Logo
Logo
image

মাজুলীৰ ক’ভিড কোৱাৰেন্টাইন চেণ্টাৰত মাৰপিট

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ ক’ভিড সংক্ৰমণে ভয়াবহ ৰূপ লোৱাৰ সময়তে মাজুলীত সংঘটিত হ’ল আন এক অনাকাংক্ষিত পৰিস্থিতিৰ। বুধবাৰে নিশা ক’ভিড ৰোগীক আহাৰ দিবলৈ যাওঁতে বেয়া খাদ্য দিয়াৰ অভিযোগ তুলি আহাৰ যোগান ধৰা তিনিগৰাকী কৰ্মচাৰীক মাৰপিট কৰে ক’ভিড ৰোগীয়ে। এই অভিযোগ তুলিছে ভুক্তভোগী তিনি কৰ্মচাৰীয়ে। এই ঘটনাটো সংঘটিত হৈছে মাজুলীৰ গড়মূৰ পিতাম্বৰদেৱ হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত। ঘটনা মতে, নিশা কেন্দ্ৰটোত ৰাতিৰ আহাৰ দিবলৈ গৈছিল ধৰ্মেন্দ পায়েঙৰ লগতে আন দুজন। তেনেতে খাদ্যৰ মানদণ্ড বেয়া বুলি কেন্দ্ৰটোত থকা কেইজনমান ক’ভিড ৰোগীয়ে তেওঁলোকক গালি গালাজৰ লগতে মাৰধৰ কৰে। আনকি কেন্দ্ৰটোৰ গেটত তলা লগাই তিনিওকে আবদ্ধ কৰি ৰাখি বেয়া ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই ঘটনাৰ উচিত তদন্ত বিচাৰি গড়মূৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ভুক্তভোগী তিনি কৰ্মচাৰীয়ে।