীমাৰ বাহিৰত আন্তঃৰাজ্যিক বা ৰাজ্যৰ ভিতৰতে দ্ৰব্যৰ বজাৰ সৃষ্টি৷ বাধাহীন, স্বচ্ছ আৰু সুদক্ষ এক বজাৰ ব্যৱস্থাৰ সুবিধা কৰা৷
[গ] ইলেক্ট্ৰনিক ব্যৱসায়ৰ জৰিয়তে কৃষিজাত দ্ৰব্যৰ ক্ৰয়-বিক্ৰয়৷
অৰ্থাৎ বহুসংখ্যক কৃষকে নিজাববীয়াকৈ বজাৰত পণ্য বিক্ৰী কৰা, কৃষি বনুৱা বা আন মধ্যভোগীৰ দ্বাৰা খুচুৰা বা পাইকাৰি দোকান চলোৱা প্ৰক্ৰিয়াটোৰ স্থান ল’ব বিশাল বিশাল কৰ্প’ৰেট বজাৰসমূহে৷ কৃষিজাত সামগ্ৰী বিক্ৰীৰ এক অনলাইন ব্যৱস্থাও আৰম্ভ কৰিব সেইসকলেহে, যিসকল ডিজিটেল মাধ্যমত পাৰ্গত৷ গতিকে অসমৰ দৰে ৰাজ্যৰ ক্ষুদ্ৰ ভূমিখণ্ডৰ অধিকাৰী বা ভূমিহীন খেতিয়কসকলে চিধাই এনে এক মধ্যভোগীৰ চক্ৰবেহুত ভৰি দিবহি, যি চক্ৰবেহু পৰিচালিত হ’ব বিভিন্ন অনলাইন মঞ্চৰ নিৰ্দেশত৷ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ নিচিনা প্ৰতিষ্ঠানৰ অস্তিত্ব থকাৰ কোনো প্ৰয়োজন নোহোৱা কৰিব এইখন আইনে৷
কৃষকৰ [কতৃৰ্ত্বৱান আৰু সুৰক্ষা] মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা বিধেয়ক, ২০২০: এই আইনখনৰ জৰিয়তে কৃষকসকল আৰু ব্যৱসায়ীসকলক খেতিৰ বাবে চুক্তিৰ ব্যৱস্থাপনা কৰিবলৈ বিচৰা হৈছে৷ আইনখনৰ মূল বিশেষত্ববোৰ হৈছে–
[ক] কৃষিজাত দ্ৰব্যৰ বিক্ৰী আৰু ক্ৰয় কৰাৰ বাবে ব্যৱসায়িক চুক্তিৰ ব্যৱস্থা৷
[খ] কৃষিজাত সামগ্ৰী উৎপাদন ক্ৰয়-বিক্ৰয়ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত এনে এক ব্যৱস্থা গঢ়ি তোলা, যাতে কৃষকসকলে কৃষি-বাণিজ্যৰ লগতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠান, পাইকাৰি ব্যৱসায়, ৰপ্তানিকৰ্তা, বৃহৎ খুচুৰা বিক্ৰেতা আদিৰ লগত কৃষি সেৱা বা ভৱিষ্যতৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত সুৰক্ষিত হয়৷
[গ] স্বচ্ছ আৰু যথাযথ এক বিক্ৰয় ব্যৱস্থাৰ জৰিয়তে পাৰস্পৰিক সহমতৰ দ্বাৰা পাৰিশ্ৰমিক মূল্যৰ ব্যৱস্থা,
[ঘ] মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত কৃষকসকল যাতে শোষিত হ’ব নালাগে, তাৰ ব্যৱস্থা৷
চুক্তিৰ জৰিয়তে কৃষক-উৎপাদিত সামগ্ৰী কিনাৰ এক কৰ্প’ৰেট ব্যৱস্থা ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন কৃষিজাত দ্ৰব্য, মাছ-মাংস, কণী আদিত ইতিমধ্যে আৰম্ভ হৈছে৷ অসমত বৰ্তমানে থকা ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মসমূহ তাৰ জ্বলন্ত নিদৰ্শন, য’ত কোম্পানীৰ নিৰ্দেশত সকলো চলে৷ ব্ৰইলাৰ ফাৰ্ম চলোৱাজন মাথোঁ এজন কমিছন এজেণ্ট৷ যিহেতু আইনখনত মূল্য নিৰ্ধাৰণৰ কোনো নিৰ্দিষ্ট প্ৰক্ৰিয়া উল্লেখ কৰা হোৱা নাই, সেয়েহে সৰ্বশেষ মূল্য নিৰ্ধাৰণ কৰিব কৰ্প’ৰেট-কোম্পানীয়ে৷ অসমত এই আইনখনৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ভূমি হস্তান্তৰৰ ক্ষেত্ৰত৷ ক্ষুদ্ৰ ক্ষুদ্ৰ ভূমিখণ্ডৰ উপান্ত খেতিয়কসকলক চুক্তিৰ জৰিয়তে বান্ধি লোৱাৰ পাছত কোম্পানীবোৰে ভূমি বিক্ৰীৰ বাবে অৰ্থৰ টোপ দিব৷ কৃষিকাৰ্যৰ জৰিয়তে জীৱন চলাব নোৱৰা সেইসকল কৃষকে এনে টোপ গিলাৰ সম্ভাৱনাই অধিক৷ অৰ্থাৎ চুক্তিৰ সৰ্বশেষ লক্ষ্য হ’ব বৃহৎ পৰিসৰত ক্ষুদ্ৰ ক্ষুদ্ৰ ভূ-খণ্ডবোৰ পোনতে কৰ্প’ৰেট ফাৰ্মিঙৰ দখললৈ অনা৷
অত্যাৱশ্যকীয় সামগ্ৰী [সংশোধন] বিধেয়কঃ আইনখনৰ জৰিয়তে আলু, পিঁয়াজ, দাইল, তেলৰ বীজ, খাদ্যজাত তেল আৰু বীজশস্যক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়া হৈছে৷ এনে সামগ্ৰীবোৰ উৎপাদন, ৰক্ষণ, সৰবৰাহ আৰু বিতৰণ এই সংশোধনীৰ জৰিয়তে এতিয়াৰে পৰা নিয়ন্ত্ৰণমুক্ত কৰা হৈছে৷ এনে খাদ্যসামগ্ৰী কেৱল অস্বাভাৱিক পৰিস্থিতি যেনে– যুদ্ধ, দুৰ্ভিক্ষ, অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ভয়ানক ৰূপৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচিত কৰি নিয়ন্ত্ৰণ কৰিব পাৰিব৷ অৰ্থাৎ ইয়াৰ ফলত ভৱিষ্যতলৈ দেশত সামগ্ৰী মজুত ৰখাৰ অসৎ উপায়ৰ শ্ৰীবৃদ্ধি ঘটিব আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পে’ট্ৰল-ডিজেলৰ দৰে সঘনাই বাঢ়ি থাকিব [যি ইতিমধ্যে সংঘটিত হৈছে]৷
শেহতীয়া কৃষক বিদ্ৰোহত পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকল জঁপিয়াই পৰাৰ বিপৰীতে অসমৰ দৰে ৰাজ্যত তেনেই নিস্তেজ প্ৰতিবাদ হোৱাৰো এক কাৰণ আছে৷ ইমান বছৰে ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা প্ৰতিষ্ঠিত এ পি এম চিৰ মাণ্ডিৰ জৰিয়তেই কৃষিজাত দ্ৰব্যৰ ক্ৰয়-বিক্ৰয় হৈছিল আৰু কৃষিজাত সামগ্ৰীৰ মূল্য নিশ্চিতকৰণ এই মাণ্ডি হাউছবোৰৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহে কৰিছিল৷ আমি মনত ৰখা দৰকাৰ যে ভাৰতৰ বিভিন্ন ৰাজ্যত কৃষিজাত দ্ৰব্যৰ বজাৰ কমিটীবোৰ গঠন কৰাৰ উদ্দেশ্যই আছিল কৃষিজাত দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ নিশ্চিত কৰা৷ বিক্ৰেতা, কমিছন এজেণ্ট আৰু ব্যক্তিগত বজাৰক অনুজ্ঞাপত্ৰ প্ৰদানেৰে ৰাজ্য চৰকাৰে ক্ৰয়-বিক্ৰয়ৰ এক যথাযথ আন্তঃবিন্যাস গঢ়িবলৈ চাইছিল৷ এতিয়া প্ৰথমখন আইনৰ জৰিয়তে বিধানমণ্ডলীৰ দ্বাৰা অধিসূচিত বজাৰসমূহৰ পৰিসীমাৰ বাহিৰত আন্তঃৰাজ্যিক বা ৰাজ্যৰ ভিতৰতে কৃষিজাত দ্ৰব্যৰ বজাৰ সৃষ্টি কৰিবলৈ বিচৰা হৈছে৷ এনে বজাৰ কমিটীসমূহক অৰ্থহীন কৰাৰ উদ্দেশ্য হ’ব নূ্যনতম সমৰ্থন মূল্যৰ [এম এছ পি] ধাৰণা নোহোৱা কৰা৷ কৃষকক মুকলি এখন প্ৰতিযোগিতামূলক বজাৰলৈ এৰি দিলে চৰকাৰে যে কাহানিও তেনে কৃষকক সমৰ্থন মূল্য দিবলৈ আগবাঢ়ি নাহে, সেই কথা এতিয়া পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদিৰ কৃষকে বুজি পাইছে বাবে কৃষক বিদ্ৰোহ ঘটিছে সেইবোৰ এলেকাত৷
বাস্তৱতঃ আজিও অসমৰ কৃষকে এম এছ পিৰ সৈতে পৰিচিত নহয়৷ তদুপৰি খুব সংগোপনে অসম চৰকাৰে বিগত দুটামান দশকত অসমৰ কৃষিখণ্ডত বিভিন্ন আঁচনিৰ জৰিয়তে কৰ্প’ৰেট ফাৰ্মিঙৰ আন্তঃবিন্যাস গঢ়ি তুলিছে৷ চুক্তিৰ জৰিয়তে কৃষিপণ্য উৎপাদনৰ বাবে আগ্ৰহী কৰিবলৈ অসম চৰকাৰে যে সমাগত সময়ত কৃষকসকলক বিভিন্ন চৰকাৰী সুযোগ দিব, তাত আমি নিশ্চিত হৈ থকা উচিত৷ সেয়েহে অসমত এই আইনকেইখনৰ বিৰুদ্ধে প্ৰতিবাদ আজিও সৰৱ হৈ উঠা নাই৷


