Logo
Logo
image

কৰ্মব্যস্ততাই প্ৰকৃত সুখ

বিশ্ব সাহিত্যত এইবাৰ নোবেল বঁটাপ্ৰাপক মাৰ্কিন কবি লুইচ গ্লাকে নোবেল বঁটা লাভ কৰাৰ খবৰ লাভ কৰি বিস্ময়াভিভূত হোৱাত লেখিকা জ্যোৎস্না বৰুৱাই তেওঁৰ ‘বঁটা-বাহন’ শীৰ্ষক লেখাটোৰ জৰিয়তে কৈছে যে কামত কৃতিত্ব লাভৰ যোগেদি মানুহে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হয়৷ সাফল্য অনুসৰি এই পৰিচয় বিশ্বজোৰা, দেশজোৰা, ৰাজ্যজোৰা, অঞ্চলজোৰা হ’ব পাৰে৷ নিজৰ সামৰ্থ্য আৰু সীমাবদ্ধতাৰ প্ৰতি সচেতন প্ৰতিজন মানুহেই আত্মবিশ্বাসেৰে কাম কৰি সুখী হ’ব পাৰে৷

প্ৰায় একে কথাকেই বাৰ্ট্ৰাণ্ড ৰাছেলে কৈছে– ‘সুখী মানুহৰ এটা সাধাৰণ বৈশিষ্ট্য হ’ল যে, তেওঁলোকে সকলো সময়তে কৰ্মব্যস্ত হৈ থাকে৷’ ৰাছেলে কৈছে যে– ‘নদীয়ে তাৰ উৎসৰ পৰা ওলাবৰ সময়ত ঠেক আৰু সৰু হৈ বাহিৰ ওলায়৷ যিমানেই সি সাগৰৰ কাষ চাপে, সিমানেই সি লাহে লাহে বহল হ’বলৈ আৰম্ভ কৰে৷’ ৰাছেলৰ মতে– ‘মানুহৰ জীৱনটো ঠিক নদী এটাৰ দৰে হোৱা উচিত৷ জীৱনৰ আগবয়সত মানুহে নিজক লৈ ব্যস্ত থাকে, কিন্তু বয়স বঢ়াৰ লগে লগে মানুহে নিজৰ পৰিয়াল আৰু আত্মীয়ক লৈ ব্যস্ত হৈ পৰে৷’ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৈছে যে, মানুহে জীয়াই থকাৰ আনন্দ পাবলৈ তেওঁলোকে যিকোনো কামত উদ্দেশ্যহীনভাৱে ব্যস্ত হৈ থাকিলেই নহ’ব৷ যিবোৰ কামে নিজৰ লগতে সমাজখন জড়িত কৰি ৰাখিব পাৰে, তেনেধৰণৰ কামে তেওঁলোকৰ জীৱন আনন্দময় কৰি ৰাখিব৷

ডাঃ ৰোনাল্ড নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে তেওঁৰ ‘টায়াৰ্ড অল দ্য টাইম’ নামৰ এখন কিতাপত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে৷ ডাঃ ৰোনাল্ডে কৈছে– ‘এনাৰ্জী বিগেট্‌ছ এনাৰ্জী’৷ মানুহে যেতিয়া অৱসাদৰ বশৱৰ্তী হৈ হাত সাবটি বহি নাথাকি প্ৰবল ইচ্ছাশক্তিৰে কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়া কামটো আগবঢ়াৰ লগে লগে প্ৰতিঘণ্টাতে তেওঁৰ শক্তি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে৷ কামটোৰ সফল সমাপ্তিৰ পাছত মনটো ভৰি উঠে বিমল আনন্দৰে৷ এই আনন্দৰ কাৰণ দুটা বুলি ব্যাখ্যা কৰিছে৷ প্ৰথমটো হ’ল এই যে আপুনি অৱসাদৰ ওচৰত নতি স্বীকাৰ নকৰি তাক জয় কৰিব পাৰিলে৷ দ্বিতীয়তে, কামটো সম্পূৰ্ণ কৰি আপুনি বিবেক দংশনৰ পৰা মুক্তি পোৱাৰ উপৰি সময়ৰ সদ্ব্যৱহাৰ কৰাৰ আনন্দখিনি পালে৷’

ইংৰাজ সাহিত্যৰ বুৰঞ্জীত অতি বিখ্যাত ব্যক্তিসকলৰ ভিতৰত এজন হ’ল ড॰ ছেমুৱেল জনছন৷ তেওঁৰ জীৱিকাৰ প্ৰধান সঁজুলি আছিল তেওঁৰ কলম৷ প্ৰথমতে তেওঁৰ অৱস্থা কিছু সচ্ছল আছিল যদিও এনে এটা সময় আছিল যেতিয়া প্ৰতিদিনে কিবা নহয় কিবা এটা নিলিখিলে তেওঁৰ চৰুৰ তললৈ জুই নোযোৱা অৱস্থা হৈছিল৷ অথচ লিখিবলৈ তেওঁ উৎসাহ অনুভৱ কৰা নাছিল, পুৱা শুই উঠি লিখাৰ কথা মনলৈ অহাৰ লগে লগে তেওঁৰ সৰ্বশৰীৰ অসাৰ হৈ পৰি অৱসাদে তেওঁক গ্ৰাস কৰি ধৰিছিল৷ নিজৰ নিৰ্দিষ্ট চকীখনত জঠৰ হৈ বহি তেওঁৰ ক্লান্ত চকু দুটাই সন্মুখৰ বেৰত ওলোমাই ৰখা ঘড়ীটোৰ পিনে চাই মিনিট আৰু ছেকেণ্ডৰ কাটা দুডালৰ পাৰ্থক্য ধৰিব নোৱাৰিছিল৷ কিন্তু, এবাৰ লিখিবলৈ আৰম্ভ কৰাৰ পাছত লেখাটো আগবঢ়াৰ লগে লগে তেওঁৰ দেহ-মন সঞ্জীৱিত হৈ উঠিছিল৷ আৰু এনেদৰে কিছু সময়ৰ পাছত তেওঁ ক্লান্তি আৰু অৱসাদ সমূলি পাহৰি পেলাইছিল৷ চিন্তাৰ উত্তেজনাই আৰু লেখাৰ আনন্দই তেওঁক দিছিল এক নতুন শক্তি৷ 

১৯১২ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা এলেক্সিছ কেৰেলে বহু বছৰৰ আগতেই তেওঁৰ ‘মেন, দ্য আননোন’ নামৰ বিখ্যাত কিতাপখনত এনেদৰে লিখিছে– ‘কাম তথা পৰিশ্ৰমে সকলো শাৰীৰিক আৰু মানসিক কৰ্মদক্ষতা বৃদ্ধি কৰে৷ পেশীবোৰে যিমানেই কাম কৰে, সিমানেই সেইবোৰ বেছি শক্তিশালী হয়৷ শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ দৰেই বুদ্ধি আৰু নৈতিক চেতনাও পৰিশ্ৰমৰ অভাৱত মৃতপ্ৰায় হয়৷ ব্যক্তিৰ সৰ্বাধিক বিকাশৰ কাৰণে যিটো বস্তু আটাইতকৈ দৰকাৰী, সেইটো হৈছে অবিৰাম কৰ্মব্যস্ততা৷ প্ৰধানকৈ বৌদ্ধিক আৰু নৈতিক অনুশাসনৰ সহায়তে মানুহে নিজক পুনৰ নিৰ্মাণ কৰিব পাৰে৷’

এটা সুখী পৰিপূৰ্ণ জীৱনৰ কাৰণে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা-দীক্ষা, প্ৰেম আৰু বন্ধুত্বৰ যিমান প্ৰয়োজন, ঠিক সিমানেই প্ৰয়োজন শাৰীৰিক পৰিশ্ৰমৰ৷