Logo
Logo
image

ৰক্তচাপ নিয়ন্ত্ৰণ, হজম শক্তি বঢ়োৱাত মহৌষধৰ কাম কৰে গুড়ে

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ একাংশ লোক আছে যিসকলক মধ্যাহ্ন ভোজনেই হওক বা নিশাৰ আহাৰে হওক খোৱাৰ শেষত মিঠাই লাগিবই৷ কিছুমানে পায়স বা  ক্ষীৰ ভোজনৰ শেষত ৰাখে৷ একো নাথাকিলে অৱশেষত গুড়ৰ টুকুৰাৰে হ’লেও মুখ মিঠা কৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে এই গুড়ৰ আছে অজস্ৰ গুণ৷ শীতকালত দুপৰীয়াৰ সাজ বা নিশাৰ সাজৰ শেষত নিতৌ গুড় চবালে বছৰটোৰ বাবে সুস্থ হৈ থাকিব পৰা যায়৷ উল্লেখ্য যে ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুড়ে মহৌষধৰ কাম কৰে৷ সেয়ে উচ্ছ ৰক্তচাপত ভোগাসকলে গুড় খোৱাটো দৰকাৰ৷ কোষ্ঠ-কাঠিন্য আঁতৰ কৰাৰ ক্ষেত্ৰতো গুড়ৰ ভূমিকা আছে৷ গুড়ত থকা জিংক আৰু চেলেনিয়ামে তেজ পৰিষ্কাৰ কৰে৷ সেয়ে আয়ুৰ্বেদ শাস্ত্ৰত নিতৌ পুৱা গুড়ৰ সৈতে হালধি খাবলৈ কোৱা হয়৷ পানীলগা, জ্বৰ-কাহ কমোৱাৰ ক্ষেত্ৰতো গুড়ে কাম কৰে৷ কুহুমীয়া পানীৰ সৈতে গুড় মিহলাই খালে কাহ-চৰ্দীৰ পৰা নিৰাময় লাভ কৰিব পাৰি৷ হাওফাওঁ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে গুড়ে৷ যিসকলৰ এজমা, ব্ৰংকাইটিছ বা নিউম’নিয়াৰ সমস্যা আছে তেওঁলোকে গুড় ব্যৱহাৰ কৰিব পাৰে৷ ৰক্তহীনতাত ভোগাসকলেও গুড় ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰে৷ বাত বিষৰ ক্ষেত্ৰতো গুড় উপকাৰী৷ বগা তিলৰ সৈতে গুড় মিহলাই তাত সামান্য ঘিউ সানি খালে বাত বিষৰপৰা নিৰাময় লাভ কৰিব পাৰি৷ অৱশ্যে মধুমেহ ৰোগত ভোগাসকলে গুড় ব্যৱহাৰৰ পৰা আঁতৰি থাকক৷